ডিজিটেল ডেস্কঃ সীমা ঠেলি ভাৰতৰ ভিতৰলৈ সোমাই নোলোৱা হ'ল চীনৰ সেনা। ডোকালামৰ উত্তেজনাই চৰম ৰূপ পৰিগ্ৰহ কৰাৰ সময়তে লেহৰ সীমান্তৰে মঙলবাৰে দেশখনৰ জোৱানে আগ্ৰাসনৰ চেষ্টা চলাইছিল।

পিছে ভাৰতীয় সেনাই ততালিকে দেশখনৰ সৈনিকক আঁতৰাই পঠিয়াবলৈ সক্ষম হয়। সাম্প্ৰতিক তথ্য অনুসৰি এতিয়াও ভাৰতৰ ভূ-খণ্ডত অৱস্থান কৰি আছে চীনৰ পিপলছ লিবাৰেছন আৰ্মীৰ ১৫ জোৱানে।

অৰ্ধশতাধিক সেনাক ভাৰতীয় সীমান্তৰক্ষীয়ে খেদি পঠিয়াইছে যদিও কেবাজনো আঁকোৰগোজ চীনা সৈন্যই উত্তেজনাৰ সূচনা কৰিছে।

লাডাখত অৱস্থান লোৱা চীনা জোৱানক চৌদিশৰ পৰা ঘেৰি ৰাখিছে ভাৰতীয় সেনাই। তদুপৰি সাজু কৰি ৰখা হৈছে যুদ্ধাস্ত্ৰ।

প্ৰকাশিত বাতৰি মতে, স্বাধীনতা দিৱসৰ দিনাই লাডাখত দুই দেশৰ সেনাৰ মাজত শিল দলিয়াদলি হয়। এই শিল দলিয়াদলিত এজন ভাৰতীয় জোৱান সামান্য পৰিমাণে আহত হয়।

ইফালে এই ঘটনাৰ পিছতে বুধবাৰে দুই দেশৰ সেনাৰ শীৰ্ষ বিষয়াসকলে এক আলোচনাত মিলিত হয়। অৱশ্যে আলোচনাত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।