পাঞ্জাবাৰী:মধ্যবিত্ত পৰিয়াল এটাৰ বিদ্যুতৰ বিলে স্তম্ভিত কৰিলে সকলোকে। গুৱাহাটী মহানগৰীৰ লখৰাৰ সাউকুছিৰ এটা মধ্য বিত্ত পৰিয়ালটোৰ এমাহৰ বিদ্যুতৰ মাচুল ৮২ লাখ ৮৪ হাজাৰ টকা অহাত সকলোৰে চকু কপালত উঠে। 

কাহিলীপাৰা বিদ্যুৎ সংমণ্ডলৰ পৰা অহা বিদ্যুতৰ বিল খনক লৈ বৃহৎ অঞ্চলটোত তীব্ৰ চৰ্চা লাভ কৰিছে। সঞ্চয় চৌধুৰী নামৰ পৰিয়ালটোলৈ অহা এপ্ৰিল মাহৰ বিলখন হাতত পাই পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্য ভিতিগ্ৰস্ত হয়।

 প্ৰতিমাহে ৮০০ ৰপৰা ১১০০ টকা মাচুল অহা পৰিয়ালটোলৈ আহে বিদ্যুতৰ মাচুল। অন্যহাতে উক্ত বিলখন পাই কাহিলীপাৰা বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয়ৰে যোগাযোগ কৰিও এই পৰ্য্যন্ত কোনোধৰণৰ সমিধান পাবলৈ সক্ষম হোৱা নাই পৰিয়ালটো। 

বৰঞ্চ উক্ত মাচুল পৰিশোধ কৰাৰ বাবেহে পৰিয়াল টোক জনায় কৰ্মচাৰীয়ে। উপায়ন্তৰ পৰিয়ালটোৱে ন্যায়ালয়ৰ জৰিয়তে গ্ৰাহক সুৰক্ষা আইনৰ অধীনত আজি এটা গোচৰ ৰুজু কৰে।