দিছপুৰঃ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে এখন সম্পূৰ্ণৰূপে নিৰ্বাচনমুখী বাজেট। বাজেট বিশ্লেষকসকলৰ মতে এইবাৰৰ বাজেটত উজনি অসমত চাহ জনগোষ্ঠীসকলৰ ভোটৰ জৰিয়তে অঞ্চলটোত দেখা দিয়া 'কা’ বিৰোধী আন্দোলনৰ প্ৰভাৱৰ পৰা নিৰ্বাচনৰ সময়ত যাতে মুক্ত হ’ব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত জনগোষ্ঠীটোৰ বাবে একাধিক আঁচনি ঘোষণা কৰিছে চৰকাৰে।
নিৰ্বাচনৰ পূৰ্বে প্ৰায় প্ৰতিখন চৰকাৰে এনেদৰে নিৰ্বাচনক উদ্দেশ্য কৰিয়েই দাখিল কৰি আহিছে বাজেট। সেয়া হ’লেও ইয়াৰ পূৰ্বৰ বাজেটসমূহক লৈ কিমান দায়িত্বশীল আছিল সৰ্বানন্দ সোণোৱাল চৰকাৰ? বিগত দুটা বৰ্ষৰ বাজেটক একাষৰীয়া কৰি থৈ ২০১৭-১৮ বৰ্ষৰ বাজেটলৈ চালেই সেয়া স্পষ্ট হৈ পৰে। এইবাৰৰ বাজেটৰ দৰেকৈ ২০১৭-১৮ বৰ্ষৰ বাজেটতো নাছিল কোনোধৰণৰ নতুন কৰৰ প্ৰস্তাৱ। আহকচোন ২০১৭-১৮ বৰ্ষত একেগৰাকী বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটৰ কি কি আজিও কেৱল ঘোষণা হৈয়ে ৰ’ল সেই সম্পৰ্কে কিছু আভাস লও।
১। ৱাই-ফাই থকা জিলা নহ'ল মাজুলী
২০১৭-১৮ৰ বাজেটত তথ্য প্ৰযুক্তি বিভাগলৈ ৭৮ কোটি টকা আৱণ্টন দিয়াৰ প্ৰস্তাৱ লোৱা হৈছিল। এই ধনেৰে সকলো ক্ষেত্ৰতে ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তনত গুৰুত্ব আৰোপ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলী ৱাই-ফাই থকা জিলাত পৰিণত হ’ব বুলি জনাইছিল বিত্তমন্ত্ৰীগৰাকীয়ে। প্ৰকৃতাৰ্থত মাজুলী ৱাই-ফাই থকা জিলালৈ পৰিণত হ’ল নে নাই সেই সম্পৰ্কে জানিবলৈ যোগাযোগ কৰাত সকলোৱে একমুখে কয় যে ঘোষণা ঘোষণা হৈয়ে আছে।
'মাজুলীৰ লোকে মোবাইলৰ হটস্পটৰ কথা নজনা নহয়, জানে। বহুতে নাজানিলেও ল’ৰা-ছোৱালীৰ মুখেৰে হ’লেও হটস্পট ৱাই-ফাইৰ কথা শুনিছে। কিন্তু চৰকাৰে সেইবাৰৰ বাজেটত ঘোষণা কৰা ৱাই-ফাই কাণতে পিন্ধে নে খায় সেয়া একেবাৰেই নাজানে। চৰকাৰী অফিচবোৰতো ইণ্টাৰনেট সংযোগ তেনেই তথৈবচ। মাজুলীক ৱাই-ফাই থকা জিলা কৰা হ’ব বুলি সেইবাৰ যি ঘোষণা কৰিছিল সেই কথাটো মনত পৰিলে এতিয়া কান্দিমেই নে হাঁহিম যেনহে লাগে।’-এইদৰে কয় মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ কেবাজনো লোকে।
২। পেন্সন সম্পৰ্কীয় বিবাদৰ নিষ্পত্তি নহ'ল
সেইবাৰৰ বাজেটৰ এটা উল্লেখযোগ্য ঘোষণা আছিল পেন্সন সম্পৰ্কীয় ঘোষণা। বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে ২০১৮ৰ ভিতৰত পেন্সন সম্পৰ্কীয় সকলো বিবাদ নিষ্পত্তি কৰা হ’ব৷ কিন্তু বৰ্তমানো পেন্সন সম্পৰ্কীয় একাধিক বিবাদ নিষ্পত্তি হ’বলৈ বাকী থকাৰ লগতে নিতৌ নতুন নতুন বিবাদৰো সূত্ৰপাত হৈয়ে আছে।
'আমি পেঞ্চন অফিচলৈ তাঁত বাতি কাঢ়িয়েই আছো। দেউতা হিন্দী শিক্ষক আছিল। দেউতাৰ অৱসৰ লোৱা বহুদিনেই হ’ল। পিছত দেউতাই কেইবছৰমান পূৰ্বে আমাক এৰি গ’ল। তাৰ পিছত নিয়মমতে মাৰ নামত পেঞ্চন হ’ব লাগে। সকলো কাগজ-পত্ৰ আমি জমা দিলো। কিন্তু আজিলৈকে একো নহ’ল। উপায় নাপাই দালালো ধৰিলো। পিছে আজিও হোৱাহে নাই আৰু। এতিয়া কি হয় ভগৱানেহে জানে।’-এই মন্তব্য নগাঁৱৰ কামপুৰ অঞ্চলৰ নয়নমণি নামৰ এজন যুৱকৰ।
৩। আজিও উচুপে কলঙে
কলঙক পুনৰ উজ্জীৱিত কৰাৰ বাবে ১০ কোটি আৱণ্টন দিয়াৰ কথা ঘোষণা কৰিছিল ২০১৭-১৮ৰ বাজেটত। পিছে আজিলৈকে উজ্জীৱিত হৈ নুঠিল নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈ। ২০১৭ চনত যিধৰণে কলং মৃতপ্ৰায় হৈ বৈ আছিল আজিও ঠিক একেধৰণেই বৈ আছে কবি দেৱকান্ত বৰুৱাৰ কবিতাৰে মূৰ্তমান হৈ থকা এসময়ৰ নান্দনিক কলং।
News Next Oneৰ নগাঁৱৰ স্বেচ্ছাসেৱক প্ৰতিনিধিয়ে জনোৱা মতে কলঙত বিগত দুই বছৰত কিছু কাম হৈছে যদিও সেয়া নৈখন উজ্জীৱিতকৰণৰ বাবে যথেষ্ট বুলিব নোৱাৰি। একাংশ স্থানীয় লোকৰ উধৃতিৰে তেওঁ কয়, 'স্থানীয় লোকসকলে কলঙখনক কবি দেৱকান্ত বৰুৱাৰ দিনৰ কংল হিচাপে পুনৰাই চাব বিচাৰে। ২০১৭-১৮ৰ বাজেটত ১০ কোটি আৱণ্টন কৰিব বুলি ঘোষণা কৰা শুনিবলৈ পাই নগঞা ৰাইজ উৎফুল্লিত হৈ পৰিছিল। পিছে দুই এটা খনন ৰোধৰ কামৰ বাদে চকুত লগা কোনোধৰণৰ কাম হোৱা নাই বুলিয়েই মত প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। কলিয়াবৰৰ দিশে খনন ৰোধৰ বাবে জিঅ’ টিউব ব্যৱহাৰ কৰাৰ কথাও আমি জানিব পাৰিছো। কিন্তু উজ্জীৱিতকৰণ বুলিলে যি বুজা যায় সেয়া কলঙৰ ক্ষেত্ৰত নগাঁৱৰ ৰাইজে দেখা নাই বুলিয়েই আমাক জনাইছে।’
৪। সেউজীয়া হ'লনে কংক্ৰীটৰ গুৱাহাটী?
গুৱাহাটী সেউজীকৰণৰ বাবে সেইবাৰৰ বাজেটত ধাৰ্য কৰা হৈছিল ৫ কোটি টকা। কিন্তু ২০১৭ চনত গুৱাহাটীত গছ-গছনিৰ সংখ্যা যিমান আছিল বৰ্তমানো সেই একেধৰণেই থকা দেখা গৈছে। এই সন্দৰ্ভত নাম প্ৰকাশত অনিচ্ছুক এগৰাকী পৰিৱেশ কৰ্মীয়ে কয়, '২০১৭ চনত গুৱাহাটী সেইজীকৰণৰ বাবে ৫ কোটি ধাৰ্য কৰাৰ কথা শুনিছিলো। কিন্তু বৰ্তমানৰ গুৱাহাটীলৈ চালে ৫ কোটি কিয় ১ কোটি টকাও সেউজীকৰণত খৰছ হোৱাৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাযায়। অৱশ্যে কাগজে-কলমে যদি কৰিছে নাজানো। এই লৈ আমি আৰটিআই কৰিছো। আৰটিআইৰ উত্তৰ পালেই সবিশেষ জনাব পাৰিম।’
৫। খানাপাৰাত ক্ষুদ্ৰ আন্তঃৰাজ্যিক বাছ আস্থান ৩ বছৰেও নহ'ল
উজনি অসমৰ যাত্ৰীসকলৰ সুবিধাৰ্থে খানাপাৰাত ক্ষুদ্ৰ আন্তঃৰাজ্যিক বাছ আস্থান স্থাপন আছিল ২০১৭-১৮ বৰ্ষৰ বাজেটৰ আন এক উল্লেখনীয় ঘোষণা। কিন্তু ৩ বছৰ উকলি যোৱাৰ পিছতো খানাপাৰাখন ৫ বছৰ পূৰ্বৰ খানাপাৰা হৈয়ে আছে। ফলত উজনি অসমৰ যাত্ৰীসকলে আজিও খানাপাৰাত বিপদজনকভাৱেই বাছত উঠা-নমা কৰি আছে।
৬। ৭৫০ খন বাগিছাত ৰংগমঞ্চ স্থাপন হ'লনে?
২০১৭-১৮ বৰ্ষৰৰ বাজেটত চাহ বাগিছাসমূহক লৈ কেবাটাও ঘোষণা কৰিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বছৰ বাগৰিল যদিও উক্ত ঘোষণাসমূহ ঘোষণা হৈয়ে থাকিল। উক্ত ঘোষণাসমূহ আছিল অসম চাহ নিগমৰ বাগিছাসমূহ পুনৰউজ্জীৱিত কৰা, ৭৫০ খন চাহ বাগিছাত ৰংগমঞ্চ স্থাপন আৰু চাহ বাগিছাৰ ক্ৰীড়া প্ৰতিভাক আগবঢ়াই নিবৰ বাবে উক্ত অঞ্চলত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ যো-জা৷ বাস্তৱত কিন্তু এই ঘোষণাৰ এটাও কাৰ্যকৰী হোৱা নাই বুলিহে দাবী কৰিছে চাহ বাগিছাসমূহত কৰ্মৰত লোকসকলে।
৭। দাবী কৰাৰ দৰেকৈ নিয়মীয়া নহ'ল কৰ্মচাৰীৰ দৰমহা
সেইবাৰৰ বাজেটত পুঁজিৰ সমস্যা দূৰ হ’ব বুলি দাবী কৰিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্লেন-নন প্লেনৰ ব্যৱস্থা প্ৰত্যহাৰৰ জৰিয়তে বৈষম্যমূলক ব্যৱস্থা দূৰ কৰাৰ ফলত প্ৰতিজন কৰ্মচাৰীয়ে নিয়মীয়াকৈ দৰমহা লাভ কৰিব বুলি ২০১৭-১৮ৰ বাজেটত স্পষ্টকৈ ঘোষণা কৰিছিল মন্ত্ৰীগৰাকীয়ে। কিন্তু বাস্তৱত দেখা গ’ল তাৰ এখন ওলোটা ছবি। বিগত সময়ছোৱাতো কেবাটাও বিভাগৰ কৰ্মচাৰীয়ে নিয়মীয়াকৈ লাভ নকৰিলে দৰমহা। আনকি কিছুদিন পূৰ্বে বিধায়কসকলেই নিয়মীয়াকৈ দৰমহা নোপোৱাৰ ফলত সন্মুখীন হোৱা অসুবিধাৰ কথা সবিস্তাৰে প্ৰকাশ পাইছিল ৰাজ্যৰ সংবাদ মাধ্যমত।
৮। জীৱন দায়িনী দৰৱৰ বাবে আজিও হাহাকাৰ
জীৱন দায়িনী দৰৱৰ সংখ্যা বৃদ্ধি কৰি চৰকাৰী চিকিৎসালয়সমূহত পূৰ্বৰ ২০০ৰ পৰিৱৰ্তে ৪০৭ বিধ দৰৱ বিনামূলীয়াকৈ উপলব্ধ কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল ২০১৭-১৮ বৰ্ষৰ বাজেটত। পিছে আজিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে প্ৰায়বোৰ চৰকাৰী চিকিৎসালয়তে উপলব্ধ নহয় জীৱন দায়িনী একাধিক দৰৱ।
৯। ক'লৈ গ'ল ২০১৭ৰ কৃত্ৰিম বানৰ ৪০ কোটি?
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে উক্ত বাজেটত ৪০ কোটি ধাৰ্য কৰিছিল চৰকাৰে। কেৱল ২০১৭তেই নহয়, ইয়াৰ পূৰ্বেও প্ৰায় প্ৰতিখন বাজেটতে পূৰ্বৰ চৰকাৰসমূহেও গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে ধন ধাৰ্য কৰি আহিছে। পৰিতাপৰ কথা এয়ে যে ইমান ধন ধাৰ্য কৰা সত্বেও আজিও কৃত্ৰিম বানপানীমুক্ত নহ’ল গুৱাহাটী মহানগৰী।
'৪০ কোটি কিয়, ৪০০০ কোটি ঘোষণা কৰিলেও এইবোৰ মন্ত্ৰীয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰে। আচলতে সদিচ্ছা নাই তেওঁলোকৰ। বাজেটত ধন ধাৰ্য কৰি সকলো নিজৰ পকেটত ভৰোৱাৰ ধান্দা। আপোনালোকেই চাওক, দুদিন আগতে ফাগুনমহীয়া বৰষুণ হ’ল আৰু গোটেই চানমাৰি পানীৰে উপচি পৰিল। ক’ত গ’ল ৪০ কোটি? ৪০ কোটি নালাগে ৪ কোটি ভালকৈ খৰছ কৰিলেই চাগে গুৱাহাটীত আৰু কৃত্ৰিম বানপানীত আমি ককবকাই থাকিবলগীয়া নহ’ব।’-চানমাৰিৰ এজন পাচলি ব্যৱসায়ীৰ ক্ষোভ।
১০। আৰু বহুত ঘোষণা পাহৰণিৰ গৰ্ভত
২০১৭-১৮ৰ বাজেটত কৰা আন কেবাটাও উল্লেখযোগ্য ঘোষণাসমূহৰ অন্যতম আছিল জালুকবাৰীত ‘তীখৰ’ৰ নামত টুইন পাৰ্ক স্থাপন, গণ শিল্পী খগেন মহন্তৰ সমাধিস্থল আটকধুনীয়াকৈ সজাবলৈ ধনৰ আৱণ্টন দিয়া, গুৱহাটীক বৃহৎ গতিশীল মহানগৰ হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ, এক মিনিটো বিদ্যুৎ কৰ্তন নোহোৱাত গুৰুত্ব প্ৰদান, সকলো সংস্কৃত শিক্ষকৰ পদ পূৰণ আদি। কিন্তু এইবোৰ ঘোষণাৰ প্ৰায়বোৰেই বৰ্তমানো কেৱল ঘোষণা হৈয়ে জাহ গৈছে পাহৰণিৰ অটল গৰ্ভত।