প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ এবছৰ সম্পূৰ্ণ কৰিলে জিএছটিয়ে৷ সকলোতকৈ বেছি কৰি দিয়াৰ ব্যৱস্থাৰ এটা বছৰ পাৰ কৰিলে ভাৰতীয়ই৷ শনিবাৰে বৰ্ষপূৰ্তি জিএছটিৰ৷ বিগত বছৰৰ ১ জুনত জিএছটি কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত ৰূপায়ন কৰিছিল৷ ১৭ বিধ পৰোক্ষ কৰ ব্যৱস্থাক উঠাই দি একক কৰ ব্যৱস্থা কৰে কেন্দ্ৰীয় চৰকাৰে৷ ৰাজ্য সমূহৰ পৰা কৰ সংগ্ৰহৰ ব্যৱস্থাক একপ্ৰকাৰ নোহোৱা কৰা হয়৷ সেয়েহে কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ১ জুন তাৰিখটো ‘জিএছটি দিৱস’ হিচাপে পালন কৰিব৷

ইউপিএৰ চৰকাৰৰ কালত তথা মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ কালত বিজেপিয়ে তীব্ৰ বিৰোধিতা কৰিছিল জিএছটিৰ৷ বিজেপিয়ে কেন্দ্ৰৰ শাসনলৈ অহাৰ পিছত জিএছটি আইনত পৰিণত কৰি কাৰ্যকৰী কৰে৷ ইউপিএৰ কাৰ্যকালত বিজেপিয়ে বিৰোধীতা কৰাৰ বাবেই কংগ্ৰেছে জিএছটি ৰূপায়ন কৰিব পৰা নাছিল৷

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জিএছটি কাৰ্যকৰী কৰাৰ এবছৰ সম্পূৰ্ণ কৰিলে৷ চৰকাৰে ইয়াকে লৈ এবছৰীয়া উৎসৱ পালন কৰিব ওলাইছে যদিও দেশৰ সাধাৰণ নাগৰিকে হয়তো আজিলৈ বুজি উঠা নাই কি এয়া জিএছটি? সাধাৰণ নাগৰিকৰ লগতে বৃহৎ সংখ্যাক ব্যৱসায়ীয়ে বুজি পোৱা নাই জিএছটি প্ৰকৃততে কি? জিএছটি এক অবুজ সাঁথৰ হৈ থাকিল বহুতৰে বাবে৷ জিএছটিক বুজি পোৱাটো সাধাৰণ মানুহৰ বাবে বহু জটিল হৈ পৰিছে৷ 

মানুহে সাধাৰণ কৰ ব্যৱস্থাৰ সৈতে জড়িত হৈ অভ্যস্ত হৈ পৰাৰ ফলতেই জিএছটিৰ দৰে ধাৰণাক আকোৱালি ল’ব পৰা নাই৷ জিএছটিক কৰ ব্যৱস্থাক কেইবাটাও ব্যৱস্থাক আকোৱালি লোৱাৰ ফলতেই জটিল হৈ পৰা বুলি সময়ে সময়ে চৰ্চা হৈছে৷ 

বিগত বৰ্ষত চৰকাৰে যেতিয়া জিএছটি আৰম্ভ কৰিছিল তেতিয়া বহু ডাঙৰ সমস্যাই দেখা দিছিল ক্ষুদ্ৰ ব্যৱসায়ীৰ ক্ষেত্ৰত৷ সাধাৰণ ব্যৱসায়ীয়ে জিএছটিৰ বাবে চৰকাৰক দেখুওৱাব লগীয়া হিচাপ-সমূহ তন্নতন্নকৈ ৰাখিব লগা হয়৷ যাৰ ফলত ক্ষুদ্ৰ ব্যৱসাত কৰা লোকসকলে কেনেদৰে ইমান হিচাপ ৰাখিব আৰু হিচাপ কৰোতে ইমান সময় কেনেকৈ দিব তাকে লৈ চিন্তিত হৈ পৰিছিল ব্যৱসায়ী৷ বিক্ৰী আৰু মজুত সকলোৰে হিচাপ চৰকাৰক দিব লগা হয়৷ প্ৰতি মাহত জিএছটিৰ অধিনত কৰ দিব লগা হয়৷ যাৰ বাবে সাধাৰণ একোগৰাকী ব্যৱসায়ীৰ বাবে জটিল হৈ পৰে৷

প্ৰথমাৱস্থাক ৫০ বিধ সামগ্ৰীত ২৮ শতাংশ জিএছটি বলৱৎ কৰা হৈছিল৷ যাৰ বাবে ব্যৱসায়ী নাৰাজ হৈ পৰিছিল৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি ৫০ বিধ সামগ্ৰীৰ মূল্য হঠাৎ বৃদ্ধি হৈছিল আৰু বিক্ৰী কমি গৈছিল৷ ইতিমধ্যে ২৮ শতাংশ জিএছটিয়ে দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে৷ এনে কৰ লোৱাৰ ব্যৱস্থা চৰকাৰে বন্ধ কৰিব লাগে বুলিও দাবী উত্থাপন হৈ আহিছে৷ জিএছটিৰ ব্যৱস্থাক অধিক সহজ কৰাৰো প্ৰয়োজন আছে৷