newsnextone.com | ডিজিটেল ডেস্কঃ ১১ আগষ্টত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লব প্ৰাক্তন ক্ৰিকেটাৰ তথা পিটিআই দলৰ মুৰব্বী ইমৰাণ খানে। ইমৰাণ খানৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ পৰা কোন কোন উপস্থিত থাকিব তাকেলৈ চৰ্চা আৰম্ভ হৈছে।
জানিব পৰা মতে, ভাৰতৰ ইমৰাণ খানৰ বন্ধু তথা ক্ৰিকেটাৰ কপিল দেৱ, সুনীল গাভষ্কাৰ, নৱজ্যোৎ সিং সিদ্ধু, বলিউডৰ অভিনেতা আমিৰ খানক নিমন্ত্ৰণি পত্ৰ প্ৰেৰণ কৰা বুলি মিডিয়াত খবৰ ওলাইছে। এই নিমন্ত্ৰণ ব্যক্তিগত বুলি জানিব পৰা গৈছে।
ইয়াৰ মাজতে পঞ্জাৱ চৰকাৰৰ মন্ত্ৰী নৱজ্যোৎ সিং সিদ্ধুৱে এখন সংবাদ মেল অনুষ্ঠিত কৰি ইমৰাণ খানক প্ৰশংসা কৰে। নিমন্ত্ৰণ গ্ৰহণ কৰাৰ লগতে পাকিস্তান আৰু ভাৰতৰ মাজত ভাল সম্পৰ্ক গঢ়াৰ পোষকতা কৰে প্ৰাক্তন ক্ৰিকেটাৰ সিদ্ধুৱে।
সিদ্ধুৱে ইমৰাণ খানক ডাঙৰ নেতা বুলি কোৱাৰ লগতে বিপদৰ মাজেৰে যুঁজ দি এই আসন দখল কৰা বুলি কয়। সিদ্ধুৱে কয় যে প্ৰতিগৰাকী লোকৰ নিজ নিজ চিন্তা থাকে। মনোভাৱ থাকে। ইমৰাণে তেওঁৰ দুৰ্বলতাক শক্তিলৈ পৰিৱৰ্তন কৰিছে। মোৰ বাবে এই আমন্ত্ৰণ সন্মানৰ বিষয়। মোক এয়া ব্যক্তিগত আমন্ত্ৰণ জনাইছে।
মই খান চাহাবক দীৰ্ঘ সময়ৰ পৰা জানো। তেওঁ বিপদৰ সৈতে খেলি এই স্থানলৈ আহিছে।
ৰাজনীতিত ডাঙৰ ডাঙৰ মানুহ হতাশ হৈ ওলাই আহে। ইমৰাণে ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ দিছে। ময়ো ক্ৰিকেট খেলিছোঁ আৰু ইমৰাণেও ক্ৰিকেট খেলিছে। ক্ৰিকেটে মানুহক আনন্দ দিয়ে। ৰাজনীতিৰ জৰিয়তে মানুহে সলনি হোৱাৰ সাহস লাভ কৰে। যদি ৰাজনীতি প্ৰেফেচন নহয় মিছন হিচাপে লয় তেন্তে আপুনি ইতিহাস লিখি থৈ যাব পাৰিব। মই বিচাৰো আমাৰ মুখ্যমন্ত্ৰীক লৈ যাও। বহুত সলনি হৈ যাব পাৰে। মই ইয়াক এটা সুবিধাৰ দৰে চাইছোঁ। অমৃতসৰৰ পৰা লাহোৰলৈ পথ ওলাই যাব পাৰে। ইমৰাণে আমাৰ আকাংক্ষাক গতি দিব পাৰে বুলি কয় সিদ্ধুৱে।