newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ মিত্ৰজোঁটৰ চৰকাৰৰ পৰা বিজেপিয়ে মিত্ৰতা ভংগ কৰা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে কঠিন ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ এদিন পিছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদে কয় যে কেন্দ্ৰীয় চৰকাৰৰ দমনকাৰী নীতিৰ দ্বাৰা সকলোতকৈ অধিক ক্ষতি ভোগ কৰিব লাগিব সাধাৰণ জনতাই৷ তেওঁ দাবী কৰে যে কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিধনৰ কাৰণে ২০ জন সাধাৰণ নাগৰিকক হত্যা কৰা হয়৷

গুলাম নবী আজাদে মোডী চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে সেনাৰ আক্ৰমণ নাগৰিকৰ বিৰুদ্ধে বেছি আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কম হয়৷ তেওঁ এয়াও কয় যে কাশ্মীৰত পৰিস্থিতিৰ অৱনতি ঘটাৰ মূল কাৰণ হৈছে মোডী চৰকাৰে আলোচনা কৰাৰ বিপৰীতে কাৰ্য সম্পাদন কৰাত বেছি বিশ্বাস ৰাখে৷ মোডী চৰকাৰে সদায় অস্ত্ৰ প্ৰয়োগ কৰিয়েই সকলো সমাধান কৰিব বিচাৰে বুলিও মন্তব্য কৰে আজাদে৷ 

আজাদে কয়, ‘ইয়াক এল আউট অপাৰেছন কোৱাটোৱে এয়া স্পষ্ট কৰে যে তেওঁ নৰসংহাৰ কৰিবলৈ আঁচনি প্ৰস্তত কৰি আছে৷ তেওঁ এয়া কেতিয়াও নকয় যে আলোচনাৰ জৰিয়তে বিষয় সমাধান কৰিব পাৰি৷ কিন্তু আমেৰিকাৰ নিচিনা শক্তিশালী দেশ এখনেও উত্তৰ কোৰিয়াৰ সৈতে আলোচনা কৰি সমস্যাৰ সমাধান উলিয়াইছিল৷’ 

আজাদে এয়াও কয়, কাশ্মীৰৰ এনে অৱস্থাৰ আঁৰত থকা বৃহৎ কাৰণটো হৈছে এয়া যে মোডীয়ে শাসনাধিষ্ঠিত হোৱাৰ পিছতে কেৱল একচন লোৱাৰ কথা কৈ থাকে৷ ইয়াৰ পৰা এনে লাগে যেন তেওঁ সদায় বন্দুকৰ ব্যৱহাৰহে কৰিব বিচাৰে৷ আনহাতে বিজেপিৰ শাসন কালত কাশ্মীৰ ভস্মীভূত কৰা হ’ল বুলিও দাবী কৰে আজাদে৷

উল্লেখ যে, জম্মু-কাশ্মীৰত ভাৰতীয় জনতা পাৰ্টীয়ে পিডিপিৰ পৰা সমৰ্থন উভটাই লোৱাৰ পিছতে মেহমুবা মুফতিৰ তিনিবছৰীয়া শাসন কালৰ অন্ত পৰে৷ বিজেপিয়ে নিজৰ সমৰ্থন উভটাই লোৱাৰ পিছত মেহবুবা মুফতীয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে৷ ইয়াৰ পিছতে ৰাজ্যখনত ৰাজ্যপাল শাসন লাগু কৰা হয়৷ জম্মু-কাশ্মীৰৰ বিজেপি প্ৰভাৰী ৰাম মাধৱে কয় যে ৰাজ্যখনত সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে পিডিপিৰ উদাসীন দৃষ্টিভংগীৰ বাবেই বিজেপিয়ে সমৰ্থন উভটাই লবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷