ডিজিটেল ডেস্কঃ বহু বাদ বিবাদৰ অন্তত বিশিষ্ট অভিনেতা অনুপম খেৰে পুনে স্থিত ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়াৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত হয়। সোমবাৰে ৰাতিপুৱা ভাগত এফ টি আই আইত উপস্থিত হৈ দায়িত্ব ভাৰ গ্ৰহণ কৰি লয় অভিনেতা গৰাকীয়ে।
প্ৰাক্তন চেয়াৰমেন গজেন্দ্ৰ চৌহানৰ স্থান লয় অনুপম খেৰে। গজেন্দ্রৰ নিযুক্তি আৰু কাৰ্যকালৰ সময়ত বহুতো বিবাদৰ মাজত সোমাই পৰিছিল এফ টি আই আই।
নব্য নিযুক্ত চেয়াৰমেন অনুপম খেৰে নিজৰ পদত অধিষ্ঠিত হৈয়ে ইনষ্টিটিউট খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সমস্যা সমূহৰো বুজ লয়। কাৰ্যকালৰ প্ৰথম দিনটোতেই ক্লাছো লয়, লগতে অভিনয়ৰ ক্ষেত্ৰৰ লগত জড়িত কিছু নতুন কথা অৱগত কৰে অভিনেতা গৰাকীয়ে।
অনুপম খেৰৰ নিযুক্তিৰ খবৰ পাইয়ে এফ টি আই আইৰ ছাত্ৰ-ছাত্ৰীসকলে এখন মুকলি চিঠি লিখি তাত ইনষ্টিটিউটখনৰ সমস্যা সমূহ দৰ্শাই তেওঁলৈ প্ৰেৰণ কৰে।