ডিজিটেল ডেস্কঃ অৱশেষত নিলাম হ’ল হিটলাৰৰ ‘পাৰ্থিব পৃথিৱী’৷ বুধবাৰে জাৰ্মান ডিক্টেটৰ অ্যাডলফ হিটলাৰৰ ব্যক্তিগত ‘গ্লোব’ বিক্ৰী হয় ৬৫ হাজাৰ মাৰ্কিন ডলাৰত।
ভাৰতীয় মুদ্ৰাৰ অনুপাতত ইয়াৰ মূল্য প্ৰায় ৪২ লাখ টকা। দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হোৱাৰ পিছতেই ১৯৪৫ চনৰ ১০ মে’ত হিটলাৰৰ এই ‘পাৰ্থিব পৃথিৱী’ক স্মৰণ হিচাপে লগত লৈ গৈছিল মাৰ্কিন সেনা জন বাৰ্চামিয়ানে৷ প
ৰবৰ্তি সময়ত গ্লোবটো হিটলাৰৰ জাৰ্মানি বাসভবনলৈ আনি তাতে ৰখা হয়। ইয়াৰ পুৰ্বেও হিটলাৰ বাসভৱনত আছিল দুটাকৈ গ্লোব৷ উল্লেখ্য যে গ্লোব কেইটাত জাৰ্মানি চিহ্ন অংঙ্কন কৰি ৰাখিছিল হিটলাৰে৷
জানিব পৰা মতে, গ্লোবটো নিলাম হোৱাৰ সময়ত হিটলাৰে পৰিধান কৰা এটি কামিজো নিলাম হয়৷ হিটলাৰৰ নাম লিখা থকা কামিজটো ১০ হাজাৰ মাৰ্কিন ডলাৰত নিলাম হয়৷