newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰসিদ্ধ অৰ্থনীতিবিদ অৰ্মত্য সেনে ২০১৪ চনৰ পিছত ভাৰত ভুল ৰাস্তাৰে গতি কৰা বুলি মন্তব্য প্ৰকাশ কৰে৷ ভাৰত দ্ৰুত গতিত অৰ্থ ব্যৱস্থা আগুৱাই যোৱা দেশ হোৱাৰ পিছতোঁ ২০১৪ চনৰ পিছত ভুল পথেৰে দীঘলীয়া জাপ দিছে৷ পিছুৱাই যোৱা দেশৰ ভিতৰত ভাৰত দ্বিতীয় খন দেশ৷

অৰ্মত্য সেনে কয় ‘‘কিছু বেয়া হৈছে৷ ২০১৪ চনৰ পিছত ভুল পথেৰে দীঘলীয়া জাপ দিছে ভাৰতে৷ আমি দ্ৰুত গতিত আগবঢ়া অৰ্থ ব্যৱস্থা আছিলোঁ৷ এতিয়া পিছুৱাই আহিছোঁ৷’’

নোবেল পুৰস্কাৰ বিজেতা আগশাৰীৰ অৰ্থনীতিবিদ অৰ্মত্য সেনৰ ‘ভাৰত আৰু ইয়াৰ বিৰোধিতা’ গ্ৰন্থ উন্মোচনৰ মুহূৰ্তত এই কথা উল্লেখ কৰে৷

তেওঁ আৰু কয় যে ২০ বছৰৰ পূৰ্বে ৬ খন দেশ ভাৰত, নেপাল, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু ভূটানৰ ভিতৰত ভাৰত সকলোতকৈ ভাল স্থিতিত আছিল৷ এতিয়া ভাৰত দ্বিতীয় বিধ্বস্ত দেশ৷ পাকিস্তানে আমাক সকলোতকৈ বেয়া দেশ হোৱাৰ পৰা বছাই ৰাখিছে৷

চৰকাৰে অসমনতা আৰু জাতি ব্যৱস্থাৰ বিষয় নেদেখাৰ ভাঁও ধৰাৰ লগতে অনুসূচীত জনজাতিক ভাগ ভাগ কৰিছে৷ আজিও এনে লোকে শৌচালয় আৰু লেতেৰা হাতেৰে চাফ কৰিব লগা হয়৷ দেখিও নেদেখাৰ ভাঁও ধৰি থকা হৈছে৷  

বিজেপিৰ শাসন কালক উভতি ধৰি তেওঁ আৰু কয় যে, স্বাধীনতাৰ যুদ্ধৰ সময়ত এই কথা মানি লব পৰা বিধৰ নাছিল যে হিন্দুৰ পৰিচয়েৰে ৰাজনীতিৰ যুঁজ কৰিব পৰা যায়৷ এতিয়া প্ৰতিচ্ছবি সলনি হ’ল৷ কিন্তু এতিয়া এয়াই হ’ল৷ এই সময়ত বিৰোধীৰ একতা বহু গুৰুত্বপূৰ্ণ৷ এয়া এক প্ৰতিষ্ঠানৰ বিৰুদ্ধে যুঁজ নহয়৷ এয়া মোডী বনাম ৰাহুল গান্ধীৰ যুঁজ নহয়৷ বিষয় এইহে য়ে ভাৰত কি?