আন্দোলনত জপিয়াই পৰা বহু লোকে কেৱল 'শ্বহীদ' নাম হে পালে৷ যিসকলৰ নেতৃত্বত অসম আন্দোলন কৰি ৮৫৫গৰাকী তেজাল যুৱকৰ মৃত্যু হৈছিল তেওঁলোকৰ বিৰুদ্ধে আজি অসমীয়াই প্ৰতিবাদ কৰিব লগা হৈছে৷ যাৰ উত্তাল আহ্বানত ঘৰৰ পৰা ওলাই আহি ৰাজপথত ঢলি পৰিছিল ৮৫৫ গৰাকী লোক তেওঁলোক এতিয়া শাসনৰ গাদীত৷ ৰাজ্যৰ শাসনকৰ্ত্তা তেওঁলোক৷

গুৱাহাটীঃ সোমবাৰে আইৰ স্বাৰ্থত ওলাই আহিল অসমীয়া৷ জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থৰ কথা কৈ কেইজনমান মানুহে দিল্লীৰ ওচৰত অসমক বিক্ৰী কৰিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিল অসমীয়াই৷ ডেকা, বুঢ়া, আবাল, বৃদ্ধ, বনিতাই কলে আমি অসমক ৰক্ষা কৰিব লাগিব৷ 

যদি আমি অসমীয়া ভাষা, সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে তেন্তে অসমীয়া জাতি জীয়াই নাথাকিব৷ ৰাইজ কেৱল অসমী আইৰ স্বাৰ্থত ওলাই আহিল সোমবাৰে৷ একাংশৰ মতে, জাতি যদি জহন্নামে যায় যাওক কিন্তু ক্ষমতা আৰু টকা লাগে৷ জাতীৰ অস্তিত্বৰ কথা কৈ থকা একাংশ লোকে কেৱল জাতিদ্ৰোহীৰ পৰিচয় দি অসমক ধ্বংস কৰিব বিচাৰিছে৷ এই কথা আজি অসমীয়াই বুজি পাইছে৷ 

অসমীয়াই আকো সেই দিন বোৰলৈ মনত পেলাইছে৷ অসমৰ ডেকাই ১৯৮৩ত বিদেশী বহিস্কাৰ আন্দোলন জপিয়াই পৰিছিল নিজ মাতৃভূমিৰ হকে৷ আত্ম বলিদান দিবলগীয়া হৈছিল শ-শ অসমৰ তেজাল যুৱকে৷ তেজাল যুৱকৰ তপত তেজেৰে ৰাঙলী হৈছিল অসম মাতৃভূমি৷ যিসকলৰ অকাল অথচ সকৰুণ মৃত্যুয়ে কাঢ়ি নিলে কাৰোবাৰ শিৰৰ সেন্দুৰ, কোনো মাতৃৰ বুকু খালি হৈ ৰ’ল৷

আন্দোলনত জপিয়াই পৰা বহু লোকে কেৱল 'শ্বহীদ' নাম হে পালে৷ যিসকলৰ নেতৃত্বত অসম আন্দোলন কৰি ৮৫৫গৰাকী তেজাল যুৱকৰ মৃত্যু হৈছিল তেওঁলোকৰ বিৰুদ্ধে আজি অসমীয়াই প্ৰতিবাদ কৰিব লগা হৈছে৷ যাৰ উত্তাল আহ্বানত ঘৰৰ পৰা ওলাই আহি ৰাজপথত ঢলি পৰিছিল ৮৫৫ গৰাকী লোক তেওঁলোক এতিয়া শাসনৰ গাদীত৷ ৰাজ্যৰ শাসনকৰ্ত্তা তেওঁলোক৷

কিন্তু শাসনৰ গাদীত বহি তেওঁলোক জাতিৰ কথা, মাটিৰ কথা পাহৰি গ’ল৷ এতিয়া তেওঁলোকৰ মনত নপৰে ৮৫৫ জন শ্বহীদলৈ৷ শ্বহীদলৈ মনত নপৰে বাবেই তেওলোকে বাংলাদেশী অসমলৈ আনিব খোজে৷ ৬ বছৰীয়া অসম আন্দোলনৰ ফলত অৰ্ধসামৰিক বাহিনীৰ গুলীত প্ৰাণ দিছিল ৮৫৫ গৰাকী লোকে৷ মুলত বিদেশীক অসমৰ পৰা বহিস্কাৰ কৰাৰ দাবীত আন্দোলন কৰা হৈছিল৷

জাতিক ৰক্ষাৰ বাবে ওলাই আহি বহু পাহুৱাল ডেকাই বন্দুকৰ গুলী বুকুত পাতি লৈ চিৰ দিনৰ বাবে ঢলি পৰিছিল আই অসমৰ বুকুত৷ বহু যুৱক লাঠি, বন্দুকৰ কোবত চিৰ দিনৰ বাবে পংগু হ’ল৷ বহু মাতৃৰ বুকু শুদা হ’ল৷ বহু বোৱাৰীৰ কপালৰ ফোট চিৰদিনৰ বাবে মচা গ’ল৷ তাৰ পাছত দিল্লীলৈ গৈ অসমীয়া ডেকাই চুক্তিত স্বাক্ষৰ কৰিলে অসমৰ হিতৰ স্বাৰ্থত৷ চুক্তি কৰা সকলে ৰাজনৈতিক দলৰ জন্ম দি ৰাজ্য শাসনো কৰিলে৷

কিন্তু আজিও বিদেশী বহিস্কাৰ নহ’ল৷ ভাৰত-বাংলাদেশ সীমান্ত ছিল্ড ন’হল৷ অসমীয়াৰ বিড়ম্বনা ইমানতে শেষ হোৱা নাই৷ আজি আকৌ অসমীয়াই ৰাজপথত বিদেশী বহিস্কাৰ তথা অসমত বিজেশী সংস্থাপন কৰিব বিছৰাৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ কৰিব লগা হৈছে৷ চুক্তি আজিও চুক্তি হৈয়ে থাকিল৷ চুক্তি মৰ্মে অসমে পালে কি? কেৱল লাঞ্চনা-বঞ্চনা৷ ঐতিহাসিক অসম আন্দোলনৰ কথা কোনে পাহৰিব৷ কোনে মনৰ পৰা মচিব পাৰিব মাতৃভূমিক অকৃত্ৰিমভাৱে ভালপোৱা যুৱকসকলৰ আত্মত্যাগৰ কথা৷

এই অসম আন্দোলনতে স্বতঃস্ফূৰ্তভাৱে জপিয়াই পৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ শত-সহস্ৰ তেজাল যুৱক৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পুনৰ বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী নাগৰিক আনি অসমত বহুৱাব বিছাৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহিত কৰি অসমত বিদেশী সংস্থাপন কৰিব বিছৰাৰ বিৰুদ্ধে অসমত আৰম্ভ হৈছে প্ৰবল প্ৰতিবাদ৷ ৰাজ্যৰ দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ কোনো কাৰণত অসমক কোনো বিদেশীক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দিয়া দল-সংগঠনে৷

তাৰ মাজতে ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে সোমবাৰে ওলাই আহিছে ঘৰৰ পৰা৷ মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় সাক্ষ্য দান৷ 

অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকসকলেও সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ সাংবাদিক সংগঠনেও পিছ পৰি থকা নাই৷ সোমবাৰে আকৌ যেন ইংগিত দিলে অসমীয়াই, দ্বিতীয় শৰাইঘাটৰ যুঁজত নামি হলেও অসমক ৰক্ষা কৰিব অসমীয়াই৷ অসমীয়াই যুঁজিব জানে৷ অসমীয়াই জাতিৰ হকে, মাটিৰ হকে যুঁজিব জানে৷ বিপদৰ কালত যে অসমীয়া একত্ৰিত হৈ মাৰবান্ধি থিয় দিব সেই কথা আকৌ এবাৰ প্ৰমাণ হ’ল৷