newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ চৰকাৰে শিশু, কন্যা, কিশোৰীক ধৰ্ষণ-যৌন নিৰ্যাতন চলোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইন প্ৰনয়ন কৰি অপৰাধীক ফাঁচী দিয়াৰ ব্যৱস্থা কৰাৰ লগতে মৃত্যু পৰ্যন্ত কাৰবাসৰ ব্যৱস্থা কৰাৰ সময়তে দেশৰ আন এটা গোচৰত আদালতে যাৱজ্জীৱন কাৰদণ্ডৰ নিৰ্দেশ দিয়ে৷ 

নজিৰ সৃষ্টি কৰি এখন আদালতে মাথো ৩০ দিনত এটি গোচৰ নিষ্পত্তি কৰি গোচৰৰ ৰায় প্ৰদান কৰে৷ ৫ কিশোৰী ধৰ্ষণকাৰীক ৩০ দিনৰ ভিতৰতে শাস্তি দিলে আদালতে৷ উড়িষ্যাৰ চম্বলপুৰৰ ৫ ধৰ্ষণ কাণ্ডৰ দোষীক যাবজ্জীৱন কাৰদণ্ড বিহে আদালতে৷ যোৱা ৩ মে’ত উড়িষ্যাৰ চম্বলপুৰত ১৬ বছৰৰ কিশোৰীক ধৰ্ষণ কৰে প্ৰমেকি আৰু প্ৰেমিকৰ বন্ধুৱে মিলি৷ 

এই ঘটনাক সহজে লব নোৱাৰি ২৩ মে’ত কিশোৰীয়ে আত্মহত্যা কৰে৷ তাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত আফজাল আৰু তেওঁৰ বন্ধুক আটক কৰে৷ যোৱা প্ৰায় ২৯টা দিন আদালতত নিতৌ শুনানি অনুষ্ঠিত হয় গোচৰৰ৷ 

যোৱা শনিবাৰে এই গোচৰৰ অন্তিম শুনানি অনুষ্ঠিত হয়৷ শনিবাৰে পুৱাৰে পৰা ১৪ ঘণ্টা শুনানি অনুষ্ঠিত কৰি নিশা ১০ বজাত আদালতে শাস্তিৰ ৰায় প্ৰদান কৰে৷ জানিব পৰা মতে ঘটনাৰ মূল অভিযুক্ত আছিল আফজাল৷ আফজালে কিশোৰীক নিজে ধৰ্ষণ কৰাৰ লগতে অন্য বন্ধুক মাতি আনি ধৰ্ষণ কৰাৰ সুবিধা দিছিল৷ 

শনিবাৰে পুৱা ৭.৩০ৰ পৰা শুনানি অনুষ্ঠিত কৰিছিল৷ সক্ষ্য গ্ৰহণ কৰিছিল ২১ জনৰ৷ অভিযুক্ত এগৰাকী নাবালক আছিল৷ ইমান সোনকালে উড়িষ্যাৰ কোনো গোচৰৰ ৰায় প্ৰদান কৰি হোৱা নাছিল যদিও ধৰ্ষণকাণ্ডৰ ৰায় প্ৰদান কৰি অন্য এক ইতিহাস ৰচনা কৰে আদালতে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই শিশু-কিশোৰী ধৰ্ষণ কাণ্ডৰ বিচাৰ সোনকালে কৰিবলৈ নিৰ্দেশ দিছিল দেশৰ সকলো আদালতক৷