কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ শান্তিনগৰৰ ১নং ৱাৰ্ডৰ বাতৰি কাকত বিক্ৰেতা এগৰাকীক অঞ্চলটোৰে জলসিঞ্চন বিভাগৰ এগৰাকী তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীয়ে আজি দিন-দুপৰতে মাৰধৰ কৰাৰ লগতে বাতৰি কাকতসমূহ ফালি-ছিঙি পেলাই দি নগদ ধন লুট কৰি নিয়া ঘটনাক লৈ চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়াল বৰ্গই কোকৰাঝাৰ সদৰ থানাত দিয়া এজাহাৰত উল্লেখ কৰা মতে স্বামীহীনা লক্ষ্মী সৰকাৰ নামৰ মহিলা গৰাকীয়ে বহুবছৰ ধৰি শান্তিনগৰৰ গড়কাপ্তানি পথৰ দাতিত বাতৰি কাকত বিক্ৰী কৰাৰ সমান্তৰালভাৱে এখন পাণ দোকানো দি পৰিয়াল পোহপাল দি আহিছিল ৷
কিন্তু বিগত প্ৰায় ৫/৬ বছৰ ধৰি গোবিন্দ সৰকাৰ নামৰ চৰকাৰী কৰ্মচাৰী গৰাকীয়ে উক্ত স্থানত দোকান দিয়াৰ বাবদ মহিলা গৰাকীৰ পুত্ৰৰ লগতে মহিলা গৰাকীকো দাবী ধমকিৰে মাহিলি ৬০০ টকাকৈ গুণ্ডাটেক্স আদায় কৰি আহিছিল ৷
তদুপৰি ধুৰন্তৰ গোবিন্দ সৰকাৰ নামৰ কৰ্মচাৰী গৰাকীয়ে শেহতীয়াকৈ মাহেপ্ৰতি এহেজাৰ টকাকৈ গুণ্ডাটেক্স বিচাৰি দৰিদ্ৰ পৰিয়ালটোক হাৰাশাস্তি কৰি আহিছিল আৰু আজিও পুৱা ৯-৩০ বজাত গোবিন্দই গুণ্ডাটেক্স বিচাৰি গৈছিল ৷
সেই সময়তে বাতৰি কাকত বিক্ৰেতা লক্ষ্মী সৰকাৰৰ পুত্ৰ অজিত সৰকাৰ দোকানত উপস্থিত আছিল আৰু টকা দিবলৈ অমান্তি হোৱাত গোবিন্দ সৰকাৰ নামৰ কৰ্মচাৰী গৰাকীয়ে ফটা বাহৰে অজিতৰ মূৰত কোব মৰাত মূৰ ফালি হুৰহুৰে তেজ ওলাবলৈ ধৰাত ধুৰন্তৰ গোবিন্দই দোকানত থকা পচিশ শ টকা লৈ ঘটনাস্থলী ত্যাগ কৰে৷
ইপিনে অজিত সৰকাৰৰ মূৰ ফালি তেজেৰে লুতুৰি-পুতুৰি হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ প্ৰথমে থানালৈ লৈ আহি চিকিৎসাৰ বাবে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ আনহাতে দুৰ্ভগীয়া পৰিয়ালটোৱে আচামী গোবিন্দ সৰকাৰক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ৷ অন্যথা কোকৰাঝাৰ বাতৰি কাকত বিক্ৰেতা(হকাৰ) সন্থাই বাতৰি কাকত বিক্ৰী কৰাৰ পৰা বিৰত থাকিব বুলি সকীয়াই দিছে ৷