ডিজিটেল ডেস্কঃ অৱশেষত বুধবাৰে ন্যায় পালে ৰানাঘাটৰ গীৰ্জাটোৱে। প্ৰায় তিনিবছৰ ধৰি ন্যায়ৰ অপেক্ষাত আছিল পশ্চিম বংগৰ নদিয়াৰ ৰানাঘাটৰ গীৰ্জাটোৱে। ২০১৫ চনৰ মার্চ মাহত এই কনভেন্টত সোমাই লুটপাটৰ লগতে সত্তৰোর্ধ্বৰ সন্ন্যাসিনীক গণধর্ষণ কৰিছিল ৬ দুৰ্বৃত্তই। তাৰ পিছৰে পৰা তিনি বছৰ ধৰি ন্যায়ৰ অপেক্ষাত ক্ষণ গনিছিল সন্ন্যাসিনীয়ে। বুধবাৰে এই নিৰ্লজ কাণ্ডৰ ৰায় দান কৰে কলকাতা উচ্চ ন্যায়ালয়ে৷
আদালতে এই ঘটনাক গণধর্ষণ নহয়, ধর্ষণ হে হৈছিল বুলি দোহাৰে। মুল অভিযুক্ত নজৰুল ইছলামৰ আমৃত্যু কাৰাবাস ঘোষণাৰ লগতে জৰিমনাও বিহে আৰু অন্য চাৰিজনক ১০ বছৰৰ কাৰাদণ্ডৰ নির্দেশ দিয়ে৷ প্ৰত্যেককে ২০০০০ টকাৰ ওচৰা-ওচৰি জৰিমনা বিহাৰ লগতে জৰিমনা দিবলৈ অসমৰ্থ হোৱা সকলে পুনৰ আঢ়ৈ বছৰ কৈ জেল খাটিব লাগিব৷ বুধবাৰে এই ৰায় প্ৰদান কৰে কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ কুমকুম সিনহাই৷
ধর্ষণত দোষীসাব্যস্ত কৰা হৈছে অভিযুক্ত নজৰুল ইছলামক। অইন ৫ জনক ডকাইতিৰ অভিযোগত দোষীসাব্যস্ত কৰিছে আদালতে। ৰায় দি বিচাৰকে কয়, ‘এই ঘটনা অত্যন্ত দুখজনক। মাদাৰ টেৰেচা আৰু চিষ্টাৰ নিবেদিতাৰ ৰাজ্যত এগৰাকী সন্ন্যাসিনীৰ লগত এনে নিৰ্লজ ঘটনা অত্যন্ত আক্ষেপজনক।’
ধৃতসকলৰ যাবজ্জীৱন কাৰাদণ্ডৰ আবেদন কৰিছিল চৰকাৰী অধিবক্তাই। দোষী সাব্যস্ত হোৱা নজৰুল ইছলাম ওৰফে নজু, চালেম শেখ, ৱাহিদুল ইচলাম, খালেদাৰ ৰহমান, মিলন সৰকাৰ আৰু গোপাল চৰকাৰৰ বুধবাৰে তেওঁলোকৰ শাস্তি ঘোষণা কৰে আদালতে। যদিও নজৰুলৰ বাহিৰে অইন অভিযুক্তসকল অপৰাধ স্থলিত উপস্থিত আছিল তথাপিও আদালতে গোটেই কেইজনকে ১০বছৰ কাৰাবাস দিয়াৰ লগতে জৰিমনাও বিহে৷
২০১৫চনৰ মার্চ মাহত কনভেন্ট অফ জিজাচ আণ্ড মেৰিত সোমাইছিল দুৰ্বৃত্ত। নিৰাপত্তাকর্মীক মাৰধৰ কৰি লুটপাট কৰে দুৰ্বৃত্তৰ দলটোৱে। লুট কৰে কেইবালাখ টকা। প্রশাসনিক ভৱনৰ কম্পিউটাৰ আৰু কেমেৰাও লৈ যায়। পিছত কনভেন্টৰ আৱাসত উপস্থিত হৈ সন্ন্যাসিনীক ধর্ষণ কৰে।