ডিজিটেল ডেস্কঃ বিদ্যালয়ৰ সমুখত গ্ৰেনেড বিষ্ফোৰণ হৈ আহত প্ৰায় ৩০ গৰাকী ছাত্রী। সোমবাৰে বিয়লি পশ্চিমবংগৰ হলদিবাড়ি গার্লচ বিদ্যালয়ত ঘটে এই ঘটনা৷ ইয়াৰ পিছতেই সম্পুৰ্ণ এলেকাতেই বৃদ্ধি পায় উত্তেজনা৷ উগ্ৰমুৰ্তী ধাৰণ কৰা জনতাৰ ৰোষত আক্রান্ত হয় আৰক্ষীও।
জানিবলৈ পোৱা মতে, বিগত ১৫ নৱেম্বৰত হলদিবাড়ি টাউন ক্লাবৰ ভিতৰত এটি হেণ্ড গ্রেনেড উদ্ধাৰ হৈছিল। সেইটে প্ৰত্যক্ষ কৰিয়েই আৰক্ষীক খবৰ দিছিল স্থানিয় বাসিন্দা৷ ঘটনাস্থলিত উপস্থিত হৈ গ্রেনেডটি নিজৰ অধিনলৈ নিছিল আৰক্ষী। ইয়াৰ পিছতেই সোমবাৰে বিয়লি হলদিবাড়ি গার্লচ স্কুলৰ ওচৰত গ্রেনেডটি নিষ্ক্রিয় কৰে আৰক্ষীয়ে৷ সেই সময়তেই গ্রেনেডটিতে বিস্ফোৰণ ঘটে।
অন্যহাতে সেই সময়ত হলদিবাড়ি গার্লস স্কুলত পৰীক্ষা চলি আছিল। বিস্ফোৰণৰ তীব্র শব্দত ভয় খাই পলাবলৈ ধৰে ছাত্ৰী সকল। তাতেই আহত হয় কেইবাজনো। আহত ছাত্রীসকলক জলপাইগুড়ি সদৰ হাস্পাতালত পঠোৱা হৈছে।