ডিজেটেল ডেস্কঃ বিয়া এক সামাজিক বান্ধোন। এৰাব নোৱোৰা মিলন বুলি কোৱা হয়। দুখন হৃদয়ৰ বুজাপৰা নহ'লে যুৱক-যুৱতীয়ে সাধাৰণতে বিয়াত নবহে। তাৰ মাজতে একাংশ যুৱকে জোৰ জুলুম কৰি বিয়া কৰাৰ চেষ্টা চলাই কোনো এগৰাকী যুৱতীক।

তেনেই এজন যুৱকে এগৰাকী যুৱতীক দিছিল বিবাহৰ প্ৰস্তাৱ। কিন্তু যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ গ্ৰহণ নকৰাত জ্বলাই হত্যা কৰে যুৱতীগৰাকীক। বিবাহক লৈ যুৱতীৰ মনত থাকে অলেখ সপোন, হেপাহ আৰু পৰিকল্পনা। কিন্তু বিয়াত বহিবৰ বাবে সন্মতি নিদিয়াৰ বাবেই নিজৰ প্ৰাণ দিবলগীয়া হ’ল যুৱতীগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।

ছেকেন্দ্ৰাবাদৰ ২২ বছৰীয়া সন্ধা নামৰ যুৱতীগৰাকীক কিছুদিনৰ পৰা তেঁওৰ সহকৰ্মী কাৰ্তিক নামৰ যুৱক জনে বিয়াৰ প্ৰস্তাৱ আগবঢ়াই আহিছিল যদিও যুৱতীগৰাকীয়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। বৃহস্পতিবাৰে সেই বিয়াৰ কথাক লৈ দুয়োৰো মাজত বাক-বিতণ্ডা হোৱাত পথৰ মাজতে কাৰ্তিকে সন্ধাক জীৱন্তে জ্বলাই হত্যা কৰে। তাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে কাৰ্তিকে৷

পিছত অগ্নিদগ্ধ অৱস্থাত সন্ধাক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ নাৰকীয় ঘটনা সংঘটিত কৰা অভিযুক্ত কাৰ্তিক সন্ধাৰে সহকৰ্মী আছিল৷

আৰক্ষী সুত্ৰে প্ৰকাশ যে, অভিযুক্ত কৰ্তিকে বহুদিনৰ পৰাই যুৱতীগৰাকীক হাৰাশাস্তি কৰি আহিছিল আৰু বাৰে বাৰে বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাত জ্বলাই হত্যা কৰে। যেতিয়া সন্ধাই কোনোধৰনৰ গুৰুত্ব প্ৰদান নকৰিলে তেতিয়াই এই জঘন্য অপৰাধ সংঘটিত কৰে কাৰ্তিকে৷