গোৰেশ্বৰঃ নিখিল ভাৰত কৃষক সভাৰ বাগসা জিলাৰ গোৰেশ্বৰ, পূব গোৰেশ্বৰ, মহৰিপাৰা, পূব ডেফেলী, কাউৰবাহা আৰু মহৰিপাৰা পশ্চিম আঞ্চলিক সমিতিৰ কৃষক সভাই গভীৰ উদ্বেগেৰে প্ৰকাশ কৰে যে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰা কৃষক ৰাইজৰ দুখ-দৰ্দশা, সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কৃষিনীতি, ভূমিনীতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহে কৃষিজীৱী জনতাক সকাহ দিয়াৰ সলনি আতংকিতহে কৰি তুলিছে।

বিজেপি মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যত ব্যাপক কৃষক উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। অসমৰ বিভিন্ন প্ৰান্তত ৰে’লৰ মাটি, খাচ মাটি, পিজিআৰ, ভিজিআৰ, বনাঞ্চল আদিৰ মাটিত বহু বছৰ ধৰি বসবাস কৰি থকা হাজাৰ হাজাৰ পৰিয়ালক হয় উচ্ছেদ কৰা হৈছে নতুবা উচ্ছেদৰ জাননী দিয়া হৈছে। পূৰ্বৰ চৰকাৰৰ দৰে বৰ্তমানৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনেও যে মাটিৰ পট্টা দিব তাৰ কোনো নিশ্চয়তা নাই।

কৃষকে কপালৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰে যদিও ন্যায্য মূল্য আজিও পোৱা নাই। জলসিঞ্চনৰ ব্যৱস্থা আজিও সুচল হৈ নুঠিল। তথাপি দুখীয়া কৃষকৰ ওপৰত অধিক মাটিৰ খাজনা জাপি দিব বিচৰা হৈছে। এই অন্যায় আৰু চৰকাৰৰ অবিচাৰৰ বাবে আজি বাগসা জিলাৰ গোৰেশ্বৰত উক্ত আটাইকেইটা সংগঠনে বিক্ষোভ সমাবেশৰ জৰিয়তে মনৰ ক্ষোভ প্ৰকাশ কৰে।

গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত আজি এই উপলক্ষে শতাধিক প্ৰতিবাদী জনতাই উপস্থিত হৈ চৰকাৰৰ জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবী প্ৰতিবাদ সাব্যস্ত কৰে। দিনৰ প্ৰায় বাৰ বজাত চক্ৰ বিষয়া কাৰ্যালয়ত সমৱেত হৈ বিভিন্ন শ্লোগান দিয়াৰ লগতে চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

৯টা দাবীসম্বলিত স্মাৰক-পত্ৰত বিকল্প ব্যৱস্থা অবিহনে উচ্ছেদ কাৰ্য বন্ধ কৰা, মাটিৰ বৰ্ধিত খাজানা প্ৰত্যাহাৰ কৰা, দখলীকৃত মাটিৰ পট্টা দিয়া, কৃষকৰ উৎপাদিত ফচলৰ ন্যায্য মূল্য প্ৰদান কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, গ্ৰামাঞ্চলৰ পানী যোগান আঁচনি কাৰ্যক্ষম কৰি খোৱাপানীৰ সুব্যৱস্থা কৰা, শুক্লাই জলসিঞ্চনৰ যোগেৰে কৃষকৰ খেতিপথাৰত পানী যোগান ধৰা, ৰঙিয়া-গোৰেশ্বৰ, গোৰেশ্বৰ -খৈৰাবাৰী, চাৰিআলি-নাগ্ৰীজুলি-ৰামগাঁও পথ শীঘ্রে মেৰামতি কৰি সুচল কৰা, বৰঘুলি-গোৰেশ্বৰ-মহৰিপাৰা-নাওকাটাত থকা চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক, নাৰ্ছ আৰু ঔষধৰ ব্যৱস্থা কৰা আদি দাবী উত্থাপন কৰা হৈছে।