newsnextone,com | গুৱাহাটীঃ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে গৰিয়া-মৰিয়া-দেশীৰ জনগোষ্ঠীৰ লোকৰ সুকীয়া জৰীপ, বিশেষ সাংবিধানিক সুৰক্ষা প্ৰদান আৰু ৰাজ্যত দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনাই চৰকাৰক৷ মঙলবাৰে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে চৰকাৰক এখন স্মাৰক পত্ৰ প্ৰদান কৰি ৰাজ্যত বসবাস কৰি অহা থলুৱা ইছলামধৰ্মীসকলৰ সুকীয়া জৰীপ কৰাৰ দাবী উত্থাপন কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে৷

সংগঠনটোৱে কয় যে বৃটিছে অসম দখল কৰাৰ দিনৰে পৰা সেইসময়ৰ পূৰ্ববংগ এতিয়াৰ বাংলাদেৰ পৰা অসমভূমিলৈ প্ৰব্ৰজন হৈ অহা লাখ লাখ  প্ৰব্ৰজনকাৰীৰ আগ্ৰাসনত অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া গৰিয়া-মৰিয়া-দেশীসকল সকলো ফালৰ পৰা বিপৰ্যয়ৰ সন্মুখিন হৈ আহিছে৷

সংখ্যাতগৰিষ্ঠ হৈ পৰা ইছলাম ধৰ্মালম্বী প্ৰব্ৰজনকাৰীসকলৰ সৈতে ধৰ্মীয় একাকীকৰণৰ ষড়যন্ত্ৰৰ ফলস্বৰূপে গৰিয়া-মৰিয়া-দেশীসকল অসমত গুৰুত্বহীন সংখ্যালঘু হোৱাই নহয়, খিলঞ্জীয়াৰ আনুষ্ঠানিক পৰিচয়ৰ পৰাও বঞ্চিত হৈছে। ভয়ানকভাবে বহিৰাগতৰ জনসংখ্যা বৃদ্ধি পোৱাত গৰিয়া-মৰিয়া-দেশীসকল ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশত অধিকাৰৰ পৰা বঞ্চিত হৈছে। 

বিজেপিয়ে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত গৰিয়া-মৰিয়া-দেশীসকলৰ বাবে সুকীয়া জৰীপ, অৰ্থনৈতিক পেকেজ আদি কেইবাটাও বিষয় সন্নিৱিষ্ট কৰিছিল। কিন্তু দলটো শাসনলৈ অহাৰ পাছতো দুৰ্ভাগ্যজনক ভাবে আজিলৈ গৰিয়া-মৰিয়া-দেশী সন্দৰ্ভত কোনো ব্যৱস্থা লোৱা দেখা পোৱা নগ’ল বুলি কয় সংগঠনটোৱে৷ 

সাতামপুৰুষিয়া ধৰ্মনিৰেপক্ষ সংস্কৃতিৰে পৰিপূৰ্ণ মহান অসমীয়া জাতি বিভিন্ন জাতি-উপজাতি, জনগোষ্ঠীয় ঐক্য সংহতিৰে মহিমামণ্ডিত, যত স্ব-ধৰ্মীয় মোগলৰ বিৰূদ্ধে শৰাইঘাটৰ ৰণত বীৰ লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীয়ে দেশ আৰু জাতিৰ স্বাৰ্থত হাতত হেংদাং তুলি লৈছিল। কোচ হাজো ৰণত ফটে খাঁও তাৰ ব্যতিক্ৰম নাছিল। 

অসমৰ খিলঞ্জীয়া বংশোদ্ভৱ গৰিয়া, মৰিয়া আৰু দেশীসকলৰ দেশ আৰু জাতিপ্ৰেমৰ এনে গৌৰৱজ্বল ইতিহাস থকাৰ পাছতো স্বাধীন ভাৰতবৰ্ষত এইসকল লোকক সৌ সিদিনাখন অহা লোকৰ সৈতে ধৰ্মীয় ভাবে একাকাৰ কৰি এই লোকসকলৰ স্বাভিমানত আঘাট হনা হল। খিলঞ্জীয়া লোকৰ পৰা ধৰ্মান্তৰিত হোৱা স্বত্বেও ধৰ্মীয় পৰিচয়ৰে এই সকললোকক স্বগোষ্ঠীয় মূলৰ লোকৰ পৰা আতৰাই ৰখাৰ ষড়যন্ত্ৰ ৰচা হল৷ যিটোৱে অসমীয়া জাতি দুৰ্বল কৰাৰ উপৰিও ভাৰতীয় অখণ্ডতাৰ প্ৰতিও ভাবুকি আনিব পাৰে। 

সম্পূৰ্ণ খিলঞ্জীয়া সমাজ সংস্কৃতিৰে পৰিপূৰ্ণ গৰিয়া-মৰিয়া, পাংগাল, জোলহা, মাইমেল, আৰু কাছাৰী জনগোষ্ঠীক ধৰ্মীয় পৰিচয়ৰে নহয়, গৰিয়া-মৰিয়া, পাংগাল, জোলহা, মাইমেল, আৰু কাছাৰী জনগোষ্ঠী হিচাবে এক সুকীয়া জৰীপৰ জৰিয়তে চিনাক্তকৰণ আৰু সেই একেটা পৰিচয়ৰে বিশেষ সাংবিধানক সুৰক্ষা প্ৰদান তথা খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসমত দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায় সংগঠনটোৰ মহানগৰ জিলা সমিতিয়ে। শীঘ্ৰে যথা বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰক দাবী জনায়। অন্যথাই গণতান্ত্ৰিক আন্দোলনৰ পথ লবলৈ বাধ্য হম বুলি হুংকাৰ দিয়ে সংগঠনটোৱে৷