গুৱাহাটঃ উত্তৰ পূৱৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণৰ পৰিকল্পনা কৰা বুলি প্ৰচাৰ হোৱাৰ পিছৰে পৰা মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অসমৰ ৰাজধানী গুৱাহাটী মহানগৰীত অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুযায়ী উগ্ৰপন্থীয়ে আক্ৰমণ সংঘটিত কৰিব পাৰে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ভয়াবহ কূটাঘাতৰ পৰিকল্পনা ৰচনা কৰিছে বাংলাদেশী সন্ত্ৰাসবাদী আৰু NSCN(IM)ৰ দুৰ্ধৰ্ষ কেডাৰে। এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ পিছতেই মহানগৰীৰ বিভিন্ন ঠাইত অৰ্ধসামৰিক বাহিনী, অসম আৰক্ষীয়ে পহৰা দি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে উঠিপৰি লাগিছে৷
সন্ত্ৰাসবাদীয়ে ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰা বুলি প্ৰচাৰ হোৱাত আৰু উগ্ৰপন্থীয়ে মহানগৰীত বাহৰ পাতিছে বুলি চোৰাংচোৱাৰ হাতত তথ্য পৰা বুলি প্ৰকাশ হোৱাৰ পিছতে চিন্তাত দিন পাৰ কৰিছে নাগৰিকে।
সমগ্ৰ গুৱাহাটীত হাই এলাৰ্ট ঘোষণা কৰিছে আৰক্ষীয়ে৷ হোটেল, লজ, ৰেষ্টুৰেন্ট, তথা বিভিন্ন সন্দেহজনক ঠাইত দৃষ্টি ৰাখিছে মহানগৰ আৰক্ষীয়ে৷ মহানগৰ আৰক্ষী সকলো মুহূৰ্তত সজাগ হৈ থকা বুলিও জানিব পৰা গৈছে৷