অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে অন্ত পৰিব সুদীৰ্ঘকাল ধৰি চলি অহা এক বিবাদৰ। অযোধ্যাৰ বিবাদিত ভূমিত ৰাম মন্দিৰৰ সফল নিৰ্মাণৰ বাবে বহুতে কৃতিত্ব দিব বিচাৰে ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতে ৰাম মন্দিৰৰ নিৰ্মাণৰ দাবী উত্থাপন কৰি অহা হিন্দুত্ববাদী সংগঠনসমূহক। অৱশ্যে এই ৰাম মন্দিৰৰ নিৰ্মাণত দশক দশক ধৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে দেশৰ ন্যায়পালিকয়ো। তাৎপৰ্যপূৰ্ণ যে ৰাম মন্দিৰ নিৰ্মাণৰ হকে চূড়ান্ত ৰায়দান কৰি চৰকাৰৰ পৰা পুৰস্কাৰো লাভ কৰিছে ৰায়দান কৰা ন্যায়াধীশে।

অযোধ্যাৰ বিতৰ্কিত গোচৰটোত আৰম্ভণিৰে পৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ন্যায়পালিকাই। ১৯৪০ৰ সময়ৰে পৰা বাবৰি মছজিদ চৌহদ হিন্দু পূজাৰ বাবে গতাই দিয়াই হওক বা ১৯৮৬ চনত চৌহদৰ তলা খুলি দিয়াৰ নিৰ্দেশ হওক অথবা ২০১৯ চনৰ চূড়ান্ত ৰায়দান হওক, ন্যায়পালিকাৰ ভূমিকাক লৈ বাৰাম্বাৰ প্ৰশ্নৰ উত্থাপন হৈ আহিছে। আইন সম্পৰ্কীয় বাতৰি পৰিৱেশন কৰি অহা প্ৰবীণ সাংবাদিক আজাজ আশ্ৰফে কয়, “১৯৪৯ চনৰ পৰা বাবৰি মছজিদৰ ওপৰত হিন্দু দাবী সম্প্ৰসাৰণৰ প্ৰতি প্ৰতিটো পৰ্যায়তে ন্যায়পালিকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু উচ্চতম ন্যায়ালয়েই চূড়ান্ত ৰায়দান কৰি বাবৰি মছজিদৰ বিতৰ্কিত ভূমি হিন্দুক অৰ্পণ কৰি এই বিবাদৰ অন্ত পেলাইছিল।”

বিতৰ্কৰ আৰম্ভণি

ধৰ্মীয় আৰু ৰাজনৈতিক অৰ্থবোধৰ বাহিৰেও অযোধ্যা গোচৰটো আছিল ভূমিৰ মালিকীস্বত্বক লৈ এক দেৱানী বিবাদ। এই আইনী গোচৰটো প্ৰথম দাখিল কৰা হৈছিল ১৮৮৫ চনত। হিন্দু পুৰোহিত ৰঘুবীৰ দাসে বাবৰি মছজিদৰ সমীপত চাবুতৰা বা উচ্চ মঞ্চত মন্দিৰ নিৰ্মাণ আৰম্ভ কৰিছিল। কিন্তু জিলা প্ৰশাসনে তেওঁক মন্দিৰ নিৰ্মাণৰ অনুমতি প্ৰদানত অস্বীকাৰ কৰাত ৰঘুবীৰ দাসে ফৈজাবাদৰ ন্যায়াধীশৰ আদালতত মন্দিৰ নিৰ্মাণৰ অধিকাৰ বিচাৰি গোচৰ ৰুজু কৰে।

অৱশ্যে ১৮৮৫ চনত তেওঁৰ গোচৰ খাৰিজ কৰা হয়। পিছৰ বছৰ ফৈজাবাদ জিলা ন্যায়াধীশেও তেওঁৰ আবেদন নাকচ কৰে। দুয়োটা সিদ্ধান্তই এই যুক্তিৰ ওপৰত ভিত্তি কৰি লোৱা হৈছিল যে মছজিদৰ কাষত মন্দিৰ নিৰ্মাণৰ অনুমতি দিলে সাম্প্ৰদায়িক উত্তেজনা জগাই তুলিব পাৰে। কিন্তু দুয়োটা ৰায়দানেই এই অসত্য তত্ত্বক বিশ্বাসযোগ্যতা প্ৰদান কৰে যে এই মছজিদটো শতিকা আগতে হিন্দুসকলে পবিত্ৰ বুলি গণ্য কৰা ভূমিত নিৰ্মাণ কৰা হৈছিল।

হিন্দু পূজাৰ আৰম্ভণি

১৯৪৯ চনলৈকে বাবৰি মছজিদত মুছলমানসকলে নিয়মিতভাৱে নামাজ আদায় কৰিছিল। কিন্তু সেই বছৰৰ ডিচেম্বৰ মাহত ফৈজাবাদৰ জিলা দণ্ডাধীশ আৰু নগৰ দণ্ডাধীশৰ সহযোগত হিন্দুত্ববাদী সংগঠনে ৰাম লাল্লা বা শিশু ৰামৰ এটা মূৰ্তি মছজিদৰ ভিতৰত গোপনে স্থাপন কৰে। যাৰ বাবে উত্তেজনা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। হিন্দু আৰু মুছলমান পক্ষৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা সংঘাত নিয়ন্ত্ৰণৰ বাবে পৰৱৰ্তী সময়ত এগৰাকী কাৰ্যবাহী দণ্ডাধীশে মছজিদ চৌহদটো পৌৰসভাৰ ব’ৰ্ডৰ অধীনলৈ আনে। পিছত ১৯৫০ চনৰ জানুৱাৰী মাহত পৌৰসভাৰ ব’ৰ্ডে মছজিদৰ প্ৰৱেশদ্বাৰত তলা লগাই দিয়ে। সেই সময়ৰ পৰাই মছজিদত মুছলমানৰ নামাজ আদায় বন্ধ হৈ পৰে।

১৯৫০ চনত এজন হিন্দু ভক্তই ফৈজাবাদৰ দেৱানী আদালতত মছজিদ চৌহদত ৰাম পূজাৰ অনুমতি আৰু ভিতৰৰ মূৰ্তিবোৰ আঁতৰোৱাত বাধা দিবলৈ আবেদন দাখিল কৰে। ১৯৫১ চনত দেৱানী আদালতে এই আবেদন গ্ৰহণ কৰি মূৰ্তিবোৰ আঁতৰাই নিদিবলৈ নিৰ্দেশ দিয়ে আৰু মছজিদ চৌহদৰ বাহিৰৰ চোতালত হিন্দুসকলৰ পূজা-পাঠৰ অনুমতি প্ৰদান কৰে। ১৯৫৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়েও দেৱানী আদালতৰ এই ৰায় বাহাল ৰাখে। এই ন্যায়িক আদেশৰ ফলত কাৰ্যতঃ চৌহদটো মছজিদৰ সলনি হিন্দু মন্দিৰৰ ৰূপ ল’বলৈ আৰম্ভ কৰে। 

২০১৮ আৰু ২০১৯ চনত উচ্চতম ন্যায়ালয়ৰ সন্মুখত মুছলমান বিবাদীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী ৰাজীৱ ধৱনে কয় যে আদালতে মছজিদত 'হিন্দু নামাজ’ৰ অনুমতি দিব নালাগিছিল। তেওঁ কয়, "আদালতে যথাৰ্থ অৱস্থা বজাই ৰখা উচিত আছিল।"

বাবৰি মছজিদত হিন্দুৰ অধিকাৰ!

১৯৫৯ চনত হিন্দু ধৰ্মীয় পন্থাৰ নিৰ্মোহী আখৰা আৰু পুৰোহিত ৰঘুনাথ দাসে বিবাদিত ভূমি যাতে মন্দিৰ হিচাপে পৰিচালনা কৰিব পাৰি তাৰ মালিকীস্বত্বৰ দাবীত আবেদন দাখিল কৰে। ইফালে ১৯৬১ চনত চুন্নী কেন্দ্ৰীয় ৱাকফ ব’ৰ্ডে গাঁথনিটো মছজিদ বুলি ঘোষণা কৰি মাটিখিনি মুছলমান পক্ষক গতাই দিবলৈ দাবী জনায়। এই গোচৰসমূহ পৰৱৰ্তী ডেৰ-দুই দশকলৈ ফৈজাবাদৰ দেৱানী আদালতত বিচাৰাধীন হৈ থাকে।

১৯৮৬ চনত এই গোচৰৰ সৈতে জড়িত এজন অধিবক্তাৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই ফৈজাবাদ জিলা ন্যায়াধীশৰ আদালতে মছজিদৰ দুৱাৰ খুলিবলৈ নিৰ্দেশ দিয়ে যাতে হিন্দু ভক্তসকলে চৌহদত পূজা-অৰ্চনা কৰিব পাৰে। আদালতে যুক্তি দি কয় যে বিগত ৩৫ বছৰ ধৰি চৌহদত হিন্দুসকলৰ পূজা-পাঠৰ অধিকাৰ আছে, এই সময়ছোৱাত কোনো ধৰণৰ মুছলমানৰ নামাজ আদায় কৰা হোৱা নাছিল। সেয়েহে ফৈজাবাদ জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে মছজিদৰ তলা খুলিলে আইন-শৃংখলাৰ সমস্যা নহ’ব বুলি আশ্বাস দিয়াৰ পিছত আদালতে তলাটোক ভক্তক পূজা-অৰ্চনাৰ পৰা পৃথক কৰাৰ বাবে “অপ্ৰয়োজনীয়” আৰু “কৃত্ৰিম বাধা” বুলি অভিহিত কৰে। দুৱাৰ খোলাৰ লগে লগে বিবাদিত স্থানটো এটা কাৰ্যক্ষম মন্দিৰলৈ ৰূপান্তৰিত হয়।

১৯৯৪ চনৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত

১৯৯২ চনৰ ডিচেম্বৰ মাহত এটা হিন্দুত্ববাদী গোটে বাবৰি মছজিদ ভাঙি তাৰ ঠাইত অস্থায়ী মন্দিৰ নিৰ্মাণ কৰে। ইয়াৰ পিছত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিবাদিত ভূমি দখল কৰিবলৈ অধ্যাদেশ গৃহীত কৰে।  পিছলৈ সংসদে অযোধ্যাত নিৰ্দিষ্ট অঞ্চল অধিগ্ৰহণ আইন, ১৯৯৩ হিচাপে গৃহীত কৰা এই অধ্যাদেশখনে নিৰ্ধাৰণ কৰিছিল যে বিবাদিত স্থানত হিন্দুসকলে কৰা প্ৰাৰ্থনাৰ যথাৰ্থ অৱস্থা বজাই ৰাখিব লাগে আৰু সম্পত্তিৰ সৈতে জড়িত সকলো গোচৰ অন্ত পেলাব লাগে।

পিছত এই আইনখনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হয়। আদালতৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে এই প্ৰত্যাহ্বানৰ শুনানি গ্ৰহণ কৰে। ১৯৯৩ চনত দিয়া ৰায়দানত আদালতে ৩:২ সংখ্যাগৰিষ্ঠতাৰে এই আইনখন সমৰ্থন কৰিছিল যদিও গোচৰ চলি থকাৰ সময়ত গোচৰ চলোৱাত বাধা দিয়া ব্যৱস্থাটো বাতিল কৰিছিল। ফলত বিবাদিত স্থানৰ সৈতে জড়িত মালিকীস্বত্বৰ গোচৰ পুনৰ আৰম্ভ হয়।

আদালতৰ সিদ্ধান্তই কাৰ্যকৰীভাৱে চৰকাৰক মাটিৰ অস্থায়ী বা নামমাত্ৰ মালিক হিচাপে গণ্য কৰা বুলি উল্লেখ কৰি ধৱনে কয় যে, ‘এয়া অতি আচহুৱা সিদ্ধান্ত আছিল। গোচৰৰ সিদ্ধান্ত লোৱাৰ পিছত চৰকাৰে সম্পত্তি গতাই দিবলৈ বাধ্য হ’ব।’

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়

উত্তৰ প্ৰদেশ চৰকাৰৰ উদ্যোগত এই বিবাদৰ সৈতে জড়িত সকলো বিচাৰ ১৯৮৯ চনত এলাহাবাদ উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰা হয়। ২০১০ চনত উচ্চ ন্যায়ালয়ে এই বিবাদৰ এক অনন্য সমাধান দিছিল: বিবাদিত ভূমিক তিনিটা সমান ভাগত ভাগ কৰি চুন্নী ৱাকফ ব’ৰ্ড, নিৰ্মোহী আখৰা আৰু ৰাম লাল্লাক প্ৰতিনিধিত্ব কৰা উপাধি দাবীদাৰ ৰাম লাল্লা বিৰাজমানক এটা অংশ দিয়া হয়। ভাঙি পেলোৱা মছজিদৰ মূল গম্বুজৰ তলৰ মাটিখিনি একে ঠাইতে ৰাম জন্ম হোৱা বুলি বিশ্বাস কৰি হিন্দু দলসমূহক আবণ্টন দিয়া হয়। ইয়াৰ ভিতৰত ১৮৮৫ চনত আইনী দাবীৰ সূচনা কৰা চাবুত্ৰাও অন্তৰ্ভুক্ত কৰা হৈছিল। মুছলমান পক্ষক দিয়া অংশটোত বিবাদিত স্থানৰ বাহিৰৰ চোতালখনো অন্তৰ্ভুক্ত কৰা হৈছিল।

কিন্তু উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে সকলো পক্ষই এই ৰায়ক উচচতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়। কোনো পক্ষই দাবী নকৰাৰ পিছতো উচ্চ ন্যায়ালয়ে মাটিখিনি ভাগ কৰি দিয়াৰ ভিত্তিত ২০১১ চনত উচ্চ ন্যায়ালয়ৰ এই ৰায়ত স্থগিতাদেশ জাৰি কৰে সৰ্বোচ্ছ ন্যায়ালয়ে। পৰৱৰ্তী কেইবছৰমান এই গোচৰটো উচ্চতম ন্যায়ালয়তে বিচাৰাধীন হৈ থাকে।

উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত সিদ্ধান্ত

২০১৯ চনৰ জানুৱাৰী মাহত ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱশেষত এই গোচৰৰ নিষ্পত্তিৰ বাবে পাঁচজনীয়া বিচাৰপীঠ গঠন কৰে। সেই বছৰৰ মাৰ্চ মাহত আদালতে পক্ষসমূহক সমাধানৰ বাবে মধ্যস্থতাৰ চেষ্টা কৰিবলৈ নিৰ্দেশ দিয়ে। ফলস্বৰূপে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এফ এম আই কালিফুল্লা, জ্যেষ্ঠ অধিবক্তা তথা প্ৰখ্যাত মধ্যস্থতাকাৰী বিশেষজ্ঞ শ্ৰীৰাম পাঞ্চু আৰু যোগগুৰু তথা আধ্যাত্মিক নেতা ৰবি শংকৰক লৈ তিনিজনীয়া মধ্যস্থতাকাৰী পেনেল গঠন কৰা হয়।

এই পেনেলক “মধ্যস্থতাত টোকেন প্ৰচেষ্টা” বুলি অভিহিত কৰি ২০১৮ চনত উচ্চতম ন্যায়ালয়ৰ সন্মুখত মুছলমান দলসমূহক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা ৰাজু ৰামচন্দ্ৰনে আঙুলিয়াই দিয়ে যে পেনেলৰ তিনিজন সদস্যৰ ভিতৰত মাত্ৰ এগৰাকীহে যোগ্য মধ্যস্থতাকাৰী আছিল আৰু তেওঁ আছিল শ্ৰীৰাম পাঞ্চু। ৰামচন্দ্ৰনে কয়, ‘তামিলনাডুৰ মুছলমান ন্যায়াধীশ কালিফুল্লাই হিন্দী বা হিন্দুস্তানী বা উৰ্দুও ক’বলৈ নাজানিছিল।

মধ্যস্থতাকাৰী অনুশীলনে বিবাদ নিষ্পত্তি কৰিব নোৱাৰাৰ পিছত আদালতে আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত দৈনিক শুনানি আৰম্ভ কৰে আৰু তাৰ পিছত নৱেম্বৰ মাহত ৰায়দান কৰে। বহু প্ৰত্যাশিত সিদ্ধান্তত আদালতে বিবাদিত ভূমিৰ মালিকীস্বত্ব ৰাম লল্লা বিৰাজমানক প্ৰদান কৰে। কিন্তু ১৯৪৯ চনত মছজিদৰ ভিতৰত দেৱতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা আৰু ১৯৯২ চনত ভাঙি পেলোৱা দুয়োটা কামেই অবৈধ বুলি স্বীকাৰ কৰে। ইয়াৰ পিছতো আদালতে সিদ্ধান্ত লয় যে মালিকীস্বত্ব হিন্দু দলসমূহৰ হাতত থাকিব কাৰণ তেওঁলোকে বিবেচনা কৰে যে তেওঁলোকে মুছলমান দলতকৈ দখল আৰু ব্যৱহাৰৰ বাবে উন্নত গোচৰ ৰুজু কৰিছে। আনহাতে আদালতে মছজিদ নিৰ্মাণৰ বাবে অযোধ্যাৰ বিকল্প স্থান চুন্নী ৱাকফ ব’ৰ্ডক আবণ্টন দিবলৈও ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে।

কিন্তু উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক ব্যাপক সমালোচনা কৰি আহিছে আইনী বিশেষজ্ঞসকলে। ৰামচন্দ্ৰনে কয়, "বাবৰি মছজিদ ভাঙি পেলোৱাটোক অপৰাধ বুলি অভিহিত কৰাটো যথেষ্ট বিষম, তথাপিও অপৰাধৰ স্থানত মন্দিৰ নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল।" ইফালে সাংবাদিক আজাজ আছৰাফৰ মতে, উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদ দখল কাৰ্যক বৈধতা প্ৰদান কৰে।

উল্লেখ্য যে, আদালতৰ সৰ্বসন্মতিক্ৰমে প্ৰদান কৰা এই ৰায় উল্লেখযোগ্য আছিল, কাৰণ হয়তো এয়া আছিল আদালতৰ একমাত্ৰ ৰায়, য’ত ৰায়দানৰ লেখকৰ নাম উল্লেখ কৰা হোৱা নাছিল। ইয়াৰ উপৰিও বিচাৰপীঠত এজন অচিনাক্ত ন্যায়াধীশৰ পৰিশিষ্টও অন্তৰ্ভুক্ত কৰা হৈছিল। সমাজবিজ্ঞানী তথা আইনী গৱেষক কল্পনা কন্নবিৰানে কয়, "মোৰ মতে ৰায়দানৰ এই অদ্ভুত গাঁথনিয়ে ইয়াৰ ব্যতিক্ৰম হিচাপে মৰ্যাদাৰ ইংগিত দিয়ে য'ত কোনো নিয়ম প্ৰযোজ্য হোৱাৰ প্ৰয়োজন নাই।"

জ্যেষ্ঠ অধিবক্তা ধৱনে এই সিদ্ধান্তক “গুৰুতৰভাৱে ত্ৰুটিপূৰ্ণ” বুলি অভিহিত কৰে। তেওঁ কয় যে এই ৰায়দানত দুটা ডাঙৰ ত্ৰুটি আছে: ১৯৮৯ চনত ৰাম লল্লা বিৰাজমানে দাখিল কৰা মূল গোচৰত সীমাবদ্ধতাৰ নিয়ম প্ৰয়োগ কৰাত ব্যৰ্থ হৈছিল, যিটো তেওঁ “অৰ্থহীন” বুলি অভিহিত কৰে। সীমাবদ্ধতাই আইনগতভাৱে নিৰ্দিষ্ট সময়সীমাক বুজায় যাৰ বাহিৰেও সম্পত্তিৰ অধিকাৰ চলি নাথাকে। ভাৰতত ভূমিৰ অধিকাৰ দাবী কৰাৰ সীমাবদ্ধতাৰ সময়সীমা হৈছে ৩০ বছৰ। দ্বিতীয়তে, তেওঁ কয় যে হিন্দুসকলৰ কেৱল এক পূৰ্বনিৰ্ধাৰিত অধিকাৰ আছিল – অৰ্থাৎ, সম্পত্তিৰ ওপৰত আইনীভাৱে নিহিত মালিকীস্বত্বৰ পৰিৱৰ্তে মুকলি আৰু নিৰন্তৰ ব্যৱহাৰ আৰু দখলৰ জৰিয়তে প্ৰাপ্ত কৰা অধিকাৰ আৰু ১৮৮৫ চনৰ আদালতৰ সিদ্ধান্তই এইটো মুছলমানসকলৰ বুলি ৰায় দিছিল। তেওঁ শেষত কয় যে, "সিদ্ধান্তটো যথেষ্ট স্পষ্টভাৱে ৰাজনৈতিক আৰু ন্যায়িক সিদ্ধান্ত নহয়।"

ৰামচন্দ্ৰনে এই যুক্তিত সহমত প্ৰকাশ কৰি কয় যে ৰায়দানৰ জৰিয়তে ন্যায় ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ইফালে আইনী গৱেষক কল্পনা কন্নবীৰানে কয়, "উচ্চ পৰ্যায়ৰ ন্যায়পালিকাৰেই বাবৰি মছজিদৰ ধ্বংসপ্ৰাপ্ত অৱশিষ্টত ৰাম মন্দিৰ স্থাপন কৰা হৈছে আৰু ৰাম জন্মভূমি আন্দোলনক স্থানীয় হত্যাৰ ধ্বংসাত্মক কক্ষপথলৈ ঠেলি দিয়া হৈছে।"

অৱসৰৰ পিছতে ন্যায়াধীশক পুৰস্কাৰ!

এই বিতৰ্কিত গোচৰৰ ৰায় প্ৰদান কৰা ন্যায়াধীশ ৰঞ্জন গগৈয়ে মুখ্য ন্যায়াধীশৰ পদৰ পৰা অৱসৰ গ্ৰহণৰ মাত্ৰ ৪ মাহ পিছতে মোদী চৰকাৰে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰে। এগৰাকী মুখ্য ন্যায়াধীশক অৱসৰৰ পিছত এনেদৰে ৰাজ্যসভালৈ মনোনীত কৰা কাৰ্যই ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা লাভ কৰিছিল। অন্যহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, অন্যান্য কাৰণৰ লগতে ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ বাবে ৰঞ্জন গগৈক অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ’ব।

কেৱল এয়াই নহয়, এই গোচৰৰ ৰায়দানৰ বিচাৰপীঠত থকা ন্যায়াধীশ এছ আব্দুল নাজিৰকো পুৰস্কাৰ স্বৰূপে অৱসৰৰ এমাহৰ পাছতে অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। এই গোচৰৰ আন এজন ন্যায়াধীশ ন্যায়াধীশ অশোক ভূষণকো অৱসৰৰ চাৰি মাহৰ পাছত ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে মোদী চৰকাৰে।


উৎসঃ 1951 to 2019: How the Indian judiciary turned the Babri Masjid into the Ram Mandir, www.scroll.in