নলবাৰীঃ নলবাৰী মহকুমা বিহু সন্মিলনীৰ পদূলিৰ পৰাই উভতিল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই লৈ সমগ্ৰ নলবাৰীতে আৰম্ভ হৈছে ব্যাপক চৰ্চা।
জানিব পৰা মতে, মন্ত্ৰীগৰাকীয়ে আজি নলবাৰী মহকুমা বিহু সন্মিলনীত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰাৰ কথা আছিল। এই অনুযায়ী তেওঁ নিশা ১০ বজাত উক্ত স্থানত উপস্থিত হয় যদিও বিহুৰ মঞ্চত ভৰি নিদিয়াকৈয়ে পুনৰ উভতি যায়।
এনেদৰে যথাসময়ত উপস্থিত হৈয়ো কাৰ্য্যসূচীত অংশ গ্ৰহণ নকৰি হঠাতে প্ৰস্থান কৰাত আয়োজক কমিটিৰ লগতে তাত উপস্থিত থকা প্ৰতিগৰাকী দৰ্শক হতবাক হৈ পৰে। বিষয়টোক লৈ আয়োজক কমিটি নিৰাশ হৈ পৰাৰ লগতে দৰ্শসকলৰ মাজত এই লৈ আৰম্ভ হয় চৰ্চা।
অৱশ্যে বিধায়ক অশোক শৰ্মাৰ এটি ঘোষণাৰ পিছতে সকলো স্বাভাৱিক হৈ পৰে। বিধায়ক শৰ্মাই মঞ্চত উপস্থিত হৈ ঘোষণা কৰে যে মহানগৰীৰ আমবাৰীত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ বাবেই মন্ত্ৰীগৰাকীয়ে এনেদৰে ততাতৈয়াকৈ উভতিবলগীয়া হ'ল।
প্ৰকৃত কাৰণটো জানিবলৈ পোৱাৰ পিছতে আয়োজক কমিটিৰ লগতে তাত থকা প্ৰতিজন দৰ্শকেই পুনৰ বিহু উপভোগত মগ্ন হৈ পৰে।