ডিজিটেল ডেস্কঃ আজি নিশা বাৰ বজাৰ লগে লগে দেশত কাৰ্যকৰী হ’ব এক দেশ এক কৰ- জিএছটি। সামগ্ৰী আৰু সেৱাকৰ চমুকৈ জিএছটি স্বাধীন ভাৰতৰ সৰ্ববৃহৎ কৰ সংশোধনী বুলি চৰ্চিত হৈ অহাৰ সময়তে এই বিষয়টোক লৈ সকলো মহলতে খুদুৱনিৰ সৃষ্টি হৈছে।
দেশৰ অৰ্থনীতিত ইয়াৰ অৰিহণা কেনে হ’ব, কিহৰ দাম কমিব-বাঢ়িব, দৈনন্দিন জীৱনত প্ৰভাৱ কেনে হ’ব আদি সকলো বিষয় সামৰি থোৰতে জিএছটিৰ বিষয়েঃ
পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’ব জিএছটি। সংসদ ভৱনৰ চেণ্ট্ৰেল হলত চলিছে ইয়াক আদৰাৰ প্ৰস্তুতি। উপস্থিত থাকিব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, উপৰাষ্ট্ৰপতি হামিদ আনসাৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিত্তমন্ত্ৰী অৰুণ জেটলীকে ধৰি মন্ত্ৰীসভাৰ সদস্যসমূহ।
বিশেষ আমন্ত্ৰণ জনোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু এইচ ডি দেৱগৌড়াক। ৰাজ্যসমুহৰ মুখ্যমন্ত্ৰীসমূহকো আমন্ত্ৰণ জনোৱা হৈছে।
দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলকো আমন্ত্ৰণ জনোৱা হৈছে আজিৰ এই বৈঠকত। নিশা ১২ বজালৈকে চলিবলগীয়া বৈঠকত জিএছটি পৰিষদৰ সদস্যকে ধৰি আমোলাও উপস্থিত থাকিব। জিএছটিৰ বিভিন্ন দিশক লৈ আলোচনা হ’ব এই বৈঠকত।
জিএছটি কি? এই কৌতুহল সকলোৰে মনত। জিএছটি হৈছে সেৱা আৰু সামগ্ৰীৰ ওপৰত নিৰ্ধাৰিত কৰ। দেশৰ চৈধ্যটা কৰ, চেচ, আৰু চাৰচাৰ্জ বজাৰৰপৰা নাইকিয়া হ’ব জিএছটি কাৰ্যকৰী হোৱাৰ পিছতে।
কেন্দ্ৰীয় চৰকাৰৰপৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰলৈ যিমানবোৰ কৰ আছিল, আটাইবোৰ জিএছটিৰ অধীনত এক সুসংঘৱদ্ধ কৰ প্ৰণালীত সোমাই পৰিব।
তিনিধৰণে জিএছটি কাৰ্যকৰী কৰা হ’বঃ
- কেন্দ্ৰীয় জিএছটি
- ৰাজ্যিক জিএছটি
- সংহত জিএছটি অৰ্থাৎ ওপৰৰ দুয়োটাৰে যোগফল।
জিএছটিৰ বাবে কৰাব লাগিব পঞ্জীয়ন। যি ৰাজ্যত উৎপাদন কৰা হয়, সেই ৰাজ্যতে পঞ্জীয়ন কৰা হ’ব। তাৰ বাবে প্ৰয়োজন হ’ব পান কাৰ্ড। লগত লাগিব সঠিক ইমেইল আইডি আৰু ফোন নম্বৰ।