ভাৰতৰ নিৰ্বাচনী ৰাজনীতিৰ পথাৰত এক নীৰৱ কণ্ঠ প্ৰতিটো নিৰ্বাচন পাৰ হোৱাৰ লগে লগে যেন ক্ৰমান্বয়ে মূৰ দাঙি উঠিবলৈ সক্ষম হৈছে। শ্লোগান বা ইস্তাহাৰৰ পৰা বঞ্চিত এই কণ্ঠটোৱেই হৈছে ‘ন’ন অৱ দ্য এবভ’ (NOTA) বিকল্পৰ। ২০১৩ চনত উচ্চতম ন্যায়ালয়ে প্ৰৱৰ্তন কৰা নোটা ব্যৱস্থাই ভাৰতৰ গণতান্ত্ৰিক অনুশীলনত এক নীৰৱ অথচ শক্তিশালী কণ্ঠ হিচাপে ইতিমধ্যে আত্মপ্ৰকাশ ঘটাবলৈ সমৰ্থ হৈছে। যদিও নিৰ্বাচনৰ ফলাফলত এই কণ্ঠৰ কোনো ভূমিকা নাই, তথাপি এই কণ্ঠ সেইসকল ভোটাৰৰ প্ৰতীক হিচাপে প্ৰতিফলিত হৈছে যাৰ দলীয় ৰাজনীতিৰ প্ৰতি মোহভংগ ঘটে বা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীজন ভোটাৰৰ পছন্দৰ নহয়।
NOTA কি আৰু কিয়?
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো প্ৰাৰ্থীয়েই সেই সমষ্টিৰ সকলো ভোটাৰৰ পছন্দৰ নহ’বও পাৰে। সেই প্ৰাৰ্থীজনৰ ব্যক্তিত্ব, আচৰণ বা তেওঁ প্ৰাৰ্থিত্ব আগবঢ়োৱা দলটোৰ সৈতে কোনো ভোটাৰৰ মতানৈক্য থাকিবও পাৰে। এনে পৰিপ্ৰেক্ষিততে ভাৰতৰ নিৰ্বাচনী ৰাজনীতিত ২০১৩ চনত প্ৰথমবাৰৰ বাবে সংযোজন কৰা হৈছিল এটা বিশেষ বিকল্প। উচ্চতম ন্যায়ালয়ে প্ৰৱৰ্তন কৰা সেই বিকল্পটোৱেই আছিল ‘ন’ন অৱ দ্য এবভ’ চমুকৈ (NOTA)। অৰ্থাৎ ওপৰৰ কোনো জনেই নহয়। আদালতৰ মতে উপলব্ধ প্ৰাৰ্থীক লৈ অসন্তুষ্ট নাগৰিকে নিজৰ মতানৈক্য বেলট বাকচ বা ইভিএমত পঞ্জীয়ন কৰাৰ অধিকাৰ থাকিব লাগে। এনে পৰিপ্ৰেক্ষিতত নোটা তেনে ভোটাৰৰ মতানৈক্যৰ চিহ্ন হৈ পৰে। বছৰ বছৰ ধৰি ভোটাৰৰ মোহভংগ জুখিবলৈ নোটা এক প্ৰভাৱশালী কাৰক হিচাপে ব্যৱহৃত হৈছে।
নিৰ্বাচনত নোটাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ হ’লে এই কথা জনাটো খুবেই প্ৰয়োজন যে ভাৰতত দৰাচলতে কিহৰ ভিত্তিত নিজৰ নেতাক বাছনি কৰে। এই বিষয়টো অনুধাৱন কৰিলে এটা কথা স্পষ্ট হৈ পৰে ভাৰতৰ ৰাজনীতিত এজন নেতাৰ ব্যক্তিত্ব, জনপ্ৰিয়তা, তেওঁৰ দল আৰু তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানে মূলতঃ সেই নেতাগৰাকীৰ নিৰ্বাচনী ফলাফল নিৰ্ধাৰণ কৰে।
নেতাৰ জনপ্ৰিয়তা
ৰাজনীতিত জনপ্ৰিয়তা অন্যতম গুৰুত্বপূৰ্ণ আহিলা। যিমানেই জনপ্ৰিয় হ’ব, সিমানেই ভোটাৰৰ ওচৰ চাপিবলৈ সক্ষম হ’ব। আৰু সিমানেই নিৰ্বাচনতো ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ’ব। এনে কাৰণতে ৰাজনীতিত অভিনেতা, কলা-কুশলী আৰু অন্য ক্ষেত্ৰৰ সৈতে জড়িত সুপৰিচিত ব্যক্তিৰ পয়োভৰ দেখিবলৈ পোৱা যায়।
শত্ৰুঘ্ন সিনহা, হেমা মালিনীৰ পৰা ছানী দেউল, ৰবি কিষাণলৈকে জনপ্ৰিয়তাৰ আলম লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰা অনেক চেলিব্ৰেটী নেতাৰে ভৰি আছে দেশৰ ৰাজনীতি। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও জনপ্ৰিয় হোৱাৰ সুযোগ লৈয়ে ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু ৰাজনীতিৰ পথাৰত নিজৰ ভাগ্যোদয় ঘটাবলৈ সক্ষম হৈছিল।
নেতাৰ ব্যক্তিত্ব
ৰাজনীতিত কেৱল জনপ্ৰিয় হ’লেই নহ’ব, ব্যক্তিত্ব থাকিলেহে নিৰ্বাচনী ৰণত ভোট লাভ কৰিবলৈ সক্ষম হ’ব। এজন নেতাৰ কথন শৈলী, চাল-চলন, আচাৰ ব্যৱহাৰ আদিয়ে বিশেষভাৱে ভোটাৰক আকৃষ্ট কৰে। নিজৰ ব্যক্তিত্বৰ জৰিয়তে ভোটাৰক নিজৰ সৈতে সংপৃক্ত কৰিব পাৰিলেই সেয়া নেতাৰ বাবে সাফল্য।
২০১৪ চনত সমগ্ৰ দেশ নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেওঁৰ কথনশৈলী, তেওঁৰ দুঃসহ অতীত জীৱনৰ কাহিনীয়ে ভোটাৰক তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছিল। যাৰ পৰিণামস্বৰূপে ২০১৪ৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশ বিজেপিমুখী হৈ পৰিছিল। একেদৰেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক 'পাপ্পু’ সম্বোধন কৰি তেওঁৰ ব্যক্তিত্বক অৱনমিত ঘটাই ভোটাৰৰ দৃষ্টিত তেওঁক হেয় কৰি তোলা হৈছিল।
দলৰ আদৰ্শ আৰু পৰম্পৰাগত ভোটবেংক
এই কথা প্ৰায়ে শুনা যায় যে অমুকটো সমষ্টি কংগ্ৰেছৰ দুৰ্গ, তমুকটো সমষ্টি বিজেপিৰ কিলা। বা এইদৰেও শুনা যায় যে অমুকটো সম্প্ৰদায়ে কেৱল অমুক দলকহে ভোট দিয়ে, তমুকটো সম্প্ৰদায়ৰ ভোট তমুকটো দলেহে পায়। এনে হোৱাৰ একমাত্ৰ কাৰণেই হৈছে সেই সমষ্টি বা অঞ্চলটোত এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ থকা প্ৰভাৱ। যাক পৰাম্পৰাগত ভোট বেংক বুলিও ৰাজনৈতিক ভাষাত কোৱা শুনা যায়।
সেই অঞ্চল বা সমষ্টিৰ অধিকাংশ ভোটাৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এটা নিৰ্দিষ্ট দলৰ প্ৰতিয়েই আনুগত্য প্ৰকাশ কৰি আহে। তেনে সমষ্টি বা অঞ্চলত প্ৰাৰ্থীৰ প্ৰভাৱতকৈ দলৰ প্ৰভাৱ অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। যাৰ বাবে প্ৰাৰ্থী যি নহ’লেও তেনে সমষ্টিত এটা নিৰ্দিষ্ট দলে জয়লাভ কৰাটো সহজ হৈ পৰে।
অৱশ্যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰম্পৰাগত ভোট বেংক কিছু হ’লেও কম হোৱা পৰিলক্ষিত হৈছে। ২০১৯ৰ লোকসভা নিৰ্বাচনত আমেথি সমষ্টিত পৰাজিত হৈছিল ৰাহুল গান্ধী। এই সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ বুলিয়েই পৰিচিত আছিল পূৰ্বে। শেহতীয়াকৈ গুজৰাটৰ বিধানসভা নিৰ্বাচনতো বহু কেইটা কংগ্ৰেছৰ দুৰ্গস্বৰূপ সমষ্টিত এইবাৰ বিজেপিৰ জয়ে পৰম্পৰাগত ভোটাৰৰ হাৰ হ্ৰাস পোৱাৰ উমান দিছে।
আঞ্চলিকতাবাদ আৰু জাতিভিত্তিক ভোট বেংক
বৈচিত্ৰ্যৰ দেশ ভাৰত। এই দেশত বাস কৰা প্ৰতিটো জাতিৰেই এখন সমাজ আছে, ৰাজনৈতিক ক্ষেত্ৰখনতো তেওঁলোকৰ দাবী আছে। ইয়াৰে সুযোগ লৈ গঠন হোৱা কিছু ৰাজনৈতিক দলৰ ভোটাৰ সকলো মূলতঃ সেই জাতিটোৰেই হয়। উদাহৰণ হিচাপে উত্তৰ প্ৰদেশৰ মায়াৱতীৰ বহুজন সমাজ পাৰ্টি বা অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিৰ দৰে দলৰ ৰাজনীতি সামাজিক ন্যায় আৰু জাতি সমীকৰণৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে।
ইছ্যু ভিত্তিক ভোটদানৰ উত্থান
পৰম্পৰাগত কাৰকবোৰ থাকিলেও এতিয়া লাহে লাহে নতুন প্ৰজন্মৰ ভোটাৰৰ মাজত লাহে লাহে উত্থান ঘটিছে ইছ্যু ভিত্তিক ৰাজনীতি। নতুন প্ৰজন্মৰ মাজত দল বা প্ৰাৰ্থীতকৈ তেওঁলোকে সন্মুখীন হোৱা উন্নয়নমূলক বিষয়, সংস্থাপন, মহিলাৰ সুৰক্ষা আদি বিষয়বোৰৰ বাবে ভোটদান কৰিবলৈ আৰম্ভ কৰিছে। দিল্লীত আম আদমী পাৰ্টীৰ চৰকাৰ ইছ্যু ভিত্তিক ৰাজনীতিৰ এক উল্লেখযোগ্য উদাহৰণ বুলি ক’ব পাৰি। শেহতীয়াকৈ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনতো বিকাশ, সংস্থাপন, মহিলাৰ সুৰক্ষা, দুৰ্নীতি আদি গুৰুত্বপূৰ্ণ বিষয়সমূহে প্ৰাধান্য লাভ কৰিছিল।
NOTA ভোটৰ প্ৰভাৱ
যদিও দেশৰ নিৰ্বাচনী ৰাজনীতিত NOTA ই কোনো ফলাফলত কোনো প্ৰভাৱ পেলোৱা নাই (সৰ্বাধিক ভোট পোৱা প্ৰাৰ্থীয়ে এতিয়াও জয়ী হয়, যদিও NOTA-এ সংখ্যাগৰিষ্ঠতা লাভ কৰে), তথাপি ইয়াৰ উপস্থিতিয়ে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।
বছৰ বছৰ ধৰি কেইবাটাও সমষ্টিত উল্লেখযোগ্য সংখ্যক নোটা ভোটৰ সাক্ষী হৈ আহিছে, আনকি কেতিয়াবা কিছুমান মূলসুঁতিৰ ৰাজনৈতিক দলে লাভ কৰা ভোটকো অতিক্ৰম কৰিছে। ইয়াৰ জৰিয়তে ৰাজনৈতিক দলসমূহক আত্মনিৰীক্ষণ, প্ৰাৰ্থী নিৰ্বাচন, আৰু শক্তিশালী নীতিগত কাঠামোৰ প্ৰয়োজনীয়তাৰ প্ৰতি দায়ৱদ্ধ কৰি তুলিব পৰা যায়।
ৰাজনৈতিক মোহভংগকাৰীসকলৰ বাবে নোটাই বেৰ’মিটাৰ হিচাপে কাম কৰে। ভোটাৰসকলে যে চাই আছে, উন্নত পছন্দৰ দাবী জনাইছে, আৰু নিজৰ অসন্মতি প্ৰকাশ কৰিবলৈ ভয় নকৰে, সেই কথা স্বীকাৰ কৰাটো দলসমূহৰ বাবে এক সংকেত ধ্বনিসদৃশ।
২০১৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত নোটা গণনাই কিছুমান বিশেষ প্ৰাৰ্থীৰ পৰাজয়ৰ ভোটৰ ব্যৱধান অতিক্ৰম কৰি কঠোৰ প্ৰতিদ্বন্দ্বিতা কৰা আসনত ইয়াৰ গেম চেঞ্জাৰ হোৱাৰ সম্ভাৱনাৰ ইংগিত দিছিল। একেদৰে ২০১৭ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত নোটাই ৫ লাখৰো অধিক ভোট (মুঠ ভোটৰ ১.৮%) লাভ কৰিছিল, যিয়ে ভোটাৰৰ অসন্তুষ্টি স্পষ্ট কৰি তুলিছিল।
২০১৯ৰ লোকসভা নিৰ্বানত ৰাষ্ট্ৰীয় পৰ্যায়ত নোটাৰ ভোটৰ পৰিমাণ আছিল ৬৫ লাখ। কেৱল জনবহুল উত্তৰ প্ৰদেশৰ ২০টা সমষ্টিত বিজয়ৰ ব্যৱধানতকৈ অধিক ভোট লাভ কৰে নোটাই। উল্লেখ্য যে NOTA কেৱল প্ৰতীকী নহয়; ইয়াৰ আয়তনে ৰাজনৈতিক দল সমূহলৈ শক্তিশালী সংকেত প্ৰেৰণ কৰিব পাৰে।
আঞ্চলিক দৃষ্টিভংগীৰে NOTA
ছত্তীশগড়, ঝাৰখণ্ড, বিহাৰৰ নক্সাল প্ৰভাৱিত অঞ্চলৰ দৰে বিদ্ৰোহী কাৰ্যকলাপ থকা ৰাজ্যসমূহে ধাৰাবাহিকভাৱে নোটা ভোটৰ অধিক শতাংশ লাভ কৰিছে। ইয়াৰ অৰ্থ হ’ল এই অঞ্চলসমূহৰ মূলসুঁতিৰ ৰাজনৈতিক দলসমূহৰ প্ৰতি সাধাৰণ ভোটাৰৰ অনাস্থা বা অসন্তুষ্টি।
একেদৰে ৰাজনৈতিক পৰিৱৰ্তনৰ অধীনস্থ বা মেৰুকৃত নিৰ্বাচনী যুদ্ধৰ সাক্ষী তামিলনাডুৰ দৰে ৰাজ্যত জয়ললিতাৰ পিছত নোটা ভোটৰ হাৰ নিৰ্বাচনত বৃদ্ধি পোৱা পৰিলক্ষিত হয়। এয়া ৰাজ্যখনত ভোটাৰৰ আকাংক্ষিত নেতৃত্বৰ অভাৱৰ প্ৰতিফলন বুলি দাবী কৰিব বিচাৰে ৰাজনৈতিক বিশ্লেষকসকলে।
অসমত NOTAৰ প্ৰভাৱ
সমগ্ৰ দেশৰ লগতে এতিয়া অসমতো বৃদ্ধি পাইছে নোটাৰ প্ৰভাৱ। ২০২১ৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ ৰাজ্যৰ প্ৰায় ২ লাখ ভোটাৰে নোটাত ভোট দিয়া পৰিলক্ষিত হৈছিল। এয়া আছিল ৰাজ্যখনৰ মুঠ ভোটাৰৰ প্ৰায় ১.৩ শতাংশ।
অসমত নোটা ভোটৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ কেইবাটাও বুলি ৰাজনৈতিক বিশেষজ্ঞ সকলে দাবী কৰে। এই কাৰণসমূহৰ অন্যতম এটা হৈছে নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা প্ৰতিবাদ। ইয়াৰোপৰিও স্থানীয় অসন্তুষ্টি, বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে চলোৱা প্ৰচাৰ আদি বিভিন্ন বিষয় আছিল নোটা ভোট বৃদ্ধিৰ কাৰক।
NOTAৰ বাবে পৰৱৰ্তী কি?
নোটাৰ প্ৰতীকী শক্তি অনস্বীকাৰ্য হ’লেও ইয়াৰ ব্যৱহাৰিক প্ৰভাৱৰ ওপৰত বিতৰ্ক অব্যাহত আছে। কিছুমানে অধিক স্পষ্ট প্ৰভাৱৰ বাবে যুক্তি আগবঢ়াই কয় যে যদিহে নোটাই সংখ্যাগৰিষ্ঠতা লাভ কৰে তেন্তে প্ৰাৰ্থীৰ সৈতে পুনৰ নিৰ্বাচন আহ্বান কৰা উচিত। এনে সংস্কাৰে দলসমূহক নিজৰ ৰাজনৈতিক সুবিধাতকৈ মানুহৰ পছন্দ আৰু প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিবলৈ বাধ্য কৰি তোলাৰ সম্ভাৱনা আছে।
গণতন্ত্ৰ হৈছে জনতাৰ ইচ্ছাৰ প্ৰতিফলন। ভাৰতীয় ৰাজনৈতিক বৰ্ণালীৰ বিকাশৰ লগে লগে ইয়াৰ ভোটাৰসকলো বিকশিত হৈ আহিছে। NOTA বিকল্প কেৱল উপলব্ধ বিকল্পৰ বিৰুদ্ধে ভোট দিয়া নহয়, বৰঞ্চ অধিক উপযুক্ত প্ৰতিনিধিত্বৰ বাবে কৰা আবেদন। দেশৰ অগ্ৰগতিৰ লগে লগে অনাগত দিনত ভাৰতীয় গণতন্ত্ৰৰ স্থিতিও গঢ় দিয়াত নোটাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাটো অনিবাৰ্য।