২০ মাৰ্চৰ পুৱা ৫.৩০ বজাত দিল্লীৰ তিহাৰ জেলত ফাঁচীকাঠত ওলমোৱা হয় নিৰ্ভয়া গণধৰ্ষণৰ চাৰি দোষীক। চাৰি দোষী ক্ৰমে মুকেশ, বিনয়, অক্ষয় আৰু পৱনক একেলগে ফাঁচী দিয়ে পৱন জল্লাদে। ২০১২ চনৰ ১৬ ডিচেম্বৰত এই চাৰি দোষীয়ে দিল্লীত সেই অমানৱীয়া কাণ্ড সংঘটিত কৰি কঁপাই তুলিছিল সমগ্ৰ দেশ।
তিহাৰ জেলৰ ফাঁচীগৃহত হোৱা আজিৰ এই ফাঁচীৰ পূৰ্বেও ইয়াত আৰু একাধিক দোষীক প্ৰদান কৰা হৈছিল মৃত্যুদণ্ডৰ শাস্তি। ইয়াৰে একাধিক ফাঁচীয়েই আছিল হাইপ্ৰফাইল আৰু সেইবোৰে বছৰ বছৰ ধৰি দখল কৰি আহিছিল সংবাদ শীৰ্ষ। সেইবোৰৰ মাজত কেইটামান উল্লেখযোগ্য ফাঁচীৰ বিষয়ে NNOৰ পঢ়ুৱৈসকলৰ বাবে আগবঢ়োৱা হ’ল।
১। ৰংগা আৰু বিল্লা
ৰংগা আৰু বিল্লাৰ বিৰুদ্ধে দটি শিশু গীতা চোপ্ৰা আৰু সঞ্জয় চোপ্ৰাক হত্যাৰ অভিযোগ উত্থাপিত হৈছিল। সঞ্জয় আৰু গীতা আছিল ভাই-ভনী। তেওঁলোকৰ পিতৃ আছিল নৌসেনাৰ বিষয়া। ১৯৭৮ চনৰ ২৬ আগষ্টত দুয়ো ভাই-ভনী ধোলাকুৱাৰ আকাশবাণী কেন্দ্ৰলৈ বুলি ৰাওনা হৈছিল। কিন্তু দুয়ো আকাশবাণী কেন্দ্ৰ গৈ পোৱা নাছিল। পিছত দুয়োৰে মৃতদেহ উদ্ধাৰ হৈছিল। তদন্ত পোহৰলৈ আহিছিল ৰংগা আৰু বিল্লাৰ নাম। বিল্লাৰ প্ৰকৃত নাম আছিল জছবীৰ সিং আৰু ৰংগাৰ প্ৰকৃত নাম কুলজিত সিং। ৰংগা আছিল পেছাত এজন গাড়ী চালক। অপহৰণ কৰি দুয়ো নৃশংসভাৱে হত্যা কৰিছিল গীতা আৰু সঞ্জয়ক। ১৯৮২ চনৰ ৩১ জানুৱাৰীত দুয়োকে এই ফাঁচীগৃহতে ফাঁচীত ওলমোৱা হৈছিল।
২ কৰ্তাৰ সিং আৰু উজাগৰ সিং
দিল্লীৰ বিখ্যাত অস্ত্ৰোপচাৰ বিশেষজ্ঞ নৰেন্দ্ৰ জৈনৰ পত্নী বিদ্যা জৈনক ১৯৭৩ চনৰ ৪ ডিচেম্বৰত ছুৰীৰে হানি নৃশংসভাৱে হত্যা কৰিছিল কৰ্তাৰ সিং আৰু উজাগৰ সিঙে। ডাঃ জৈন আছিল তেতিয়াৰ ৰাষ্ট্ৰপতি ভিভি গিৰিৰ ব্যক্তিগত চিকিৎসক। এই হত্যাকাণ্ডৰ গোচৰৰ বিচাৰৰ অন্তত ১৯৮৩ চনৰ ৯ অক্টোবৰত দুয়োকে ফাঁচী দিয়া হৈছিল। পিছত পোহৰলৈ আহিছিল যে চিকিৎসক জৈন আৰু তেওঁৰ তথাকথিত প্ৰেমিকা চন্দ্ৰেশাই মিলি কৰ্তাৰ আৰু উজাগৰ সিঙক ধনৰ বিনিময়ত পত্নী বিদ্যা সিঙক হত্যা কৰিবলৈ কৈছিল। আদালতে ডাঃ জৈন আৰু তেওঁৰ প্ৰেয়সীক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
৩। মকবুল ভাট
স্বাধীন কাশ্মীৰৰ দাবী উত্থাপন কৰা আগশাৰীৰ নেতা আছিল মকবুল ভাট। নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট নামৰ সংগঠনৰ জৰিয়তে কাম আৰম্ভ কৰিছিল ভাটে। সংগঠনটোৱে কাম-কাজ আৰম্ভ কৰিছিল পাকিস্তানৰ পৰা। ভাৰতলৈ আহি সংগঠনটোৰ লোকসকলে সদস্যভৰ্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ মাজতে সংগঠনৰ সদস্যসকলৰ সৈতে এবাৰ ভাৰতীয় নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ হয়। এই সংঘৰ্ষত চিআইডি বিষয়া অমৰ চান্দ নিহত হয়। এই ঘটনাত শ্ৰীনগৰৰ এখন আদালতে ১৯৬৮ চনত মকবুল ভাট আৰু তেওঁৰ সংগীসকলক মৃত্যুদণ্ডৰ আদেশ দিয়ে।
তেওঁলোকক ৰখা হৈছিল মুজাফৰবাদৰ কাৰাগাৰত। তাতেই তেওঁলোকে সুৰংগ খান্দি পলায়ন কৰি পাকিস্তানলৈ গুচি গৈছিল। ফলত সময়মতে ফাঁচী দিয়াতো হৈ নুঠিল। ১৯৭৬ চনত পুনৰ মকবুলে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। ভাৰতত প্ৰৱেশ কৰি কাশ্মীৰত এটি বেংকত লুটপাত চলোৱাৰ চেষ্টা চলাওতেই ধৰা পৰে মকবুল। তেঁও ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা বিচাৰি আবেদন কৰে। সেই সময়তে কাশ্মীৰ লিবাৰেশ্যন নামৰ সংগঠন এটাই লণ্ডনত ৰবীন্দ্ৰ মাহাতো নামৰ এগৰাকী ভাৰতীয় কূটনীতিবিদক অপহৰণ কৰে আৰু মাহাতোৰ মুক্তিৰ বিনিময়ত ভাটক এৰি দিবলৈ দাবী উত্থাপন কৰে। ভাৰত চৰকাৰে সেয়া অস্বীকাৰ কৰাত মাহাতোক তেওঁলোকে হত্যা কৰে। ইয়াৰ পিছতে ৰাষ্ট্ৰপতি গিয়ানী জাইল সিঙে ভাটৰ ক্ষমাৰ আবেদন খাৰিজ কৰে। অৱশেষত ১৯৮৪ চনৰ ১১ ফেব্ৰুৱাৰীত ভাটক ফাঁচী দিয়া হয়।
৪। সতৱন্ত সিং আৰু কেহৰ সিং
৩১ অক্টোবৰ, ১৯৮৪ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক গুলীয়াই হত্যা কৰিছিল তেওঁৰ দুই ব্যক্তিগত দেহৰক্ষী সতৱন্ত সিং আৰু বিয়ন্ত সিঙে। দুয়ো প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ৩০ টাৰো অধিক গুলীৰে থকাসৰকা কৰিছিল। বিয়ন্তক সেই সময়তে আন সুৰক্ষাকৰ্মীসকলক গুলীয়াই হত্যা কৰে। এই ঘটনা সন্দৰ্ভত সতৱন্ত সিং আৰু কেহৰ সিঙক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। কেহৰ সিং আছিল ডাইৰেক্টৰ জেনেৰেল অব ছাপ্লাই এণ্ড ডিছপোজেলৰ সহকাৰী বিষয়া। ইন্দিৰা গান্ধীৰ হত্যাৰ সমস্ত পৰিকল্পনা বিয়ন্ত আৰু সতৱন্তৰ সৈতে মিলি কেহৰেই কৰিছিল। অপাৰেশ্যন ব্লু ষ্টাৰৰ সময়ত শিখসকলৰ অন্যতম উপাসনাস্থলী অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সেনা প্ৰেৰণৰ নিৰ্দেশ দিয়া বাবেই ইন্দিৰা গান্ধীক লৈ অসন্তুষ্ট হৈ আছিল তেওঁলোক। এই স্বৰ্ণ মন্দিৰতে লুকাই আছিল স্বাধীন খালিস্তানৰ দাবী কৰি অহা ভিণ্ডৰাৱালা। সেনা আৰু ভিণ্ডৰাৱালাৰ মাজত হোৱা সংঘৰ্ষত মন্দিৰৰ 'আকাল তখত’ৰ ক্ষতিসাধন হয়। পিছত সেয়া মেৰামতি কৰা হয় যদিও বিয়ন্ত, কেহৰ, সতৱন্তৰ দৰে একাংশ শিখে সেয়া মানি ল’বলৈ অস্বীকাৰ কৰে আৰু প্ৰধানমন্ত্ৰীগৰাকীক এনেদৰে হত্যা কৰে। ইন্দিৰা গান্ধীক হত্যাৰ পিছতে সমগ্ৰ দিল্লীত শিখসকলৰ ওপৰত সংঘটিত হয় হিংসাত্মক ঘটনা। এই সকলো ঘটনাৰ অন্তত ১৯৮৯ চনৰ ৬ জানুৱাৰীত সতৱন্ত আৰু কেহৰ সিঙক ফাঁচীকাঠত ওলমোৱা হয়।
৫। আফজল গুৰু
আজি য’ত ফাঁচী দিয়া হৈছে তাতেই ফাঁচী দিয়া হৈছিল ২০০১ চনৰ ১৩ ডিচেম্বৰত সংসদ ভৱনত আক্ৰমণৰ ঘটনাত দোষী সাব্যস্ত হোৱা আফজল গুৰুক। গৃহ মন্ত্ৰণালয় আৰু সংসদৰ ষ্টিকাৰ লগোৱা গাড়ীত উঠি আফজলৰ পৰিকল্পনামতে সংসদত প্ৰৱেশ কৰিছিল জইছ-ই-মহম্মদৰ সদস্যসকল। প্ৰৱেশ কৰিয়েই জধে-মধে আৰম্ভ কৰিছিল গুলীচালনা। প্ৰায় আধাঘণ্টা ধৰি নিৰাপত্তাৰক্ষা আৰু সন্ত্ৰাসবাদীসকলৰ মাজত চলা গুলীয়াগুলীত কোনো সাংসদৰ হানি-বিঘিনি নহ’ল যদিও আঠগৰাকী নিৰাপত্তাৰক্ষী আৰু এগৰাকী কৰ্মচাৰীৰ উক্ত ঘটনাত মৃত্যু হয়। আহত হয় আন ১৬ গৰাকী লোক।
আক্ৰমণ সংঘটিত কৰা ৫জনকৈ সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয়। ২০০২ চনৰ ১৮ ডিচেম্বৰত বিশেষ আদালতে আফজল গুৰু, চৈকত গুৰু আৰু ছৈয়দ আব্দুল ৰহমান গিলানীত মৃত্যুদণ্ডৰে দণ্ডিত কৰে। দিল্লী উচ্চ ন্যয়ালয়ে চৈকত আৰু গিলানীক মুকলি কৰি দিয়ে আৰু আফজল গুৰুৰ ফাঁচীৰ আদেশ বাহাল ৰাখে। উচ্চতম ন্যায়ালয়েও সেই আদেশ অপৰিৱৰ্তিত ৰাখে। বহুতেই আফজলৰ ফাঁচীৰ বিৰোধিতাৰে প্ৰতিবাদো সাব্যস্ত কৰিছিল। কিন্তু ২০১৩ চনৰ ৯ ফেব্ৰুৱাৰীত পুৱা ৮ বজাত ফাঁচীকাঠত ওলমোৱা হয় স্বাধীন কাশ্মীৰৰ দাবী উত্থাপন কৰি অহা আফজল গুৰুক।
উল্লেখ্য যে তিহাৰ জেলত আছে ৯ কেন্দ্ৰীয় কাৰাগাৰ। ইয়াত ফাঁচীগৃহত ফাঁচী দিয়াৰ সময় আহিলেই সমগ্ৰ কাৰাগাৰ চৌহদক সম্পূৰ্ণৰূপে লকডাউন কৰি ৰখা হয়। সেই সময়ছোৱাত কোনো কয়দীকে বাহিৰলৈ যোৱাৰ অনুমতি দিয়া নহয়।