ডিজিটেল ডেস্কঃ বন্ধুৰ জন্মদিনৰ অনুষ্ঠানলৈ গৈছিল ১৭ বছৰীয়া এগৰাকী ছাত্ৰী। চিনাকি বন্ধুৰ জন্মদিনৰ পাৰ্টীলৈ ধৰ্ষকৰ আগমন ঘটিব সেয়া কল্পনাও কৰিব পৰা নাছিল তেওঁ। কিন্তু শেষত সেয়াই হ’ল।
অনুষ্ঠান চলি থকাৰ মাজতে কাষৰ এটি ঘৰত বন্দী কৰি ৪ জন যুৱকে মিলি ওৰেতো নিশা দলৱদ্ধ ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক। কেৱল সিমানেই নহয়, পাল পাতি ধৰ্ষণ কৰি তাৰ ভিডিঅ’ ৰেকৰ্ডিঙো কৰি ৰাখে লম্পটকেইটাই। অভিশপ্ত নিশাৰ বিষয়ে অইনৰ আগত মুখ খুলিলেই ভিডিঅ’ ক্লিপিং ইণ্টাৰনেটত এৰি দিয়া হ’ব বুলিও লম্পটকেইটাই ভাবুকি প্ৰদান কৰে।
লোমহৰ্ষক এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ খাম্মান চহৰত। এখন বেচৰকাৰী কেলজত উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ছাত্ৰীগৰাকীয়ে যোৱা দেওবাৰে এজন বন্ধুৰ জন্মদিনৰ অনুষ্ঠানলৈ গৈছিল। তাতেই ধৰ্ষণৰ বলি হয় ছাত্ৰীগৰাকী। পিছদিনা পুৱাই খাম্মান থানাত এজাহাৰ দাখিল কৰে ভূক্তভোগী ছাত্ৰীগৰাকীয়ে।
আৰক্ষীক দিয়া ভাষ্যত ছাত্ৰীগৰাকীয়ে কয়, 'জন্মদিনত সকলোৱে ব্যস্ত হৈ থকা সময়তে সিহঁত ৪টাই মোক কাষৰ এটা ঘৰলৈ জোৰকৈ টানি লৈ যায়। তাতেই সিহঁতে পাল পাতি মোৰ ওপৰত জপিয়াই পৰে। মোৰ সকলো খুলি দি ভিডিঅ’ ৰেকৰ্ডিং কৰি ৰাখিছে। এই কথা অইনক ক’লে মোৰ নেকেড ভিডিঅ’ ইণ্টাৰনেটত এৰি দিম বুলি ভাবুকি দিছে।’
আটাইকেইটা লম্পটকে নিৰ্যাতিতা যুৱতীগৰাকীয়ে চিনাক্ত কৰিবলৈ সমৰ্থ হৈছে বুলি জানিবলৈ দিছে খাম্মান আৰক্ষীয়ে। চাৰি লম্পটৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে আৰক্ষীয়ে। ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰৰো ব্যৱস্থা কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
• Source: Times Now •