গুৱাহাটীঃ ক্ৰমাৎ বৃদ্ধি পাইছে ৰেলযোগে অবৈধ সা-সামগ্ৰীৰ সৰবৰাহ। বিশেষকৈ মাদক দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত ৰাজ্যখনত ৰেলপথৰ ব্যৱহাৰ বিগত সময়ছোৱাত অধিক হোৱা পৰিলক্ষিত হৈছে।

ইয়াৰ মাজতে সময়ে সময়ে আৰ পি এফ আৰু জি আৰ পিয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী তথা মাদকদ্ৰব্য জব্দ কৰি আহিছে যদিও আজি পৰ্যন্ত চক্ৰটোৰ মূল নায়কসকলক জালত পেলাবলৈ সক্ষম হোৱা নাই৷ এনে সময়তে পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য৷

প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে পুৱা প্ৰায় ৭.৩০ বজাত গুৱাহাটীৰ পল্টন বজাৰস্থিত চৰকাৰী ৰেল আৰক্ষীয়ে নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পানী টেংকীত তালাচী চলাই প্ৰায় ৭০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে৷ গুৱাহাটী ৰেল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে লামডিং জি আৰ পিৰ বিশেষ তথ্যৰ ভিত্তিত নামনিমুৱা কামৰূপ এক্সপ্ৰেছত তালাচী চলোৱাৰ সময়তেই ৰেলখনৰ পানী টেংকীৰ পৰা বৃহৎ পৰিমাণৰ উক্ত গাঞ্জাখিনি জব্দ কৰা হয়৷

এনেদৰে পানী টেংকীত গাঞ্জা উদ্ধাৰ হোৱাত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰী। কিয়নো বিভাগটোৰ কৰ্মচাৰীৰ লগত গোপন বুজাবুজি অবিহনে ৰেলৰ পানীৰ টেংকীত গাঞ্জা লুকুৱাই প্ৰায় অসম্ভৱ। 

এই সন্দৰ্ভত তিনিচুকীয়া ৰেল সংমণ্ডলৰ জেষ্ঠ মেকানিকেল অভিযন্তা উৎপল শৰ্মাই newsnextone.comৰ আগত কয় যে যিকোনো এখন ৰেলৰ পানীৰ টেংকীত পানী পূৰণ কৰাৰ দায়িত্ব বিভিন্ন পক্ষৰ হাতত থাকে৷ ইয়াৰে কিছু ঠিকাভিত্তিক শ্ৰমিকক দিয়া হয়৷ এখন ৰেলক আৰ পি এফে কেৱল ছয় ঘন্টাৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰাৰ দায়িত্ব দিয়ে ৰেলৰ সংশ্লিষ্ট মেকানিকেল বিভাগক৷

বিভাগটোৱে উক্ত সময় ছোৱাত সংশ্লিষ্ট ৰেলখনৰ ছীল কৰি পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ কৰি আৰ পি এফক ৰেলখন গতাই দিয়ে৷ তেনে ক্ষেত্ৰত উক্ত সময়ছোৱাত ৰেলৰ পানী টেংকীত গাঞ্জা সৰবৰাহ কৰাটো কোনোপধ্যে সম্ভৱপৰ নহয় বুলি অভিযন্তাই শৰ্মাই দাবী কৰে৷

অৱশ্যে নামনি মুৱা এই ৰেলসমূহ মূলত মৰিয়নী, খটখটী আৰু লামডিং ষ্টেচনত কিছু সময়ৰ বাবে ৰখোৱা হয়৷ ৰেল ৰখোৱাৰ সময়ত উক্ত ষ্টেশ্য়নসমূহতেই সৰবৰাহকাৰী চক্ৰটোৱে এনে দুস্কাৰ্য সংঘটিত কৰি অহাৰ সন্দেহ কৰা হৈছে ৷

এই সৰবৰাহকাৰী চক্ৰটোৰ সৈতে  বিভাগটোৰ ভালেসংখ্যাক উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীয়ো জড়িত হৈ থকাৰ আশংকা ব্যক্ত কৰিছে সচেতন মহলে। আনকি আৰ পি এফেও গোপন বুজাবুজিৰে এনেদৰে অবৈধভাৱে বিভিন্ন সামগ্ৰীৰ সৰবৰাহত সহযোগিতা আগবঢ়াই অহাৰ অভিযোগ উত্থাপিত হৈছে।