newsnextone.com | ডিজিটেল ডেস্কঃ গৃহ মন্ত্ৰণালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সুৰক্ষা সন্দৰ্ভত চিন্তা প্ৰকাশ কৰি ৰাজ্য চৰকাৰ সমূহলৈ এই বিষয়ে নিৰ্দেশ প্ৰেৰণ কৰে৷ মন্ত্ৰণালয়ে পত্ৰ প্ৰেৰণ কৰি কয় যে প্ৰধানমন্ত্ৰীৰ জীৱন এতিয়া খুৱেই বিপজ্জনক৷ যিকোনো সময়তে সন্ত্ৰাসবাদীয়ে প্ৰধানমন্ত্ৰীৰ ওপৰত আক্ৰমণ চলাব পাৰে৷
যাৰ ফলত গৃহ মন্ত্ৰণালয়ে প্ৰধানমন্ত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰি নতুন নিয়ম প্ৰৱৰ্তন কৰিছে৷ নতুন নিয়ম অনুসৰি প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত নিয়োজিত মুখ্য তদন্তকাৰী বিষয়াৰ অনুমতি অবিহনে কোনো মন্ত্ৰী অথবা বিষয়ায়েই প্ৰধানমন্ত্ৰীক সাক্ষাত কৰিব নোৱাৰিব ঘোষণা কৰে মন্ত্ৰণালয়ে৷
গৃহ মন্ত্ৰণালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, ২০১৯ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিজেপিৰ মুখ্য প্ৰচাৰক হিচাপে থিয় দিছে৷ যাৰ ফলত মোডীৰ সুৰক্ষাক লৈ আশংকা ব্যক্ত কৰি তেওঁৰ সুৰক্ষা কাৰ্যত নিয়োজিত সংস্থা সমূহে প্ৰধানমন্ত্ৰীক নূন্যতম পথ ৰেলীত অংশ ল’বলৈ পৰামৰ্শ প্ৰদান কৰিছে৷
গৃহ মন্ত্ৰণালয়ে প্ৰত্যেক ৰাজ্যৰ আৰক্ষী মহা নিৰ্দেশকক প্ৰধানমন্ত্ৰীৰ নতুন সুৰক্ষা নীতি সন্দৰ্ভত নিৰ্দেশ প্ৰেৰণ কৰে৷ নিৰ্দেশ পত্ৰত গৃহ মন্ত্ৰণালয়ে আশংকা ব্যক্ত কৰি কয় যে অজ্ঞাত লোকৰ পৰা প্ৰধানমন্ত্ৰীৰ জীৱনলৈ ভাবুকি আহিব পাৰে৷
প্ৰধানমন্ত্ৰীৰ ওচৰলৈ কোনো লোকেই অহাৰ অনুমতি লাভ নোৱাৰিব বুলি নিয়ম বান্ধি দি এই নিয়ম গুৰুত্বসহকাৰে অনুসৰণ কৰিবলৈ সকলো ৰাজ্যৰ প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰণালয়ে৷
পত্ৰত লিখা হৈছে যে, প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত নিয়োজিত বিশেষ সুৰক্ষা দলৰ তদন্তৰ পিছতহে মন্ত্ৰী আৰু বিষয়া সকলে প্ৰধানমন্ত্ৰীক সাক্ষাত কৰিব পাৰিব৷
ইফালে ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰা আৰু জনতাৰ সৈতে সাক্ষাত কৰা কাৰ্যও মোডীয়ে পূৰ্বৰ তুলনাত কমাব লাগিব বুলি স্পষ্ট কৰি দিয়ে গৃহ মন্ত্ৰণালয়ে৷
উল্লেখ্য যে, আগন্তক কিছু দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মধ্য প্ৰদেশ, চত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগ আৰু পঞ্জাৱ ভ্ৰমণ কৰিব৷
কেৰেলাৰ পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া আৰু নক্সালবাদী ‘ৰাজীৱ গান্ধী ষ্টাইল’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰতো আক্ৰমণ চলাব পাৰে বুলি সুৰক্ষাত নিয়োজিত তদন্তকাৰী সংস্থাই আশংকা কৰিছে৷