কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলং আৰু মেঘালয়ৰ উত্তেজনাময় সীমান্তৱৰ্তী এলেকা পৰিদৰ্শন আৰু অঞ্চলটোৰ সীমা সমস্যাৰ বুজ ল’লে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেনছিং বে, বিধায়ক নোমল মুমিন আৰু প্ৰশাসনৰ লগতে কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলে। 

বিগত কেইবাদিনৰপৰা পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তত অব্যাহত আছে এক চেপা উত্তেজনা। উত্তেজনাময় এলেকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংসহ বিধায়ক ,সাংসদ আৰু প্ৰশাসনৰ লোকে সীমা পৰিদৰ্শন কৰিয়েই ৰংহাঙে ঘোষণা কৰে যে সীমা সমস্যা শীঘ্ৰে সমাধান কৰা হ’ব। সীমাত এতিয়া সীমান্ত উপ আৰক্ষী চকী নহয় এতিয়া সীমান্তত স্থাপন কৰা হ’ব এখন শক্তিশালী থানা।

আনহাতে, সাংসদ হৰেন বেয়ে কয় যে, পশ্চিম কাৰ্বি আংলংৰ ভূমিত মেঘালয় আগ্ৰাসন হৈছে যদিও অসমৰ এক ইঞ্চি ভূমিও এৰি দিয়া নহ’ব। লগতে কাৰ্বি আংলংৰ ভূমিত বসবাস কৰা খাচীসকল সীমা বিবাদকলৈ আতংকিত হোৱাৰ কাৰণ কোনো নাই বুলিও ব্যক্ত কৰে।

যোৱা ১১ জুনত জেৰিকীণ্ডিং আৰক্ষী থানাৰ অন্তৰ্গত উমখ্ৰীমি গাঁওত অসম আৰক্ষীৰ এটা সীমান্ত উপ-আৰক্ষী চকী (BOP) স্থাপন কৰিছিল পশ্চিম কাৰ্বি আংলং আৰক্ষী প্ৰশাসনে। কিন্তু অসমৰ ভূমিত স্থাপন কৰা সীমান্ত উপ আৰক্ষী চকী উঠাই দিবলৈ ওলাই আহিছিল মেঘালয়ৰ ৰাইজ আৰু প্ৰশাসন। সীমা নিৰ্ধাৰণ নোহোৱাকৈ সীমান্ত উপ আৰক্ষী চকী (BOP) স্থাপন কৰিব নিদিয়াৰ হুংকাৰ দিছিল মেঘালয়ৰ ৰাইজে। 

তাৰ পিছত সীমান্তত স্থাপন কৰা সীমান্ত উপ-আৰক্ষী চকী অসম আৰক্ষীয়ে ভাঙি-চিঙি উঠাই অনাক কেন্দ্র কৰি বৃহত্তৰ সীমান্তৱৰ্তী এলেকাত বিৰাজ কৰিছিল তীব্ৰ উত্তেজনা। আনকি ঘটনাক কেন্দ্ৰ কৰি সীমা সমস্যাৰ সমাধান, সীমান্ত উপ আৰক্ষী চকী স্থাপন আদিৰ দাবী তুলি পাহাৰীয়া জিলাখনত এটাৰ পিছত আনটোকৈ প্ৰতিবাদ সাব্যস্ত হৈছিল।