উৎস ইন্টাৰনেট
উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি অধ্যক্ষ অমিত শ্বাহে বুধবাৰে সন্ধিয়া শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেক সাক্ষাতৰ পূৰ্বে শিৱসেনাই সহযোগী দল বিজেপিক উপেক্ষা কৰা পৰিলক্ষিত হৈছে৷ শিৱসেনাৰ মুখপত্ৰ ‘চামনা’ত প্ৰকাশ পোৱা সম্পাদকীয় পৃষ্ঠাত ২০১৯ চনত দলে অকলেই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিষয়ে পুনৰ এবাৰ উল্লেখ কৰিছে৷

লেখাটোত মোডী চৰকাৰে ভোটাৰৰ ভৰষা হেৰুৱাইছে বুলিও দাবী কৰা হৈছে৷ যাৰ ফলত দলে ইয়াৰ প্ৰকৃত কাৰণ উদঘাটনত গুৰুত্ব প্ৰদান কৰিবলৈ শিৱসেনাই বিজেপিক পৰামৰ্শ প্ৰদান কৰিছে৷ আনহাতে শিৱসেনাই অমিত শ্বাহৰ ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ বিষয়ক নীতিৰ ওপৰতো কটাক্ষ কৰে৷ বিজেপি অধ্যক্ষই এনডিএৰ পূৰ্বৰ সহযোগী টিডিপি অধ্যক্ষ চন্দ্ৰবাবু নাইডুৰ সৈতে সাক্ষাত কৰিবনে নাই বুলি প্ৰশ্ন কৰে শিৱসেনাই৷ 

মঙলবাৰে অমিত শ্বাহে ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ৰ ভিত্তিত উদ্ধৱ থাকৰেৰ সৈতে সাক্ষাত কৰাৰ বিষয়ে প্ৰকাশ হৈছিল৷ মুম্বাইৰ মাতোশ্ৰীত বুধাবাৰে সন্ধিয়া ৬ বজাত নেতা দুগৰাকী মিলিত হ’ব বুলি জানিব পৰা গৈছে৷ শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটে এই বিষয়ে নিশ্চয়তা প্ৰকাশ কৰি কয় যে বিজেপি অধ্যক্ষ অমিত শ্বাহে মঙলবাৰে উদ্ধৱ থাকৰেৰ পৰা সাক্ষাতৰ বাবে সময় বিছাৰিছিল৷

উল্লেখ যে, বিগত বৰ্ষত মুম্বাইত অনুষ্ঠিত হোৱা মহা সন্মিলনত শিৱসেনাই বিজেপিৰ পৰা পৃথক হৈ ২০১৯ৰ লোকসভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰ বিষয়ে ঘোষণা কৰিছিল৷ বিগত কিছু বছৰৰ পৰা দুয়োটা দলৰ সম্পৰ্কৰ মাজত বিভেদ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল৷ ইয়াৰ পিছতে উদ্ধৱ থাকৰে সহ শিৱসেনাৰ অন্য অন্য নেতাই বিজেপিৰ কৰ্ম কাণ্ডৰ ৰাজহুৱা বিৰোধিতা কৰি আহিছে৷ 

সদ্য সম্পন্ন হোৱা পালঘৰ লোকসভা উপ-নিৰ্বাচনতো বিজেপি আৰু শিৱসেনা প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছিল৷ নিৰ্বাচনী প্ৰচাৰৰ সময়তো শিৱসেনাই বিজেপিৰ বিৰুদ্ধাচৰণ কৰা পৰিলক্ষিত হৈছিল৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰ লোকসভাৰ সৰ্বমুঠ ৪৮ খন আসনত ২০১৪ চনত বিজেপি-শিৱসেনাৰ মিত্ৰজোটে ৪২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ আসনৰ হিচাপত উত্তৰ প্ৰদেশৰ পিছতে মহাৰাষ্ট্ৰ দ্বিতীয় বৃহৎ ৰাজ্য হিচাপে চিহ্নিত হয়৷ যাৰ ফলত শিৱসেনাৰ দৰে এটি শক্তিশালী ৰাজনৈতিক দলে অকলে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাটো বিজেপিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷