ডিজিটেল ডেস্কঃ মঙলবাৰে আদালতত হাজিৰ হ’ব পাৰে সুন্দৰী হানীপ্ৰীতে৷ একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম প্ৰকাশিত বাতৰি অনুযায়ী সুন্দৰী হানীপ্ৰীতে মঙলবাৰে আদালতত সোশৰীৰে উপস্থিত হোৱাৰ সম্ভৱনা থকা বুলি কয়৷ হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত হাৰিয়াণা আৰক্ষীয়ে হানীপ্ৰীতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ ধৰ্ষণৰ গোচৰৰ ডেৰা ৰাম ৰহিমৰ কাৰদণ্ডৰ ৰায় ঘোষণাৰ পিছতে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল হাৰিয়ানা-পঞ্জাৱত৷
এটি ব্যক্তিগত খণ্ডৰ হিন্দী নিউজ চেনেলক মঙলবাৰে দিয়া এটি সাক্ষাতকাৰত হানীপ্ৰীতে কয় "মই দেশ এৰি কতো যোৱা নাই৷ নেপাললৈ যোৱা খবৰ ভিত্তীহিন৷ মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তীহিন৷ মই মৰ্মাহত, মোৰ সৈতে যি হৈছে এনে হোৱাটো মোৰ কাম্য নহয়৷ মই নাজানো মোৰ বিৰুদ্ধে কিয় এনেকুৱা হৈছে৷ মই প্ৰকৃত দেশভক্ত৷ ভাৰতক মই ভালপাও"৷ হিংসাত্মক ঘটনাত ব্যৱসায় প্ৰতিষ্ঠান, তেল ডিপো সহিতে ব্যাপক ক্ষতি হোৱাৰ লগতে ৩৩গৰাকী লোকৰ মৃত্যু হৈছিল৷
ব্যক্তিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে হাৰিয়ানা চৰকাৰে৷ এই ঘটনাৰ বাবে ৰাম-ৰহিমৰ তোলনীয়া কন্যা হানীপ্ৰীতক মূল অভিযুক্ত কৰে আৰক্ষীয়ে৷ হানীপ্ৰীতক আটক কৰিবলৈ আৰক্ষীয়ে দেশৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া দেশ নেপালতো অভিযান চলায় যদিও জালত পেলাব পৰা নাই আৰক্ষীয়ে৷ তাৰ মাজতে হাৰিয়ানা উচ্চ ন্যায়লয়ত হানীপ্ৰীতে জামিন আবেদন দাখিল কৰে৷ উচ্চ ন্যায়লয়ে শুকুৰবাৰে জামিন আবেদন নাকচ কৰে ৰাম ৰহিমৰ কন্যা হানীপ্ৰীতৰ৷ উচ্চ ন্যায়লয়ে হানীপ্ৰীতক আদালতত হাজিৰ হোৱাৰো কথা কয়৷ হাৰিয়ানাৰ পঞ্চকুলাৰ হিংসাত্মক ঘটনাৰ প্ৰধান অভিযুক্ত হানীপ্ৰীতক ৩০ অক্টোবৰৰ ভিতৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। অন্যথাই পলাতক অপৰাধী ঘোষণা কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে আদালতে৷