নগাঁওঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত স্বাস্থ্য বিভাগৰ পৰা দিয়া বেজীৰ উৰাবাতৰিৰ আতংকই বিৰাজ কৰিছে। আনকি বেজীৰ আতংকত জিলাখনৰ ভালেমান সংখ্যালঘু অধ্যুষিত অঞ্চলত ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যোৱা কমাই দিছে।
এনে সময়তে এক বিপৰীত ছবি দেখা গ'ল নগাঁৱৰ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যলয়ত। যোৱা মঙলবাৰে বিয়লি জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এক স্বাস্থ্য পৰীক্ষা শিবিৰ। স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় বালক স্বাস্থ্য আঁচনিৰ অধীনত বুঢ়াগোঁহাই থান প্ৰাথমিক স্বাস্থ্য কেন্দৰ পৰা অহা কেইবাগৰাকীও চিকিৎসকে চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্য পৰীক্ষা শিবিৰত বিভিন্ন ৰোগৰ পৰীক্ষা-নিৰীক্ষা কৰা হয়।
কেইবাটাও বিভাগৰ চিকিৎসকৰ উপস্থিতিত অনুষ্ঠিত স্বাস্থ্য শিবিৰত বিদ্যালয়খনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে স্বাস্থ্য পৰীক্ষা কৰায়। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া দৰৱো প্ৰদান কৰা হয়।
কালি অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰত চিকিৎসক ক্ৰমে ডাঃ পংকজ কুমাৰ বৰুৱা, ডাঃ জয়শ্ৰী পাঠক, ডাঃ কুমুদ বৰা, ডাঃ উৎপল হাজৰিকা, ডাঃ আবেদুৰ ৰাজেক আহমেদ, পল্লবিকা বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকীও স্বাস্থ্য বিভাগৰ কৰ্মচাৰী উপস্থিত থাকে।
ইপিনে উৰাবাতৰিত ভোল নগৈ স্বাস্থ্য পৰীক্ষা শিবিৰত ভাগ লোৱাৰ বাবে বিদ্যালয়খনৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ শলাগ লয় নগাঁও জিলা স্বাস্থ্য বিভাগে।