livemint
livemint

ডিজিটেল ডেক্সঃ নিৰ্বাচনত জয়ী হৈ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছৰে পৰা নৰেন্দ্ৰ মোডীয়ে সভাই সমিতিয়ে বিভিন্ন আঁচনিৰ লগতে দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ ওপৰতো মন্তব্য আগবঢ়াই আহিছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতত এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ পোষকতা কৰি আহিছে৷

এক নিৰ্বাচনৰ পোষকতা কৰি ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচন আৰু দেশৰ লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ কথা কৈ আহিছে৷ ইয়াৰ ফলত দেশখনত অৰ্থৰ ৰাহি হোৱাৰ লগতে ৰাজ্যসমূহৰ কৰ্মচাৰীক নিৰ্বাচন আয়োগে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব নালাগিব বুলি ধাৰণা ব্যক্ত কৰি আহিছে মোডীয়ে৷

সোমবাৰে সন্ধিয়া মোডীয়ে পুনৰ এই কথাকে দোহাৰাৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দেও বাজেট অভিভাষণত নিৰ্বাচন একেলগে হ’ব লাগে বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছতে সকলোৱে ভাবিবলৈ বাধ্য হৈছে নোট বন্দী আৰু জিএছটিৰ দৰে হঠাৎ মোডীয়ে বিধান সভা আৰু লোকসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈ চৰকাৰ ভংগ কৰিব পাৰে৷ চলিত বছৰৰ শেষৰ ফালে কেইবাখনো ৰাজ্যৰ বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷

ৰাজ্য সমূহৰ নিৰ্বাচনৰ সৈতে সোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা নথকা নহয় বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ যাৰ ফলত লোকসভা নিৰ্বাচন সময়তকৈ পূৰ্বে অনুষ্ঠিত কৰাৰ বাবে চৰকাৰ ভংগ হোৱাৰ সম্ভাৱনাই দেখা দিছে। ৰাজ্যৰ সমূহৰ নিৰ্বাচনৰ সৈতে একেলগে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিলে মোডী চৰকাৰ শীঘ্ৰে ভংগ হোৱাৰ আশংকা কৰা হৈছে৷ ১০ খন ৰাজ্যৰ বিধান সভা নিৰ্বাচন আৰু দেশৰ লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।