একে ঘৰতে বাস কৰা সম্পৰ্কীয় ককায়েকে হত্যা কৰিছে ডিম্পলক

ডিজিটেল ডেস্ক,২ চেপ্টেম্বৰঃঅৱশেষত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ উজান বজাৰৰ নৃশংস কিশোৰী  হত্যাকাৰী।অষ্টম শ্ৰেণীৰ কিশোৰী ডিম্পলক হত্যা কৰিছিল নিজৰে জেঠায়েকৰ পুতেকে। অৱশেষত সম্পৰ্কীয় ককায়েকজনে এই কথা নিজ মুখেই স্বীকাৰ কৰিলে আৰক্ষীৰ আগত।

ঘটনাৰ বিৱৰণী মতে প্ৰথমে সম্পৰ্কীয় দাদাকজনে কিশোৰীগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল সম্পৰ্কীয় ককায়েকজন।কাজিয়াই ইমানে তীব্ৰ ৰূপ ধাৰণ কৰিলে যে খঙৰ ভমকত কুকাৰ, পটাগুটি আৰু ছুৰীৰে আঘাত কৰে ডিম্পলক ৷ ছুৰিকাঘাত কৰি ডিম্পলৰ মোবাইল ফোনটো লৈ সেই স্থানৰ পৰা পলায়ন কৰে যুৱকজনে ৷ আজি বাৰোৱাৰীৰ এজন বন্ধুৰ ঘৰত লুকুৱাই থোৱা মোবাইলটো উদ্ধাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে, আৰক্ষীয়ে উজানবজাৰৰ ঘটনাত এই পৰ্যন্ত তিনিজনক আটক কৰিছ৷তাৰে মাজৰ ডিম্পলৰ সম্পৰ্কীয় ককায়েকে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে। আন দুজনৰ এজন কিশোৰীগৰাকীৰ ভাড়াতীয়া ঘৰৰ চুবুৰীয়া আৰু তৃতীয়জন হত্যাকাৰী ককায়েকৰ বন্ধু।আচৰিত কথাটো হ’ল হত্যাকাৰী সম্পৰ্কীয় ককায়েকে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰাৰ প্ৰায় এমাহৰ পৰা  বাস কৰি আছিল দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে ৷ আন দিনাৰ দৰে সেইদিনাও কিশোৰী ডিম্পলৰ লগত ককায়েক ঘৰতেই আছিল৷

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি উপ আয়ুক্ত ৰাজবীৰ সিঙে কয়, "আমি তেওঁক জিম্মাত লৈছো। তেওঁ মৃত ডিম্পলৰ সম্পৰ্কীয় ককায়েক।জেৰাৰ সময়ত, ল’ৰাজনে স্বীকাৰ কৰিছে যে তেওঁ ডিম্পলক এক বিবাদৰ বাবে হত্যা কৰিছিল। পিছত, অভিযুক্তজনে তাইৰ মোবাইল ফোনৰ পৰা চিম কাৰ্ডখন আঁতৰাই বাৰোৱাৰী অঞ্চলত থকা তেওঁৰ বন্ধুৰ ঘৰত লুকুৱাই ৰাখিছিল।"

আৰক্ষী উপ আয়ুক্ত জনে জনায় যে "উপৰ্যুপৰি কৰা আহতৰ ফলত ডিম্পল এটা সময়ত যেতিয়া অজ্ঞান হৈ পৰিছিল তেতিয়া ল’ৰাজনে তাইক চুৰিকাঘাত কৰিছিল পিঠিত।"

ইতিমধ্যে, হত্যাকাৰী ককায়েকজনক লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত ৩০৩/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে বুলি জনায় উপ আয়ুক্ত গৰাকীয়ে৷