newsnextone.com | ডিজিটেল ডেস্কঃ দলিত নেতা জীগনেছ মেৱানীয়ে কৰা এটি টুইটে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশজুৰি৷ এগৰাকী দলিত শ্ৰমিকক বৰ্বৰ ভাবে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰে জীগনেছ মেৱানীয়ে৷ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ৰাজকোটত৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ গুৰুত্ব সহকাৰে লৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ 

জানিব পৰা মতে, দেওবাৰে পুৱাই ৰাজকোটৰ উদ্যোগিক এলেকাত মুকেশ চাবজী বনিয়া নামৰ লোকজনে পত্নীৰ সৈতে পেলেনীয়া সামগ্ৰী বুটলিবলৈ গৈছিল৷ চেপাৰ বেৰাবল নামৰ উদ্যোগটোৰ ভিতৰত একাংশ লোকে মুকেশক পত্নীৰ সন্মুখতে এডাল ৰচীৰে বান্ধি লোৰ ৰডেৰে কোবাবলৈ আৰম্ভ কৰে৷ পত্নীকো মাৰধৰ কৰি তাৰ পৰা উলিয়াই দিয়ে যদিও স্বামীক আৱদ্ধ কৰে লোককেইজনে৷ তাৰ পিছতে এডাল ৰচীৰে বান্ধি লোৰ ৰডেৰে কোবাই কোবাই হত্যা কৰে মুকেশক৷      

পিছত একাংশ লোকে লোকগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰে৷ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ ইতিমধ্যে চছিয়েল মিডিয়াত এই ভিডি’অ ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টোত দুজন লোকে লোৰ ৰডেৰে বৰ্বৰ ভাবে আক্ৰমণ কৰি থকা দেখা যায়৷ এগৰাকী লোকে মানুহগৰাকীক পেটত বান্ধি গেটত ধৰি ৰাখে৷ ইতিমধ্যে হত্যাৰ গোচৰৰ তদন্ত কৰি দুজন লোকক আটক কৰে৷ মুকেশৰ পত্নীয়ে ন্যায় বিচাৰি আহ্বান কৰিছে প্ৰশাসনক৷