newsnextone.com | ডিজিটেল ডেস্কঃ সম্প্ৰতি ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক লগাই ২৪১ মিলিয়ন ডলাৰ আদায় কৰাৰ বাবে কৌশল গ্ৰহণ কৰিছিল মাৰ্কিন প্ৰশাসনে৷ 
কিন্তু এইবাৰ তাৰ প্ৰত্যুত্তৰ দিলে ভাৰত চৰকাৰে৷ ৩০ টা মাৰ্কিন উৎপাদিত সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে মোডী চৰকাৰে৷ সেই মতে তালিকা প্ৰস্তুত কৰি WTOৰ ওচৰত জমাও দিছে চৰকাৰে৷

যোৱা মাৰ্চ মাহত ভাৰতীয় ষ্টীল আৰু এলুমনিয়াম সামগ্ৰীৰ ওপৰত আমেৰিকাই অতিৰিক্ত শুল্ক লাগু কৰিছিল৷ যাৰ ফলত ভাৰতৰ ব্যৱসায়ীসকল লোকচানৰ সন্মুখীন হৈছিল৷ কিন্তু তাৰ বিপৰীতে ২৪১ মিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰিছিল ৱাছিংটনে৷ তাৰ পিছতে আমেৰিকা চৰকাৰক প্ৰত্যুত্তৰ দি মাৰ্কিন সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক বৃদ্ধি কৰে ভাৰতে৷

উল্লেখ্য যে, যোৱা মাহতেই আপেল, বাদাম, মটৰচাইকেল সহ ২০ বিধ মাৰ্কিন উৎপাদিত সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰিছিল ভাৰত চৰকাৰে৷ যাৰ ফলত জি-৭ বৈঠকৰ অন্তত সাংবাদিক সন্মিলনত মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প৷ কিন্তু এইবাৰ ভাৰত চৰকাৰৰ সিদ্ধান্তৰ পিছত মাৰ্কিন প্ৰশাসনে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে, সেয়া সময়ে ক’ব৷

২০১৬-১৭ বিত্তীয় বৰ্ষত ৪২.২১ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ আমেৰিকান উৎপাদিত সামগ্ৰী ভাৰত চৰকাৰে আমেৰিকাৰ পৰা ক্ৰয় কৰিছিল ইয়াৰ বিপৰীতে প্ৰায় ২২.৩ বিলিয়ন মাৰ্কিন ডলাৰৰ ভাৰতীয় সামগ্ৰী আমেৰিকাই ক্ৰয় কৰিছিল৷