newsnextone.com | ডিজিটেল ডেস্কঃ কিউবাৰ এখন বিমান ১০৪ গৰাকী যাত্ৰী সহ ভূ-পতিত হোৱা দৰে কৰুণ ঘটনা সংঘটিত হৈছে৷ কিউবাৰ ৰাজধানী হাভানাৰ হোচ মাৰ্চি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণ আৰম্ভ কৰাৰ কিছু সময় পিছতে বিমান খন ভূ-পতিত হয়৷ 

বিবিচিৰ মতে, বিমান খনে ১০৪ গৰাকী যাত্ৰী সহ হাভানাৰ পৰা ওলগণলৈ উৰা মাৰিছিল৷ উৰণ আৰম্ভ কৰাৰ পিছতেই বিমান খন আকাশত বিস্ফোৰিত হয়৷ কলা ধোৱাই আকাশ আৱৰি ধৰে আৰি প্ৰকাণ্ড শব্দ কৰি ভূ-পতিত হয়৷ বহু লোকৰ মৃত্যু হৈছে যদিও এতিয়ালৈ কিমান গৰাকী লোকৰ মৃত্যু হৈছে সঠিক তথ্য পোহৰলৈ অহা নাই যদিও ১০০ গৰাকী লোক নিহত হোৱাৰ সন্দেহ কৰা হৈছে৷ দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই৷

কিউবাৰ বিমান সেৱা কিউবানাৰ ৭৩৭ এখন বিমান খনত ১০৪ গৰাকী যাত্ৰী সহ উৰণ আৰম্ভ কৰিছিল শুকুৰবাৰে৷ পেনৰমা বিমান কোম্পানীৰ পৰা ভাড়াত লৈ বিমান খন চলাইছিল কিউবানাই৷ ২৬ বছৰ পুৰণি আছিল বিমান খন৷