newsnextone.com | গুৱাহাটীঃ ছচিয়েল মিডিয়াত এটি বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে বিভিন্ন অপমানসূচক-আপত্তিজনক পোষ্ট দি পৰিবেশ বিনষ্ট কৰিব বিচৰাৰ অভিযোগ উত্থাপন গৈছে৷ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে এটি জনগোষ্ঠীৰ বিৰুদ্ধে পোষ্ট দি অহাত পৰিবেশ অইন দিশে গতি কৰা পৰিলক্ষিত হৈছে৷ 

তাৰ মাজতে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষৰ গুৱাহাটী মহানগৰ সমিতিয়ে এক বিবৃতি যোগে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷
বিবৃতি যোগে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নুৰুল হকে উৰাবাতৰিৰ ভিত্তিতে এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰি একাংশ উন্মাদ লোকে মৰেল পুলিচ হৈ দেশৰ সাংবিধান-আইন-আদালতক উপেক্ষা কৰা বুলি মন্তব্য আগবঢ়ায়৷

হকে বৰ্বৰ ভাবে বিনা দোষত দুজনকৈ যুৱকক নৃশংসতাৰে হত্যা কৰা ঘটনাই ৰাজ্য চৰকাৰৰ আইন শৃংখলা ব্যৱস্থা প্ৰহসনত পৰিণত কৰা বুলি ক্ষোভ উজাৰে৷ অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাকাৰীক অনতিপলমে দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনায়। প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই এনে দূৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি নুৰুল হকে অভিযোগ উত্থাপন কৰে৷

ছ’চিয়েল মিডিয়া যোগে একাংশ লোকে সামাজিক বিষবাষ্প বিয়পোৱা কাৰ্যক সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে তীব্ৰ ভাষাৰে নিন্দা কৰি সকলকো আইনৰ আওতাত আনি উচিত বিচাৰৰ দাবী জনায়। যি সময়ত অসমৰ জাতি-জনগোষ্ঠীসমূহ এক হৈ জাতিৰ অস্তিত্ব ৰক্ষাৰ্থে সংগ্ৰাম কৰি গৈছে সেই সময়তে কিছুদিন ধৰি ফেচবুক, হোৱাটছএপ যোগে উত্তেজনা, ঘৃণা বিয়পায় অস্থিৰ কৰিব বিচাৰি বুলি ক্ষোভ প্ৰকাশ কৰি সংগঠনটোৱে৷

প্ৰশাসনে এনে বিষয়ত আগৰেপৰাই গুৰুত্ব নিদিয়াটো এক ৰহস্যকৰ বিষয় বুলিও কয় সংগঠনটোৱে৷ সংগঠনটোৰ মহানগৰ সমিতিৰ সভাপতি ৰাজীৱ চৌধুৰী আৰু সম্পাদক সুৰজ খানে ৰাইজক দুষ্টচক্ৰটোৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ হৈ সাৱধনতা অৱলম্বন কৰি শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ বিনম্ৰ অনুৰোধ জনায়৷ ঘটনাৰ প্ৰতিবাদ জনাই সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে হাতীগাঁওস্থিত কাৰ্যালয়ৰ সন্মুখত মম জ্বলাই দুই যুৱকৰ আত্মাৰ সদ্গতি কমানাৰে কৰাৰ লগতে মানবতাক লজ্জানত কাৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দুই যুৱকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।