মঙলদৈঃ গোহালি সদৃশ কোঠা এটাতে দহ বছৰে আৱদ্ধ হৈ আছে এগৰাকী যুৱতী। বছৰ বছৰ ধৰি বৰ্হি জগতৰ সৈতে সংযোগ নথকা যুৱতীগৰাকীয়ে মাত্ৰ বিছনাখনৰ ওপৰতে শুই-বহি অতিবাহিত কৰিছে দিন ৰাতি ।

ডেৰ কুৰিৰ দেওনা পাৰ হোৱা যুৱতী গৰাকীয়ে এক কৰ্দয়ময় পৰিবেশত এটি জৰাজীৰ্ণ কোঠাৰ ভিতৰত পাৰ কৰিছে জীৱনৰ দহটাকৈ বসন্ত। কোঠাটোৰ ভিতৰতেই মুকলিকৈ শৌচ-প্ৰস্ৰাব কৰি আকৌ তাতেই শুই পৰিছে। খোৱা-লোৱাৰ কোনো সু-ব্যৱস্থা নাই।কেতিয়াৱা যদি খাইছে আকৌ কেইবাদিনো পাৰ কৰিছে শুদা পেটে।

ছিপাঝাৰৰ সাতঘৰীয়া গাঁওৰ এইগৰাকী দুৰ্ভগীয়া যুৱতী হৈছে হাজাৰা বেগম। শৈশৱতে পিতৃ-মাতৃক হেৰুৱাই সম্প্ৰতি অকলশৰীয়া হৈ পৰা যুৱতীগৰাকীয়ে হেৰুৱাইছে মানসিক ভাৰসাম্য। অকলশৰীয়া যুৱতীগৰাকীৰ  চিকিৎসাৰ বাৱে প্ৰতিবেশীয়ে প্ৰথম অৱস্থাত চিকিৎসকৰ ওচৰ চাপিছিল যদিও ধনৰ অভাৱত সু-চিকিৎসাৰ পৰা বঞ্চিত হৈযে বৰ্তমান এক দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈ পৰিছে।

যি সময়ত মানবীয় প্ৰমূল্যৰ বিষয়টো সৰ্বত্ৰ  চৰ্চা হৈ আহিছে তেনে সময়ত এখন শিক্ষিত সমাজত বাস কৰিও হাজাৰা বেগমে এনেদৰে দুৰ্বিসহ জীৱন-যাপন কৰিবলগীয়া হোৱাটোৱে প্ৰতিফলিত কৰিছে অমানৱীয় দিশটো। 

এনে লোকসকলক লৈ চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণ হৈ আহিছে যদিও সেইবোৰৰ পৰা আজি পৰ্যন্ত বঞ্চিত হৈ আছে দুৰ্ভগীয়া হাজেৰা। সুৰ্দীঘ কাল মানুহৰ পৰা বিচ্ছিন্ন হৈ কদৰ্যময় পৰিবেশত জীৱন যাপন কৰা হাজাৰা বেগমক উদ্ধাৰ কৰি স্বাভাবিক জীৱন-যাপনৰ ব্যৱস্থা কৰি দিবলৈ ওলাই আহিবনে দল¸সংগঠন¸চৰকাৰ কিম্বা কোনো  সদাশয় লোকে!