ডিজিটেল ডেস্কঃ পাকিস্তানক দীপাৱলীৰ উপহাৰ দিলে ভাৰতে৷ চিকিৎসাৰ বাবে ভাৰতলৈ আহিব খোজা পাকিস্তানৰ নাগৰিকক ভাৰতে ভিছা দিব বুলি বৃহস্পতিবাৰে বিদেশমন্ত্ৰী সুষমা স্বৰাজে ঘোষণা কৰে৷ ভিজা দিয়াৰ পুৰ্বে ৰোগীৰ ভাৰতত চিকিৎসা কৰোৱাৰ প্ৰয়োজন সন্দৰ্ভৰ দিশটো চাই লব ভাৰতে৷ বৃহস্পতিবাৰে টুইট কৰি এই কথা জনায় বিদেশমন্ত্ৰী সুষমা স্বৰাজে৷

যিসকলে চিকিৎসাৰ বাবে ভিছা বিছাৰিছে আৰু যিসকলক খুবেই প্ৰয়োজন তেওলোকৰ আবেদন শীঘ্ৰে মঞ্জু কৰাৰ কথা উল্লেখ কৰে সুষমাই৷ বুধবাৰে পাকিস্তানৰ কাছিফ নামৰ লোকজনৰ আবেদন মঞ্জুৰ কৰাৰ নিৰ্দেশ দিছিল ইছলামবাদৰ ভাৰতীয় উচ্চ আয়ুক্তক৷ লিভাৰ ট্ৰান্সপ্লান্টৰ পৰবৰ্তি পৰীক্ষাৰ বাবে পুত্ৰ আব্দুলাক ভাৰতলৈ লৈ অহাৰ বাবে টুইট কৰিছিল কাছিফে৷

কাছিফৰ টুইটৰ উত্তৰত সুষমাই কয় "আপোনাৰ সন্তানৰ চিকিৎসাত কোনো ধৰণৰ বাধা নাহে৷ মই ভাৰতীয় উচ্চ আয়ুক্তক নিৰ্দেশ দিছো চিকিৎসাৰ ভিছা দিবৰ বাবে"৷ ইয়াৰ লগতে দিল্লীত চিকিৎসাধীন পিতৃক এবাৰ চাবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল পাকিস্তানৰ আমনা চামিনে৷ তাৰ লগে লগে উত্তৰ দি সুষমাই ভাৰতৰ উচ্চ আয়ুক্তৰ সৈতে যোগোযোগ কৰিবলৈ কৈ ভিছা মঞ্জুৰ কৰা হ’ব বুলি কয়৷ দুয়ো দেশৰ তিক্ততাপূৰ্ণ সম্পৰ্ক থাকিলেও চিকিৎসাৰ ক্ষেত্ৰত কোনো লোকে অসুবিধাত পৰিব নালাগে এই ক্ষেত্ৰত সদায় সজাগ ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা৷