ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও দুৰ্নীতিক সমৰ্থন নকৰে৷ বিজেপি নেতা অৰুণ জেটলিৰ সৈতে ভাগ লোৱা দলীয় এক অনুষ্ঠানত এই কথা স্পষ্ট কৰি দিয়ে নৰেন্দ্ৰ মোদীয়ে৷ ভাৰতক এখন দুৰ্নীতি মুক্ত দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই থকা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘যিয়ে দুৰ্নীতিৰ সৈতে জড়িত হৈ পৰিব, সেইসকলক কেতিয়াই ৰেহাই দিয়া নহ'ব৷ তেওঁৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷’’

আনহাতে নৰেন্দ্ৰ মোদীয়ে নিজৰ বিষয়ে ক'বলৈ গৈ কয়, ‘‘মই কাৰ কাৰণে দুৰ্নীতি কৰিম? মোৰ কোনো সন্তান নাই, পত্নী নাই৷ দুৰ্নীতি কৰি ঘটা ধন খৰছ কৰিব পৰাকৈ মোৰ কোনো ব্যৱস্থাই নাই৷’’ প্ৰধানমন্ত্ৰীৰ এনে কথাৰ পাছতেই এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সততা আৰু নিষ্ঠা স্পষ্ট হৈ পৰিছে বুলি বহুতেই ব্যক্ত কৰিছে৷

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে ক'বলৈ গৈ অৰুণ জেটলীয়ে সাংবাদিকৰ আগত কয়, ‘‘দেশত এনে এজন প্ৰধানমন্ত্ৰী থকাটো সঁচাকৈয়ে গৌৰৱৰ বিষয়৷ প্ৰধানমন্ত্ৰীয়ে সদায় দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰি আহিছে৷ দেশৰ জনসাধাৰণক মোদী ডাঙৰীয়াই সদায় পৰিয়ালতকৈ আগত স্থান দিছে৷ পত্নী, সন্তান নথকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুৰ্নীতি কৰিবই বা কাৰ বাবে!’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকি দলীয় নেতা-কৰ্মী সকলোকে গ্ৰামাঞ্চললৈ গৈ গ্ৰাম্য পৰিৱেশৰ বুজ লবলৈ নিৰ্দেশ প্ৰদান কৰে, যাতে সাধাৰণ জনতাই কেতিয়াও কষ্ট ভূগিবলগীয়া নহয়৷

ইফালে মোদীৰ এই মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধীয়ে। এনে মন্তব্যৰে মোদীয়ে পৰিয়াল থকা লোকসকলক একপ্ৰকাৰ দুৰ্নীতিপৰায়ণ হিচাপে অভিহিত কৰিছে বুলিও সমালোচনা কৰে কেবাগৰাকী বিৰোধী নেতাই। পত্নী আৰু সন্তান থকা হ'লে দুৰ্নীতি কৰিলেহেতেন নেকি বুলিও মোদীক প্ৰশ্ন কৰে বিৰোধীয়ে।