ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্যত এতিয়া এতিয়া তিনি যুৱকৰ নাম ব্যাপক চৰ্চাত৷ অল্পেশ ঠাকুৰ, হাৰ্দিক পেটেল আৰু জিগনেছ মাৱানীৰ নাম ব্যাপক চৰ্চাত৷ গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিছে তিনি যুৱকে৷ ইতিমধ্যে অ’বিচি নেতা অল্পেশ ঠাকুৰে কংগ্ৰেছত যোগদান কৰিছে৷ হাৰ্দিক পেটেল আৰু জিগনেছ মাৱানী একপ্ৰকাৰ কংগ্ৰেছৰ পক্ষত থিয় দিছে৷
পেটেলৰ সংৰক্ষণ দাবীত প্ৰতিবাদ কৰি জনপ্ৰিয় হোৱা হাৰ্দিক পেটেলে নিৰ্বাচনত কংগ্ৰেছক সহায় কৰা পৰিলক্ষিত হৈছে৷ কগ্ৰেছক মুৰলি সমৰ্থন কৰিব নে এই সন্দৰ্ভত হাৰ্দিকে দুই এদিনৰ ভিতৰত আন্দোলনৰ সৈতে জড়িত আন আন সতীৰ্থৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সিন্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু সকেলো প্ৰস্তুতিত আউল লগালে দুটি ভিডিঅ’ই৷ গুজৰাট নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ বিজেপিৰ বাকযুদ্ধ, টুইট যুদ্ধ অব্যাহত থকাৰ মাজতে অশ্লীল ভিডিঅ’ ভাইৰেল হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গুজৰাটৰ ৰাজনীতিত।
ভাইৰেল হৈ পৰা ভিডিঅ’টোত গুজৰাটৰ পাতিদাৰ আন্দোলনৰ নেতা তথা আগন্তুক নিৰ্বাচনত বেজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ পক্ষত থিয় দিয়া হাৰ্দিক পেটেলক এগৰাকী যুৱতীৰ সৈতে দেখা পোৱা বুলি প্ৰচাৰ আৰম্ভ হৈছে। একাংশ লোকে 'ছেক্স ক্লিপ’ আখ্যা দিয়া ভিডিঅ’টো ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোত এগৰাকী যুৱক আৰু এগৰাকী অজ্ঞাত যুৱতীক দেখা গৈছে। যুৱক জনক হাৰ্দিক পেটেল বুলি প্ৰচাৰ হৈ আহিছে। ভিডিঅ’টো প্ৰচাৰ হোৱাৰ দুদিন পূৰ্বে হাৰ্দিক পেটেলে তেওৰ বিৰুদ্ধে অপপ্ৰচাৰ হ’ব বুলি কোৱাৰ লগতে এটি ছেক্স ভিডিঅ’ প্ৰকাশ হ’ব বুলি খোদ প্ৰকাশ কৰিছিল। হাৰ্দিকে কৈছিল "শীঘ্ৰে মোৰ ছেক্স চিডি ওলাব।
চাওক, উপভোগ কৰক"৷ ১৬ মে’ৰ নিশা ৰেকৰ্ড কৰা উল্লেখ আছে ভিডিঅ’টোত৷ একাংশ লোকে হাৰ্দিকক সমালোচনা কৰি পাটিল আন্দোলনৰ নেতা হাৰ্দিকৰ এয়াই প্ৰকৃত চেহেৰা বুলি কয়৷ হাৰ্দিকে টুইট কৰি কয় "এই ভিডিঅ’ তৈয়াৰি কৰা হৈছে৷ বিজেপিৰ এয়া নপুংসক ৰাজনীতি৷ মোক আক্ৰমণ কৰৰা বাবে ইমান তললৈ নামিছে তেওলোকে৷ মই এজন পুৰুষ৷ নপুংসক নহয়"৷ বিজেপিৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি হাৰ্দিকে কয় মোক বিজেপিয়ে ব্যক্তিগত জীৱনত আক্ৰমণ কৰিছে৷ ময়ো সিহতৰ চিডি উলিয়াম৷ মোৰ সন্মান হানি কৰিবলৈ কোটি কোটি টকা খৰচ কৰিছে৷ নপুংসক ৰাজনীতি আৰম্ভ কৰিছে তেওলোকে৷ ইয়াত মোৰ একো নাযায়৷ গুজৰাটৰ মহিলাক অপমান কৰিছে৷