ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী কুটাঘাতৰ ক্ষেত্ৰত ইৰাক আৰু আফগানিস্থানৰ পিছতে নাম আছে ভাৰতৰ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সদ্য প্ৰকাশিত এক প্ৰতিবেদন মতে ২০১৬ চনত বিশ্বৰ সন্ত্ৰাসবাদী কুটাঘাত আটাইতকৈ বেছি সংঘটিত হোৱা দেশৰ তালিকাত উক্ত দেশ দুখনৰ পিছতে আছে ভাৰতৰ নাম৷ 

উল্লেখ্য যে এই স্থানত পূৰ্বে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ নাম আছিল৷ দেশখনত সন্ত্ৰাসবাদী কুটাঘাতৰ ফলত মৃত্যু হোৱা আৰু আঘাতপ্ৰাপ্ত লোকৰ সংখ্যাৰ ফালৰ পৰা তৃতীয় স্থানলৈ উন্নীত হৈছে ভাৰত৷ মাৰ্কিন ৰাজ্যিক দপ্তৰে তৈয়াৰ কৰা তথ্যত এই কথা প্ৰকাশ৷

২০১৬ বৰ্ষৰ বিশ্বৰ মূঠ ১১,০৭২ টা সন্ত্ৰাসবাদী কুটাঘাতৰ ঘটনাৰ ভিতৰত ৯২৭ টাই ভাৰতত সংঘটিত হৈছে৷ মৃতকৰ সংখ্যাও ২০১৫ বৰ্ষৰ ২৮৯ জনৰ  তুলনাত বৃদ্ধি হৈ ৩৩৭ জন হৈছেগৈ৷ 

ইয়াৰ বিপৰীতে পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণৰ সংখ্য ২৭ শতাংশ কমিছে৷ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ ফালৰ পৰা দেশখনত ২০১৫ বৰ্ষৰ ১০১০ ৰপৰা ১৬ বৰ্ষত ৭৩৪ টা হৈছেগৈ৷ সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপ সংক্ৰান্ত অধ্যয়নৰ এই তথ্যই দেশত খলকনি তুলিছে৷