নগাঁওঃ নগাঁও জিলা পৰিষদত সংঘটিত হৈছে এক আজৱ কাণ্ড৷ কাম শেষ হ'লেও চকী এৰিব নিবিচাৰে কাৰ্যালয়টোৰ এজন কৰ্মচাৰীয়ে। দায়িত্বৰ কেতিয়াবাই অন্ত পৰিছে যদিও এতিয়াও চকীখনতে বহি থাকে এইগৰাকী আজৱ কৰ্মচাৰীয়ে।

বিগত বৰ্ষৰ নৱেম্বৰ মাহতে কাৰ্যকালৰ অন্ত পৰাৰ পিছতো এতিয়াও কাৰ্যালয়ৰ চকী এৰিবলৈ মন নকৰা নগাঁও জিলা পৰিষদৰ এইজন ক্ষমতালোভী কৰ্মচাৰী হৈছে আজিজুৰ ৰহমান। কাৰ্যালয়টোত উচ্চবৰ্গৰ সহায়ক হিচাপে কৰ্মৰত আছিল ৰহমান।

স্থানীয় লোকসকলে উত্থাপন কৰা অভিযোগ অনুযায়ী কাৰ্যকাল অন্ত পৰাৰ পিছতো পূৰ্বৰ দৰেই নগাঁও জিলা পৰিষদৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ফাইল আৰু নথি-পত্ৰ অবৈধভাৱে চোৱা-চিতা কৰি আহিছে ক্ষমতালোভী এই কৰ্মচাৰীজনে।

পৰিষদৰ একাধিক দুৰ্নীতি আৰু অনিয়মত লিপ্ত থকাৰ লগতে গাঁও পঞ্চায়তৰ সচিবৰ ৰদ-বদলৰ নামটো কমিচনৰ মুকলি বেহা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এইজন উচ্চবৰ্গৰ সহায়কৰ বিৰুদ্ধে ৷

ইফালে, এই সমগ্ৰ বিষয়টোত নগাঁও জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ শৰ্মাৰ ভূমিকাকলৈও সন্দেহৰ আঙুলি টোৱাইছে সচেতন মহলে ৷ উল্লেখ্য যে, নগাঁও জিলা পৰিষদে অৱসৰৰ পিছতে পুনৰ তিনি মাহৰ বাবে কৰ্মচাৰীজনক অস্থায়ীভাৱে কাম চলাই যাবলৈ দায়িত্ব অৰ্পণ কৰিছিল।

কিন্তু এই সময়সীমা উকলি যোৱাৰ আঢ়ৈ মাহ হোৱাৰ পিছতো কাৰ্যালয়টোত সদম্ভে পূৰ্বৰ দৰেই দপদপাই আছে আজিজুৰ ৰহমান নামৰ এইজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে ৷

চাকৰি গ'লেও চকীৰ মোহ নেৰা এনে এক নাভূত-নাশ্ৰুত কাণ্ডই এতিয়া সমগ্ৰ জিলাখনতে ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷ এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ উৰ্ধ্বতন কৰ্তৃপক্ষক শীঘ্ৰে এটি সঠিক পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে জিলাখনৰ সচেতন মহলে ৷