Photo Credit: Facebook
Photo Credit: Facebook

গুৱাহাটীঃ বেয়া ফলাফল৷ খঙত জ্বলি-পকি উঠিল শিক্ষামন্ত্ৰী৷ ২০১৭বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে আজি বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা মুঠ ১২৪খন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সৈতে ছেবাৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত ফলাফলৰ বিষয়ে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে৷ 

বৈঠকত মন্ত্ৰীগৰাকীয়ে বেয়া ফলাফলৰ বাবে জবাবদিহি কৰে কেইবাগৰাকী শিক্ষকক৷ শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰাৰ মাজতে মন্ত্ৰীগৰাকীয়ে বিদ্যালয় প্ৰাদেশীকৰণত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰো সন্দেহ প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীৰ প্ৰশ্নবাণত বিবুধিত পৰাৰ লগতে চালে-বেৰে কোবোৱা উত্তৰ দিবলৈ চেষ্টা কৰাও দেখা গ’ল বহু শিক্ষকক৷

কেবাজনো প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীক ধমকো দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে। শিক্ষামন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি দেখি ভয়ত থৰহৰি কম্পমান হৈ পৰে শিক্ষাগুৰুসকল। কেবাগৰাকী প্ৰধান শিক্ষকৰ যোগ্যতাক লৈয়ো সন্দেহ প্ৰকাশ কৰে হিমন্তই। দামী পেণ্ট-ছাৰ্ট ক’ৰ পইছাৰে কিনিছে, বাইক কেনেকৈ ল’লে, নিজৰ সন্তানক কি স্কুলত পঢুৱাইছে আদি প্ৰশ্নও কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

 
 

: কেইজন পাছ কৰিছে আপোনাৰ স্কুলত?
নাই ছাৰ কেইজনমানহে।
বাকীবোৰ কি হ’ল? 
হিন্দীৰ শিক্ষকেই নাই ছাৰ আমাৰ স্কুলত।
হিন্দীৰহে নাই, বাকী গণিত, বিজ্ঞান, ইংৰাজীৰতো আছে?
হয় ছাৰ আছে।
তেন্তে গণিত, ইংৰাজী, বিজ্ঞানতো কিয় ফেইল কৰিলে?
নাই মানে ছাৰ....
কি নাই মানে ছাৰ? নে হিন্দী শিক্ষক নথকাৰ দুখত ছাত্ৰ-ছাত্ৰীসকলে বাকীবোৰ বিষয়ো ভালকৈ নপঢ়িলে? সঁচা কথা ক’ব। নিজে ভালদৰে নপঢ়ুৱাকৈ কেৱল শিক্ষক নাই নাই কৈ থকাতো আপোনালোকৰ স্বভাৱ হৈ গৈছে।- এজন প্ৰধান শিক্ষকক এইদৰে জবাবদিহি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

ছাত্ৰ-ছাত্ৰী কিমান আছিল ক্লাছ টেনত?
৪ জন ছাৰ।
শিক্ষক?
৮জন।
কেইজনে পাছ কৰিছে?
এজনেও কৰা নাই ছাৰ।
আৰে কি আচৰিত শিক্ষকহে আপোনালোক? মাত্ৰ ৪টা ষ্টুডেণ্ট আৰু শিক্ষক ৮জন। তাৰ পিছতো এজনো পাছ নকৰিলে।
মানে ছাৰ...
একদম কথা নক’ব। স্কুললৈ কি কৰিবলৈ আহে? ঘোঁৰাৰ ঘাহ কাটিবলৈ আহে? আহে নে নাহে? স্কুললৈ? আগতে দেখোন ২৫জন ষ্টুডেণ্ট আছিল। এতিয়া ইমান কমিল কিয়?
মানে ছাৰ ছোৱালীবোৰ কম বয়সতে বিয়া হৈ যায়।
কেতিয়া বিয়া হৈ যায়? প্ৰাদেশীকৰণৰ আগত নে পিছত? আগতে ২৫জন ছাত্ৰ-ছাত্ৰী থকা স্কুলখনত এতিয়া মাত্ৰ ৪জন ছাত্ৰ-ছাত্ৰী। কথা ক’বলৈ আহিছে। সব তদন্ত হ’ব। মিছা ডকুমেণ্ট দেখুৱাই প্ৰাদেশীকৰণ কৰাই লৈছে আপোনালোকে। ভালকৈ চাব লাগিব সকলো।- ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ছেবাৰ কাৰ্যালয়ত এইদৰে শিক্ষাগুৰুসকলক ওভতি ধৰে শিক্ষামন্ত্ৰী হিমন্তই।

উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ মাজ মজিয়াৰ পদ্মধৰ বৰুৱা হাইস্কুলত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ শূন্য শতাংশ৷ আনহাতে কেইবাখনো বিদ্যালয়ত পৰীক্ষাৰ্থীৰ সংখ্যা আছিল তেনেই কম৷ বহু বিদ্যালয়ত ৩-৪গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষকৰ সংখ্যৰ ১০-১২গৰাকী৷ 

উক্ত বিদ্যালয়সমূহৰ শিক্ষকৰ দৰমহা কৰ্তন কৰি ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাম লগাই দিয়াৰ কথা কৈ নিজেই নিজৰ বিভাগটোকে তাচ্ছিল্য কৰে মন্ত্ৰীগৰাকীয়ে৷ তদুপৰি প্ৰাদেশীকৰণৰ পূৰ্বে বহু বিদ্যালয়ত ২০-২৫জন শিক্ষাৰ্থী থকাৰ বিপৰীতে প্ৰাদেশীকৰণৰ পিছত ৩-৪জন শিক্ষাৰ্থী কেনেকৈ হ’ল বুলি প্ৰশ্ন কৰি প্ৰাদেশীকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত সন্দেহ প্ৰকাশ কৰে শিক্ষামন্ত্ৰীয়ে৷ 

বিদ্যালয়ৰ পৰিদৰ্শকসকলৰ ভূমিকাও সন্দেহৰ উৰ্ধত নহয় বুলি কৈ তাৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয় হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহৰ বিৰুদ্ধে তদন্ত চলোৱা হ’ব বুলিও প্ৰকাশ কৰে মন্ত্ৰীয়ে৷ উল্লেখ্য যে সমগ্ৰ ৰাজ্যতে মাত্ৰ ১৯খন চৰকাৰী বিদ্যালয়তহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হৈছে৷ আনহাতে ৩১খন বিদ্যালয়ত উৰ্ত্তীনৰ হাৰ হৈছে শূন্য শতাংশ৷ আজিৰ বৈঠকত দক্ষিণ বৰদলনা বিদ্যালয়ৰ প্ৰধান শিক্ষকক কৰ্তব্যত গাফিলতিৰ বাবে বদলিৰো নিৰ্দেশ দিয়ে শিক্ষামন্ত্ৰীয়ে৷

► পঢ়িবলৈ তলত ক্লিক কৰকঃ

কিয় গোন্ধ কমিছে অসমৰ ফুলৰ?

ইফালে সাংবাদিকৰ সমুখতে তথা লাইভ টেলিকাষ্ট কৰাৰ সুবিধা কৰি দি মুকলিকৈ এনেকৈ শিক্ষাগুৰুসকলক অপমান কৰাত ক্ষোভ উজাৰিছে একাংশ লোকে। শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ বিভাগটোৰ সমস্যাসমূহৰ কোনো সমাধান উলিওৱাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ গুণ-গৰিমা গোৱা বুলিও বহুতে মন্তব্য কৰিছে। আন একাংশ লোকে আকৌ এনে কঠোৰ পদক্ষেপ লোৱাৰ বাবে প্ৰশংসা কৰিছে শিক্ষামন্ত্ৰী হিমন্তক। তেওঁলোকৰ মতে বহু শিক্ষকে ৩০-৪০ হাজাৰ টকাকৈ দৰমহা লৈ আছে যদিও ছাত্ৰ-ছাত্ৰীক পাঠদানৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে অৱহেলা কৰি আহিছে।