উচ্চতম ন্যায়ালয়ৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰা ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মদন লকুৰে ভাৰতৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰালৈ পূৰ্ণ আদালত বহুওৱাৰ আহ্বান জনাই পুনৰাই লিখিলে পত্ৰ  

ডিজিটেল ডেস্কঃ দেশৰ ন্যায়পালিকা আৰু বিচাৰক সকলৰ নিৰপেক্ষতা সাংবিধানিক পন্থাৰে চলা ভাৰতবৰ্ষৰ বাবে হৃদপিণ্ডস্বৰূপ। ন্যায়াধীশসকল স্বতন্ত্ৰতাৰে দায়িত্ব পালন কৰিব নোৱাৰিলে বিচাৰকাৰ্যও নিৰপেক্ষ হৈ নাথাকিব। এনেধৰণৰ কেতবোৰ স্পৰ্শকাতৰ বিষয়ক লৈ শেহতীয়াকৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিততে ন্যায়ালয়ৰ মৰ্যাদা অটুত ৰখাৰ পোষকতা কৰা জ্যেষ্ঠ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মদন লকুৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে।

ন্যায়ৰ প্ৰাণকেন্দ্ৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আনুষ্ঠানিক সমস্যা আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ ভেঁটিস্বৰূপ সৰ্বোচ্চ ন্যায়ালয়খনৰ ভবিষ্যত সম্পৰ্কে আলোচনাৰ বাবে পূৰ্ণ আদালত বহুওৱাৰ পোষকতা কৰিছে ন্যায়াধীশদ্বয়ে। প্ৰণিধানযোগ্য যে দুয়োগৰাকী ন্যায়াধীশেই সৰ্বোচ্চ ন্যায়ালয়খনৰ কলজিয়ামৰ সদস্য। 

ন্যায়াধীশ ৰঞ্জন গগৈ

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে সাতোটাকৈ বিৰোধী দলে উত্থাপন কৰা মহাভিযোগ সোমবাৰে পুৱা উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে নাকচ কৰাৰ দুদিন পিছতে এনে এক প্ৰস্তাৱ উত্থাপন কৰিছে জ্যেষ্ঠ ন্যায়াধীশদ্বয়ে। পূৰ্ণ আদালত বহুওৱাৰ বাবে আহ্বান জনোৱা দুশাৰীত লিখা চুটি পত্ৰখন দেওবাৰে প্ৰেৰণ কৰা হৈছিল যদিও এতিয়ালৈ মুখ্য ন্যায়াধীশৰ তৰফৰ পৰা কোনোধৰণৰ সঁহাৰি অহা নাই।  

উল্লেখ্য যে ইয়াৰ আগেয়েও দুখনকৈ পত্ৰ মুখ্য ন্যায়ধীশগৰাকীৰ ওচৰত দাখিল কৰা হৈছে। বিগত সপ্তাহত দাখিল কৰা পত্ৰ দুখনত ন্যায়ালয়খনত চৰকাৰৰ অযৌক্তিক হস্তক্ষেপৰ পৰা মুক্ত কৰি সুৰক্ষিত কৰি তোলাৰ বাবে সকলো ন্যায়াধীশৰ বৈঠকৰ আহ্বান জনোৱা হৈছিল।

ন্যায়াধীশ ভীমৰাও মদন লকুৰ

২১ মাৰ্চত সৰ্বোচ্চ ন্যায়ালয়খনৰ আটাইতকৈ বয়োজেষ্ঠ ন্যায়াধীশ জাষ্টি চেলামেশ্বৰে উচ্চ ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিত চৰকাৰী হস্তক্ষেপৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে পূৰ্ণ আদালত বহুওৱাৰ পোষকতা কৰি সকলো ন্যায়াধীশলৈ পত্ৰ লিখিছিল। এগৰাকী ন্যায়িক বিষয়াক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে 

কলজিয়ামে পুনৰাই নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পোনপটীয়াকৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ক বিষয়াগৰাকীৰ অনুসন্ধানৰ নিৰ্দেশ দিয়াৰ পিছতেই বয়োজ্যেষ্ঠ ন্যায়াধীশ চেলামেশ্বৰে সেই পত্ৰখন লিখিছিল। তাৎপৰ্যপূৰ্ণভাবে সেইখন পত্ৰৰো কোনো সঁহাৰি এতিয়ালৈ দিয়া নাই মুখ্য ন্যায়াধীশ মিশ্ৰাই।        

পূৰ্ণ আদালত নবহুৱালেও তাৰ বিকল্প হিচাপে সাতজনীয়া ন্যায়াধীশৰ বিচাৰপীঠ গঠন কৰি সৰ্বোচ্চ ন্যায়ালয়খনত কে এম জোচেফ আৰু ইন্দু মালহোত্ৰাৰ নিযুক্তিক চৰকাৰী হস্তক্ষেপৰ বিষয়টো আলোচনা কৰাৰ বাবে ন্যায়াধীশ মিশ্ৰালৈ ৯ এপ্ৰিলত পত্ৰ লিখিছিল আন এজন ন্যায়াধীশ কুৰিয়ান জোচেফে। পত্ৰখনত চৰকাৰে শক্তিৰ অপব্যৱহাৰ কৰাৰ কথা মুকলিকৈ লিখিছিল ন্যায়াধীশ কুৰিয়ানে। 

চাৰিগৰাকী ন্যায়াধীশে ন্যায়পালিকাৰ কাৰ্যপ্ৰণালীৰ ওপৰত চিন্তনীয় দিশ উন্মোচন কৰি ২০১৭ বৰ্ষৰ ডিচেম্বৰ মাহত যুটীয়াকৈ পত্ৰ লিখাৰ পিছৰে পৰা ভিতৰচ’ৰাত চলি থকা পৰিস্থিতিয়ে গণতান্ত্ৰিক দেশখনৰ ন্যায়পালিকাৰ স্বাধীনতাৰ ওপৰত সাধাৰণ নাগৰিককো সন্দিহান কৰি তুলিছে। 

জনমানসত ভাৰতীয় গণতন্ত্ৰত আটাইতকৈ উচ্চ স্থান লাভ কৰি অহা ন্যায়পালিকাখনক স্বতন্ত্ৰ কৰি ৰখাৰ উদ্দেশ্যে এনেদৰে ইখনৰ পিছত সিখন পত্ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰেৰণ কৰি থকা হৈছে যদিও কোনোধৰণৰ সঁহাৰি নিদিয়াৰ ফলত বিষয়টো অধিক জটিলতাৰ ফালে গতি কৰিছে।