newsnextone.com | ডিজিটেল ডেস্কঃ গোৰক্ষাৰ নামত চলা হিংসা-হত্যাৰ প্ৰতি কঠোৰ হৈ উঠা উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক এই ব্যাধিস্বৰূপ হিংসা প্ৰতিৰোধৰ বাবে পদে পদে সাজু হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এনেধৰণৰ ঘটনা গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি মঙলবাৰে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাৰ আদালতে কয় যে প্ৰতিখন ৰাজ্যই এইক্ষেত্ৰত দায়িত্বশীল হোৱা উচিত।      

দীপক মিশ্ৰাৰ লগতে ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ৰ তিনিজনীয়া বিচাৰপীঠখনে কয় যে এয়া আইন-শৃংখলাৰ বিষয়। গোৰক্ষাৰ নামত দৰাচলতে ৰাজহুৱা হিংসাই প্ৰশ্ৰয় লয়। এনেধৰণৰ হিংসাজনিত কাৰ্যকলাপৰ মষিমুৰ কৰিবলৈ নিৰ্দেশনাৱলীৰো পৰামৰ্শ দিয়ে সৰ্বোচ্চ ন্যায়ালয়খনে। 

উল্লেখ্য যে, ২০১৭ বৰ্ষত সৰ্বোচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰা, ন্যায়াধীশ অমিতাভ ৰয় আৰু এ এম খানৱিলকাৰৰ দ্বাৰা গঠিত বিচাৰপীঠখনে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহক গোৰক্ষাজনিত হত্যা-হিংসা প্ৰতিৰোধৰ বাবে কঢ়া পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল৷ মঙলবাৰে পুনৰাই নৱগঠিত বিচাৰপীঠখনে কয় যে এক পৰিকল্পিত আৰু সুসংহত কাৰ্যপন্থাৰ জৰিয়তে চৰকাৰে এনে হিংসা-হত্যা ৰোধ কৰিব লাগিব৷ 

তিনিখন ৰাজ্য ক্ৰমে ৰাজস্থান, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত গোৰক্ষাৰ নামত হৈ থকা হিংসাৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ সৰ্বোচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ ৰাজ্য চৰকাৰে আওকাণ কৰাৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়খনে তিনিওখন ৰাজ্যৰে চৰকাৰক সুদুত্তৰ দিয়াৰ বাবে সোঁৱৰাই দিয়ে৷ উক্ত ৰাজ্যকেইখনে সৰ্বোচ্চ ন্যায়ালয়খনৰ নিৰ্দেশ আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰি সমাজকৰ্মী তুষাৰ গান্ধীয়ে ২০১৭ চনৰ ৬ ছেপ্তেম্বৰত দাখিল কৰা আদালত অৱমাননাৰ আবেদনৰ সঁহাৰি দি ন্যায়ালয়ে এনেদৰে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়ে৷