ডিজিটেল ডেস্কঃ GSTৰ বিৰুদ্ধে ব্যাপক সমালোচনা-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ৰাজহ সংগ্ৰহত ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ৰাজহ সংগ্ৰহত ইতিহাত সৃষ্টি কৰে GST-এ৷ ৰাজহ ভাল দিশে আৰম্ভণি ভাল নহলেও লাহে লাহে যোগাত্মক দিশে আগবাঢ়িছে GST৷

২০১৭ বৰ্ষৰ শেষৰ ফালে GST-এ ৰাজহ সংগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে৷ চৰকাৰৰ তথ্য মতে, যোৱাটো ডিচেম্বৰ মাহৰ পৰা এতিয়ালৈ ৮৬,৭০৩ কোটি টকা GSTৰ জৰিয়তে ভাৰত চৰকাৰে ৰাজহ লাভ কৰিছে৷ যোৱাটো ডিচেম্বৰ মাহৰ পৰা চলিত বৰ্ষৰ ২৪ জানুৱাৰীলৈ চৰকাৰে লাভ কৰিছে ৮৬,৭০৩ কোটি টকা। বৃহস্পতিবাৰে এটি টুইট কৰে এই কথা দেশবাসীক অৱগত কৰে বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে৷

দেশৰ সাধাৰণ বাজেটৰ পূৰ্বে অনুষ্ঠিত হৈ যোৱা GSTৰ ২৫ সংখ্যক বাজেটত ২৯ বিধ পণ্য সামগ্ৰী আৰু আন আন ৫৩ বিধ সামগ্ৰীৰ GST কম কৰি দিয়া হয়৷ চেপ্তেম্বৰ মাহত ৯২,১৫০ কোটি, অক্টোবৰ ৮৩,০০০ কোটি, নৱেম্বৰ ৮০,৮০৮ কোটি টকা GSTৰ বাবদ ৰাজহ আহে চৰকাৰৰ ঘৰলৈ৷ পুনৰ GSTৰ গ্রাফ উৰ্দ্ধমুখী হোৱা বুলি জানিব পৰা যায়৷ ২৪ জানুৱাৰী লৈকে GSTৰ অধিনত কৰ দিয়া লোক ১ কোটিলৈ বৃদ্ধি হৈছে৷