newsnextone.com | ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰৰ গালৈ চিয়াঁহী ছটিয়াই এগৰাকী লোক গ্ৰেপ্তাৰ হয় বৃহস্পতিবাৰে৷ ঘৰৰ পৰা ওলাই অহাৰ সময়তে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ মুখলৈ চিয়াঁহী নিক্ষেপ কৰে এগৰাকী লোকে৷ 

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা লোকজন হাৰিয়ানাৰৰ বিৰোধী দল আইএনএলডিৰ কৰ্মী৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা দেশৰ আন মুখ্যমন্ত্ৰীতকৈ বেছি বুলি কোৱা হয়৷ 

আনকি সাংবাদিকেও ইমান সোনকালে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ যোৱাটো সম্ভৱ নহয়৷ তাৰ পিছতো এগৰাকী লোকে কেনেদৰে মুখ্যমন্ত্ৰীৰ ওচৰ পালে তাকেই লৈ চৰ্চা আৰম্ভ হৈছে৷