ডিজিটেল ডেস্কঃ হোটেল-ৰেষ্টুৰেণ্টত খাদ্য খাই আৰু পেটৰ অসুখত ভুগিব নালাগিব। বিনা দ্বিধাই খাব পৰা যাব হোটেল-ৰেষ্টুৰেণ্টৰ খাদ্য। ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অব ইণ্ডিয়া চমুকৈ FSSAI-ৰ এক নিৰ্দেশনাই হোটেল-ৰেষ্টুৰেণ্টত খাদ্য খাই ভাল পোৱাসকললৈ আনিছে এই সু-খবৰ।

এই নিৰ্দেশনা অনুযায়ী এতিয়াৰে পৰা হোটেল-ৰেষ্টুৰেণ্টৰ মেনুকাৰ্ডত প্ৰতিটো খাদ্যবস্তুত ব্যৱহৃত তেলৰ সবিশেষ উল্লেখ কৰিব লাগিব। উল্লেখ থকা তেলতকৈ সোৱাদ পৃথক হ’লে গ্ৰাহকসকলে উক্ত হোটেল-ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হ’ব পাৰিব।

খাদ্য সামগ্ৰীত প্ৰস্তুতৰ সময়ত যদি বিশুদ্ধ ঘিউ ব্যৱহাৰ কৰা হয় তেন্তে উক্ত ঘিউৰো সমস্ত বিৱৰণ উল্লেখ কৰিব লাগিব মেনুকাৰ্ডত। ইয়াৰ লগতে বনস্পতি, নিম্নমানৰ তেল বা চৰ্বী ব্যৱহাৰ কৰিলেও মেনুকাৰ্ডত উল্লেখ থকাতো বাধ্যতামূলক কৰিবলৈ সিদ্ধান্ত লৈছে FSSAI-এ।

গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নতুন নিয়ম হাতত লৈছে বুলি সদৰী কৰিছে FSSAI-ৰ শীৰ্ষ সূত্ৰই। জানিব পৰা মতে, হোটেল-ৰেষ্টুৰেণ্টৰ পঞ্জীয়নৰ চৰ্তাৱলীত এই নতুন নিয়ম বাধ্যতামূলক হৈ পৰিব। এই নতুন নিৰ্দেশনা শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দিছে FSSAI-এ।

উল্লেখ্য যে দেশৰ খাদ্য সুৰক্ষাৰ বিষয়টো এতিয়াও ল’ৰা ধেমালি হৈয়েই ৰৈছে। অধিকাংশ হোটেল-ৰেষ্টুৰেণ্টতে প্ৰায় প্ৰতিটো খাদ্য সমাগ্ৰীত ভেজাল তেল ব্যৱহাৰ কৰা হয়।

সেয়ে গ্ৰাহকৰ সুবিধাৰ বাবে FSSAIৰ পঞ্জীকৃত প্ৰতিখন হোটেল-ৰেষ্টুৰেণ্টে মেনুকাৰ্ডত খাদ্য প্ৰস্তুকৰণৰ সবিশেষ উল্লেখ কৰাতো বাধ্যতামূলক কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে মচলা বা অন্যান্য সামগ্ৰীৰ বিৱৰণ উল্লেখ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হোৱা নাই।