গুৱাহাটীঃ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্বৰ পদত্যাগ দাবীৰে বৃহস্পতিবাৰে হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে দিছপুৰত বিধায়ক আবাসত সমালোচনাত সৰব হৈ পৰে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে।

২০১৩-১৪ চনৰ কাৰ্যসূচীৰ মতে আওপুৰণি দৰতে বিভাগীয় ঠিকাকামৰ নিবিদা আহ্বান আৰু আবন্টন দিয়া মন্ত্ৰী হিমন্তক কঠোৰ সমালোচনা কৰি বিধায়ক লস্কৰে কয় যে এসময়ত বিধান সভা সদনত ঠিকাদাৰক প্ৰাপ্য বিচাৰি দিছপুৰ আহিবলৈ মানা কৰা মন্ত্ৰী হিমন্তই গড়কাপ্তানীৰ দায়িত্ব লোৱাৰ পিছত সৰু সৰু নতুন ঠিকাদাৰসকল প্ৰাপ্যৰপৰা বঞ্চিত হৈ হাৰাশাস্তি ভুগিছে। 

চুলাই খায় মানুহ মৰাৰ দৰে, এতিয়া বঞ্চিত ঠিকাদাৰে আত্মহত্যাৰ পথ লোৱাৰ এক ভয়ংকৰ আশংকা দেখা দিছে ৰাজ্যত। এই বুলি মন্তব্য প্ৰকাশ কৰে বিধায়কজনে৷