ধিংঃ গুদামঘৰত পৰিণত হৈছে কংগ্ৰেছ চৰকাৰৰ দিনতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বটদ্ৰবা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। নিৰ্মাণৰ পিছতো এতিয়ালৈকে আনুষ্ঠানিকভাৱে মুকলি নোহোৱাৰ পৰিণতিতে এনে ৰূপ লৈছে স্বাস্থ্যকেন্দ্ৰটোৱে।

অঞ্চলটোৰ জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ প্ৰতি সম্পূৰ্ণ পিঠি দি স্বাস্থ্যমন্ত্ৰীয়ে আজিও বটদ্ৰবা স্বাস্থ্য কেন্দ্ৰত চিকিৎসক, নাৰ্ছ তথা চিকিৎসাকৰ্মী নিযুক্তি নিদিয়াত সম্প্ৰতি গঞা ৰাইজৰ একাংশই চিকিৎসা সেৱাৰ আশা বাদ দি স্বাস্থ্যকেন্দ্ৰটো গুদামঘৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।

স্বাস্থ্যকেন্দ্ৰটোৰ কোঠালিয়ে কোঠালিয়ে এতিয়া মাথো ধানৰ বস্তাই দম বান্ধি আছে। ধানৰ বস্তাৰ সামন্তৰালভাৱে দেখিবলৈ পোৱা গৈছে কেবাখনো মাছ ধৰা জাল।

স্বাস্থ্য কেন্দ্ৰটোত মাজে সময়ে মন্ত্ৰী, বিধায়ক তথা প্ৰশাসনিক বিষয়াৰ পৰ্দাপন ঘটে যদিও আজিলৈ গুদামঘৰৰ পৰা চিকিৎসা সেৱা কেন্দ্ৰলৈ পৰিৱৰ্তন নহ'ল। সেয়ে  স্থানীয় ৰাইজৰ একাংশই স্বাস্থ্য কেন্দ্ৰটো শীঘ্ৰে মুকলি কৰি চিকিৎসা সেৱা আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰিছে।